নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰৰ আলহাজ আজিজুল্লা বড়াৰ মৃত্যু

নিয়মীয়া বাৰ্তা,  ৪ ছেপ্টেম্বৰঃ শিৱসাগৰ মেটেকা আমগুৰি গাঁও নিবাসী বিশিষ্ট সমাজকৰ্মী তথা অ এন জি চিৰ অৱসৰ প্ৰাপ্ত বিষয়া আলহাজ আজিজুল্লা বড়া ওৰফে বাবুল (৮৩)ৰ আজি মৃত্যু হয় ৷ আজিজুল্লা বড়া বিগত কিছুদিন ধৰি বাধক্যজনিত কাৰণত অসুস্থ হৈ ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল ৷ তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ পিছতেই বৃহত্তৰ অঞ্চলটোত গভীৰ শোঁকৰ ছা পৰে ৷ এগৰাকী অত্যন্ত নম্ৰ, উদাৰ মনৰ ,তথা ধৰ্মপ্ৰাণা ব্যক্তি আজিজুল্লা বড়াই তিনিবাৰকৈ পৱিত্ৰ মক্কা শ্বৰীফত হজ সম্পাদন কৰি আহিছিল৷ ২০০৩ চনতেই অ এন জি চিৰ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা আলহাজ আজিজুল্লা বড়াই পৰৱৰ্তী সময়ত অঞ্চলটোৰ বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত থকাৰ লগতে আমগুৰি বৰ মচজিদ পৰিচালনা সমিতিৰো দীৰ্ঘ সময় ধৰি বহু গুৰুত্বপুৰ্ণ পদৱীত থাকি সেৱা আগবঢ়াই আহিছিল ৷ ইহসংহাৰত দুজন পুত্ৰ, এগৰাকী জীয়াৰী, বোৱাৰী, নাতি-নাতিনীসহ এটা ডাঙৰ পৰিয়াল এৰি থৈ যোৱা আজিজুল্লা বড়াৰ জানাজা কাইলৈ পুৱা ১০ বজাত আমগুৰি গাঁও ৰাজহুৱা জানাজা ময়দানত সম্পন্ন কৰা হব ৷ তেওঁৰ মৃত্যুত উজনি অসম মুছলিম কল্যাণ পৰিষদ, ঐক্য সেনা অসম, আমগুৰি বৰ মচজিদ পৰিচালনা সমিতি, আমগুৰি যুৱ জামাত, বিশিষ্ট সমাজকৰ্মী আব্দুল লটিফ (নিতুল), শিৱসাগৰ গৱৰ্ণমেন্ট স্কুলৰ সোণালী দিনৰ সোঁৱৰণ ১৯৯৩-এ গভীৰ শোঁক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like