নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লিডুৰ কয়লাখনিত শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ চোৰাং কয়লাৰ ৰমৰমীয়া বেহা উজনি অসমৰ মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন স্থানত বৰ্তমানেও অব্যাহত আছে৷ ৰাজনৈতিক আশীষধন্য এচাম সয়ম্ভু নেতাৰ ছত্ৰছায়াত মাৰ্ঘেৰিটাৰ নামদাং, বৰগোলাই , লিডুৰ চিনাবস্তি, নামটক, জৰ্ণাবস্তি, মোলং, টেলখাতবস্তি, টিৰাপ ৬ নং আদি অঞ্চলত কয়লাৰ অবৈধ বেহা চলি থকাৰ তথ্য পোৱা গৈছে ৷ চৰকাৰ তথা মাৰ্ঘেৰিটা লিডু আৰক্ষী প্ৰশাসনৰ চৰম সোপাঢিলা নীতিৰ বাবে কয়লা মাফিয়াই চৰম সীমা চেৰাই যোৱাৰ উপক্ৰম ঘটিছে ৷ কোন আৰক্ষী ! কোন প্ৰশাসন ? সকলোকে অঙ্গুষ্ঠ প্ৰদৰ্শন কৰি এচাম কয়লাচুৰে লিডুৰ বিভিন্ন স্থানত অবৈধ ভাৱে গঢ়ি তুলিছে কয়লাৰ বহু অবৈধ খনি (খাদান) ৷ বিভিন্ন পক্ষক মেনেজ কৰি কয়লা চোৰে কয়লাৰ বৃহৎ চিণ্ডিকেট গঢ়ি তুলাৰ ভয়ঙ্কৰ তথ্য পোহৰলৈ আহিছে৷ বিভিন্ন সময়ত অবৈধ ভাৱে গঢ়ি উঠা কয়লা খনি সমূহত ভুমিস্খলন তথা মিথেইন গেছ নিৰ্গত হৈ বহু শ্ৰমিকৰ মৃত্যু হয়৷ সমান্তৰালকৈ কয়লা কঢ়িয়াবলৈ যাওতে পাহাৰৰ দুৰ্গম এলেকাৰ পৰা পৰি বহু শ্ৰমিকৰ মৃত্যু হয় ৷ তাৰে বহু দুৰ্ঘটনা গোপনে কয়লা মাফিয়াই গাপ দি ৰাখিবলৈ চেষ্টা চলাই যদিওঁ একাংশ ঘটনা পোহৰলৈ আহে ৷ তেনে এক ঘটনা পুনৰ সংঘটিত হয় লিডুৰ কয়লাখনিত৷ আজি লিডুৰ টিৰাপ কলিয়ৰীত কয়লা চুৰি কৰিবলে গৈ পুনৰ মৃত্যুক আকোৱালি লয় এজন শ্ৰমিকে৷ শ্ৰমিক জন বৰডুমছাৰ জনৈক সুৰজ বুলি জানিব পৰা গৈছে৷ যুৱকজনৰ মৃতদেহ স্থানীয় একাংশ ব্যক্তিয়ে প্ৰত্যক্ষ কৰাৰ পাছতেই চাঞ্চল্যকৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলটোত৷ লিডুৰ কয়লা খনিত ইজনৰ পিছত সিজন শ্ৰমিক মৃত্যু হয় যদিও বহু ঘটনা গাপ দিবলৈ চেষ্ঠা কৰে কয়লা মাফিয়াই ৷ লিডুৰ ভিন্ন অঞ্চলত এফালে যদি চলি আছে কয়লা মাফিয়াৰ দপদপনি আনফালে কিন্তু কয়লা শ্ৰমিকৰ ৰহস্যজনক মৃত্যুয়ে বহু ৰহস্য ফাদিল কৰিছে ৷ লিডুৰ কয়লা খনিত শ্ৰমিকৰ মৃত্যু এইয়া প্ৰথম ঘটনা নহয় যদিওঁ আৰক্ষীৰ নিৰৱ ভুমিকাক সমালোচনা কৰিছে সচেতন মহলে৷ লিডু আৰক্ষীৰ নিক্ৰিয় ভূমিকাৰ বাবেই সঘনাই এনে ঘটনা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ বহুজনৰ৷

প্ৰেৰক মানস প্ৰতিম গগৈ

You might also like