নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা

বিশেষ বাৰ্তা, ৪ ছেপ্টেম্বৰঃ হত্যা-ধৰ্ষণৰ এক ঘটনাই জোকাৰি গৈছে ডিব্ৰুগড়। প্ৰথমে দলবদ্ধ ধৰ্ষণ এগৰাকী কিশোৰীক আৰু তাৰ পাছতেই হত্যাৰ সন্দেহ। ডিব্ৰুগড়ত কালি নিশা সংঘটিত এই লোমহৰ্ষক শিহৰণকাৰী ঘটনাই সমগ্ৰ জিলাতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।ডিব্ৰুগড় চহৰৰ উপকণ্ঠ বাণীপুৰত কালি নিশাই দলবদ্ধ ধৰ্ষণৰ ঘটনা সংঘটিত হয় যদিও ঘটনাৰ সবিশেষ আজিহে পোহৰলৈ অহাত সকলো হতভম্ব হৈ পৰে। ডিব্ৰুগড় আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ প্ৰাৰম্ভিক তদন্ত কৰি ভাৰতীয় দণ্ডবিধিৰ ৩০২/৩৬৭(ডি) ধাৰাত অধীনত ডিব্ৰুগড় সদৰ থানাৰ ৪৭২/২৩ গোচৰত আৰক্ষীয়ে ঘটনাস্থলীৰ অঞ্চলৰ পৰাই সন্দেহবশতঃ চাৰি যুৱকক গ্ৰেপ্তাৰ কৰিছে।আৰক্ষীৰ সূত্ৰ অনুসৰি ধৰ্ষণ কাৰী চাৰিটা হল- বিশ্বজিৎ বাক্সী, কিশোৰ বাউৰী, ৰূহিত ৰবি দাস সহ আন এটা নাবালক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ইফালে দলবদ্ধ ধৰ্ষণৰ বলি হৈ শেষত হত্যা কৰা কিশোৰী গৰাকীৰ পৰিচয় বৰ্তমানলৈকে উদ্ধাৰ নোহোৱাত বহু প্ৰশ্নৰ অৱতাৰণা হৈছে। ঘটনা সন্দৰ্ভত আজি ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাপৰি চেতিয়াই সংবাদ মাধ্যমৰ আগত কয় যে ডিব্ৰুগড়ৰ বাণীপুৰৰ ঢেকেৰী গাঁৱত এগৰাকীয়ে আত্মহত্যা কৰাৰ খবৰ যোৱা নিশা ৭ বজাত লাভ কৰাৰ লগে লগেই আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বে কিশোৰী গৰাকীৰ দেহটো বিছনাত শুৱাই থৈছিল।কিশোৰী গৰাকী মনি ৰাজুৱাৰ নামৰ এগৰাকীৰ লগত আছিল।ঘটনাৰ সময়ত ঘৰত মনি নাছিল বুলি উল্লেখ কৰি চাৰি গৰাকীক ঘটনা স্থানৰ ওচৰৰ পৰাই তদন্তৰ বাবে গ্ৰেপ্তাৰ কৰা বুলি সদৰী কৰে।ধৰ্ষণৰ বিষয়টো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পাছতহে স্পষ্ট হব বুলি জানিবলৈ দিয়ে অতিৰিক্ত আৰক্ষী অধীক্ষক চেতিয়াই। ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় ৫ কি:মি: নিলগৰ পূৱ বাণীপুৰ সংযোগী পথৰ এটা উপপথতেই সংঘটিত হৈছে এই ভয়ানক ঘটনা। সম্পূৰ্ণ আৱাসী এলেকাৰে পৰিপুষ্ট অঞ্চলৰ এটা মুৰত টিনৰ চালি দিয়া এটা কেচা ঘৰৰ এটা কোঠাত মনি ৰাজুৱাৰ থকাৰ বিপৰীতে আনটো কোঠাত মনিৰ বৌয়েক(?)থাকে। উল্লেখ্য যে কিশোৰী গৰাকী তিনিচুকীয়া জিলাৰ মাকুমৰ পৰা আহি বিগত ৩ মাহে বাণীপুৰৰ উক্ত অঞ্চলৰ মণি ৰাজুৱাৰৰ গৃহত আছিল। ইফালে কালি সন্ধ্যা ভাগতে ঘটনা সংঘটিত হয় যদিও আৰক্ষীয়ে নিশা ৭:১০ বজাত ঘটনাৰ খবৰ পায়। তদন্তৰ বাবে যোৱা আৰক্ষীয়ে কিশোৰী গৰাকীয়ে আত্মহত্যা কৰা অৱস্থাত প্ৰত্যক্ষ নকৰি বিছনাত সাধাৰণভাবে শুই থকা অৱস্থাত প্ৰত্যক্ষ কৰে।কোঠাৰ ভিতৰত সকলো বয়-বস্তু সঠিকভাৱে নথকাৰ লগতে কিছু কাপোৰ,বেগ,চেণ্ডেল আদি সিচঁৰিত হৈ থকাৰ বিপৰীতে কোনো আপত্তিজনক সামগ্ৰী উদ্ধাৰ হোৱা নাই বুলিও আৰক্ষীৰ সূত্ৰত প্ৰকাশ।ইফালে কোঠাত পুৰুষ আৰু মহিলাৰ কিছু অৰ্ন্তবাস সিচৰিত হৈ থকা বুলিও একাংশ প্ৰত্যক্ষদৰ্শীয়ে কব বিছাৰে। আনহাতেদি ঘটনা সংঘটিত হোৱাৰ সময়ত ৰহস্যজনকভাবে মণি ঘৰৰ পৰা ওলাই গৈছিল।স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি উক্ত গৃহত অৰ্থাৎ মনি ৰাজুৱাৰৰ ঘৰত প্ৰায়ে বাহিৰা লোকৰ আগমনত জুৱা খেলি, মদ,ভাঙ খাই এক হুলস্থূলীয়া পৰিৱেশৰ স্বৃষ্টি কৰি সামাজিক বাতাৱৰণ বিনষ্ট হোৱাৰ কথা ৰাইজে উল্লেখ কৰে।যাৰ ফলত স্থানীয় ৰাইজে ৰাজুৱাৰক কেইবাবাৰো উত্তম মাধ্যম শোধাইছিল যদিও পৰকিতি নলৰিল বুলি সজোৰে ব্যক্ত কৰে।জানিব পৰা অনুসৰি কালি দিনৰ ভাগৰে পৰা উক্ত গৃহত বহু লোকৰ উপস্থিতি আছিল।আনহাতে বিগত তিনি মাহ ধৰি ৰাজুৱাৰৰ লগত একেলগে থকাৰ পাছতো কিশোৰী গৰাকীৰ নাম-ঠিকনা একো সঠিকভাৱে ক’ব নোৱাৰাতোৱে বহু ৰহস্যৰ সৃষ্টি কৰিছে। স্বাভাবিকতেই বাণীপুৰৰ বৃহত্তৰ অঞ্চলত নিশা নিৰ্জনতাৰ সুযোগ লৈ যথেষ্ট অসামাজিক কাৰ্যকলাপ সংঘটিত হৈ আহিছে।যাৰ বাবে কালি ফুট গধূলিলে সংঘটিত এই ঘটনাই আৰক্ষীয়ে জনসাধাৰণক নিৰাপত্তা দিব পৰা দিশটো পুনৰ উদঙাই দিয়াৰ প্ৰশ্ন উঠাৰ পাছতে আৰক্ষীয়ে কিন্তু এইয়া দূৰ্ভাগ্যজনক বুলি কৈয়ে একপ্ৰকাৰ সামৰিলে নিৰাপত্তাৰ দিশটোৰ দ্বায়িত্ব। অৱশ্যে ১৭ বছৰীয়া কিশোৰী গৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে। আৰক্ষীৰ প্ৰকৃত তদন্তৰ অন্ততহে এই ঘটনা কিয় সংঘটিত হল,সেয়া পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

প্ৰেৰক বিভাস দুৱৰা

You might also like