বিশেষ বাৰ্তা, ৪ ছেপ্টেম্বৰঃ বহু চর্চিত বজালী জিলা আৰক্ষী প্রশাসনৰ কু–কাণ্ডৰ অন্যতম মূল অভিযুক্ত তথা জিলাখনৰ আৰক্ষী অধীক্ষক সিদ্ধার্থ বুঢ়াগোহাঁইক অৱশেষত আজি গ্রেপ্তাৰ কৰে অসম আৰক্ষীৰ অপৰাধ তদন্ত শাখা চমুকৈ চিআইডিয়ে৷ ধৃত বুঢা়গোহাঁইক আজি আদালতত হাজিৰ কৰে চিআইডিয়ে৷ আদালতে তেওঁক পাঁচ দিনৰ চিআইডিৰ জিম্মালৈ প্রেৰণ কৰে৷ বজালীৰ ছুপাৰি ব্যৱসায়ী ৰবিউল ইছলাম ওৰফে ৰুবেলৰ পৰা অবৈধভাৱে পাঁচ কোটি টকা দাবী কৰাৰ অভিযোগত চিআইডিত ৰুজু হোৱা গোচৰৰ ভিত্তিত গ্রেপ্তাৰ কৰা হ’ল সিদ্ধাৰ্থ বুঢ়াগোহাঁইক৷ যোৱা তিনি দিন ধৰি ধনদাবীৰ অভিযোগক লৈ দুয়োজনকে মাৰাথন জেৰা চলোৱাৰ অন্তত আজি আৰক্ষী অধীক্ষক সিদ্ধার্থ বুঢ়াগোহাঁইক গ্রেপ্তাৰ কৰা হয়৷ গ্রেপ্তাৰৰ অন্তিম মুহূর্তলৈকে নিজকে নির্দোষী সজোৱাৰ চেষ্টাত কোনো ধৰণে কার্পণ্য কৰা নাছিল আৰক্ষী অধীক্ষকগৰাকীয়ে। কিন্তু বেলিক ঢাকিব নোৱাৰাৰ দৰে সত্যও কেতিয়াও লুকাই নাথাকে৷ এদিন হ’লেও সেয়া পোহৰলৈ আহিবই৷ তেওঁৰ ক্ষেত্রতো সেয়াই হ’ল৷ ধন দাবীৰ এই ঘটনাটোক অন্য দিশলৈ নিয়াৰ বাবে আপ্রাণ চেষ্টা কৰা বজালী জিলাৰ আৰক্ষী অধীক্ষক সিদ্ধার্থ বুঢ়াগোহাঁইৰ জ্ঞাতসাৰেই চলিছিল অবৈধ ধন সংগ্রহৰ সমস্ত কাৰবাৰ৷ কৌশলগতভাৱে সন্মুখত নহাকৈ অবৈধ ধন সংগ্রহ কৰাৰ চেষ্টাত ত্রুটি ৰখা নাছিল আৰক্ষী অধীক্ষক সিদ্ধার্থ বুঢ়াগোহাঁয়ে৷ জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্রী সোণোৱাল, তেওঁৰ স্বামী সুভাষ চান্দেৰ ওৰফে ববী সিং আৰু উপ–আৰক্ষী অধীক্ষক (সদৰ) পুস্কল গগৈ আছিল আৰক্ষী অধীক্ষক সিদ্ধার্থ বুঢ়াগোহাঁইৰ অবৈধ ধন সংগ্রহৰ পৰিকল্পনাৰ অন্যতম অংশীদাৰ৷ জিলাখনৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব লাভ কৰাৰ দিনাখনৰ পৰাই কোৰোণাৰে ধান চপোৱাৰ লেখীয়াকৈ অবৈধ ধন সংগ্রহত নামি পৰিছিল সিদ্ধার্থ বুঢ়াগোহাঁই৷ জিলাখনৰ একাংশ স্থানীয় লোকৰ পৰা জানিব পৰা মতে সাধাৰণতে সর্বসাধাৰণ ৰাইজৰ লগত আৰক্ষী অধীক্ষক সিদ্ধার্থ বুঢ়াগোহাঁইৰ নাছিল বিশেষ জনসম্পর্ক৷ বহু সময়ত অধীক্ষকৰ হৈয়েই অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্রী সোণোৱাল আৰু উপ–আৰক্ষী অধীক্ষক (সদৰ) পুস্কল গগৈয়ে ৰাইজৰ সৈতে সম্পর্ক বজাই ৰাখিছিল৷ দেখাত অত্যন্ত ভদ্র আৰক্ষী অধীক্ষকগৰাকীৰ ভদ্রতাৰ আঁৰৰ মুখাখন এতিয়া খোল খোৱাত স্তম্ভিত হৈ পৰিছে বৃহত্তৰ বজালী জিলাৰ সচেতন ৰাইজ৷ উল্লেখ্য যে যোৱা তিনি দিন ধৰি চিআইডিৰ তদন্তকাৰী বিষয়াই উলুবাৰীৰ মুখ্য কার্যালয়ত জেৰা অব্যাহত ৰাখিছিল৷ আৰু আজি গ্ৰেপ্তাৰ কৰে।