বিশেষ বাৰ্তা, ৪ ছেপ্টেম্বৰঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ৰ আৰ্তজনৰ কাষত থিয় হৈ সহায়ৰ হাত আগবঢ়াই এক মহানুভৱতাৰ পৰিচয় দাঙি ধৰিলে। এক জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ডিব্ৰুগড়ৰ মৰাণ সমষ্টিৰ জামিৰা গজাই গাঁৱৰ কংকনা সোনোৱালৰ পৰিয়ালে সুচিকিৎসাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক কান্দি কান্দি সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছিল। কংকনাৰ জটিল ৰোগ মানে তেওঁৰ দুয়োটা কিডনীয়েই প্ৰায় বিকল হৈ পৰিছে। চিকিৎসকৰ পৰামৰ্শ — কিডনী ট্ৰেঞ্চপ্লেন্ট অবিহনে তেওঁৰ আৰু কোনো বিকল্প নাই। স্বামী সুনীল সোনোৱালে পত্নী কংকনা সোনোৱাল (৩১)ৰ চিকিৎসাৰ বাবে মাটি-সম্পতিকে ধৰি ঘৰৰ সকলো সামগ্ৰী ইতিমধ্যে বিক্ৰী কৰি শেষ কৰিছে। নিজৰ এটা কিডনী পত্নীক দি সহায় কৰিবলৈ আগবাঢ়িও কিডনী ট্ৰেছপ্লেন্টৰ সেই ব্যয়বহুল বিষয়টোৰ বাবে থমকি ৰ’ব লগীয়া হৈছে স্বামী সুনিল সোনোৱাল।আনহাতে দিন যিমানে আগবাঢ়ি গৈছে সিমানে জটিল হৈ পৰিছে পত্নীৰ স্বাস্থ্য।ডিব্ৰুগড় জিলাৰ মৰান সমষ্টিৰ এই দৰিদ্ৰ পৰিয়ালটোৰ লোকে কান্দি কান্দি চৰকাৰ তথা অসমবাসী ৰাইজৰ ওচৰত কাতৰ আহ্বান জনোৱা আৰু পৰিয়ালটোৰ সকলো দুৰ্দশাৰ কথা ‘নিয়মীয়া বাৰ্তা’ কাকতত প্ৰকাশ পোৱাৰ পাছতেই বিজেপিৰ ডিব্ৰুগড় জিলা উপ সভাপতি অসীম হাজৰিকাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সমগ্ৰ বিষয়টো অৱগত কৰে।ইয়াৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে তৎপৰতা প্ৰদৰ্শন কৰি তাৎক্ষনিকভাৱে কংকণা সোনোৱালৰ পৰিয়ালক যোগাযোগ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰাত স্বামী সুনীল সোনোৱালে ডিব্ৰুগড়ত উপস্থিত হোৱা মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পৰিয়ালটোক চিকিৎসা বাবে ‘মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজি’ৰ পৰা উন্নত চিকিৎসাৰ বাবে সহায় হোৱাকৈ ততাতৈয়াকৈ ১ লাখ টকাৰ এখন চেক প্ৰদান কৰে আৰু ২৪ ঘন্টাৰ ভিতৰত দুৰ্ভগীয়া পৰিয়ালটিৰ বাসগৃহত সাক্ষাৎ কৰি ডিব্ৰুগড় জিলা উপ সভাপতি অসীম হাজৰিকাক চেকখন দিবলৈ নিৰ্দেশ প্ৰদান কৰে আৰু চেকখনৰ বিষয়ে খবৰ বিয়পি পৰাত অঞ্চলৰ লোক কংকনা সোনোৱালৰ বাসগৃহত উপস্থিত হয় আৰু পৰিয়ালৰ লোকৰ লগতে সমগ্ৰ অঞ্চলৰ সকলোৱে একেমুখে মুখ্যমন্ত্ৰীক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।
প্ৰেৰক বিভাস দুৱৰা