নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্ৰীৰ বক্তব্যক দীৱাৰ ছবিৰে তুলনা ভূপেন বৰাৰ

বিশেষ বাৰ্তা, ৪ আগষ্টঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ আৰু বিজেপি ভাই-ককাই সম্পৰ্ক বুলি কৰা মন্তব্যক লৈ আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। আজি ডিব্ৰুগড় ৰাজীৱ ভৱনত এই সম্পৰ্কে  সংবাদ মেল অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰীৰ মন্তব্যক হিন্দী বোলছৱি ‘দীৱাৰ’ ছৱিখনৰ সৈতে তুলনা কৰে কংগ্ৰেছ সভাপতিজনে। ছৱিখনৰ কাহিনীৰ আঁত ধৰে মুখ্যমন্ত্ৰী ‘অভিতাভ বচ্চন’ হ’লে ভূপেন বৰা হৈছে কিশোৰ কুমাৰ। মুখ্যমন্ত্ৰীয়ে দীৱাৰ ছৱিখনৰ অমিতাভ বচ্চনৰ ভাষাত ক’ব যে, মোৰ বাগান, হোটেল, টিভি চেনেল, নিউজ পেপাৰ, ক্ষমতা, ধনসম্পদ আছে বুলি ক’ব। কিন্তু ভূপেন বৰাৰ কি আছে? মোৰ লগত অসমীয়া আইৰ আশীৰ্বাদ আছে। অসমীয়া মানুহৰ আশীৰ্বাদ আছে। বাগানে বাগানে মোক দিয়া গামোচাৰে চাহ শ্ৰমিকৰ চকুপানী মচিছোঁ। মোৰ গামোচাবিলাক মানুহৰ চকুপানী সাচি লৈ গুৱাহাটীলৈ গুচি যাম। আৰু কোনোবা ডিব্ৰুগড়লৈ আহিলে ৰিছৰ্ট এটা কিনি থৈ যায়। এইটোৱেই পাৰ্থক্য আছে ককাই-ভাইৰ মাজত‌। আমি ধন আৰু ক্ষমতা সৰ্বস্ব ৰাজনীতিত বিশ্বাস নকৰোঁ। আমি নীতি আদৰ্শ আৰু মূল্যবোধৰ ওপৰত বিশ্বাস কৰোঁ। আমি আজি ছোনীয়া গান্ধী, কাইলৈ নৰেন্দ্ৰ মোদী গুৰু, আজি এজিপি অফিচ বিবাহ ভৱন হ’ব, কাইলৈ এজিপি আহি কেবিনেটত বহিব, আজি হাগ্ৰামাৰ ঘৰত ভোজ খাম বুলি কম আদি কথাৰে আমি ৰাজনীতি নকৰোঁ। একেটা সংবাদমেলত কংগ্ৰেছ সভাপতি ভূপেন বৰাই বিজেপি চৰকাৰে মাধৱদেৱৰ বঁটা বন্ধ কৰি ৰখাক লৈ ক্ষোভ প্ৰকাশ কৰিছে। ২০০৫ চনতে ‘সদিচ্ছা’ নামৰ স্বেচ্ছাসেৱী সংগঠনৰ জৰিয়তে আৰম্ভ কৰা এই বঁটা তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ চৰকাৰৰ দিনতে চৰকাৰীকৰণ হৈছিল। কিন্তু সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে এবাৰ এই বঁটা প্ৰৱৰ্তন কৰি পৰৱৰ্তী সময়ত সম্পূৰ্ণৰূপে উপেক্ষা কৰা হ’ল বুলি ক্ষোভ প্ৰকাশ কৰিছে। সংবাদমেলত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক লৈয়ো মন্তব্য কৰিছে কংগ্ৰেছ সভাপতিজনে। মুখ্যমন্ত্ৰীক এবেলাৰ বাবে বাগানলৈ আহিবলৈ অনুৰোধ জনাই কংগ্ৰেছ সভাপতিজনে কয়, মুখ্যমন্ত্ৰী হেলিকপ্টাৰত আহিব, মই ৰৈ থাকিম তলত। মুখ্যমন্ত্ৰীৰ লগতে বাগানলৈ একেলগে যাম। ৮ দিনত ভূপেন বৰাই ৩০ খন বাগিচা ভ্ৰমণ কৰাৰ কথা উল্লেখ কৰি আজিৰ সংবাদমেলৰ জৰিয়তে ৫ খন বাগিচাৰ জ্বলন্ত সমস্যাৰ বিষয়ে অৱগত কৰিলে ভূপেন বৰাই। ফুকনৰ বাম চাহ বাগিছাত উজ্বলা আঁচনিৰ বিনামূলীয়া ৰন্ধন গেছৰ বাহিৰে বিজেপিৰ নেতা সকলৰ মুখ উজ্বলাইছে বুলি কটাক্ষ কৰি কয়, বিজেপিৰ উজ্বলা আঁচনি এতিয়া নজ্বলা আঁচনি হ’ল। টেঙাপানি চাহ বাগিছাত ৰাস্তাৰ অৱস্থা শোচনীয়। বিভিন্ন সমস্যা আছে। ৰাস্তাৰ বাবে কোনো নাহে। স্বয়ং মই নিজেই এঘণ্টা পলম হ’ল।বাগিচাৰ মানুহে উজ্বলা আচনিৰ চিলিণ্ডাৰবোৰ টেবুলৰ দৰে ব্যৱহাৰ কৰিছে। উজ্বলা আঁচনিক বাগানৰ শ্ৰমিকে নাম দিছে নজ্বলা আচনি। বাগানৰ মানুহক মুখ্যমন্ত্ৰীয়ে ঘৰে ঘৰে বিদ্যুৎ যোগানৰ কথা কৈছিল। কিন্তু বাগানৰ শ্ৰমিকৰ অৱস্থা না জল না থল অৱস্থা। বিদ্যুতৰ খুঁটা পথৰ কাষত আছে, কিন্তু বিদ্যুত নাই। মাহে ৩ হাজাৰ টকালৈ বিদ্যুতৰ বিল দিবলগীয়া হৈছে। আমি বাগানৰ মানুহৰ ওচৰলৈ কোনো ভোট বিচাৰি যোৱা নাই। ৰাইজৰ সৈতে আলোচনা কৰিবলৈ গৈছোঁ। চৰকাৰ আহিলে দুশ ইউনিট বিজুলী বিনামূলীয়া দিম। বাগানৰ কাৰ্যসূচীত আমি মিটিঙলৈ নাহিলে লিষ্টৰ নাম কাটি দিম বুলি মানুহ মাতি অনা নাই। মিটিঙলৈ স্বতস্ফুতভাৱে মানুহ আহিছে। ইফালে নাজিৰাৰ মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তই অনিমা দত্তক নিৰ্যাতন চলোৱা প্ৰসংগত মুখ্যমন্ত্ৰীক আক্ৰমণৰ লক্ষ্য কৰি ল’লে কংগ্ৰেছ সভাপতিজনে। এই প্ৰসংগত কংগ্ৰেছ সভাপতি ভূপেন বৰাই কয়, অসমৰ মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিয়ন্ত্ৰণৰ নতুন ফৰ্মুলা হৈছে ৰিজাৰ্ভ ক্লজ। সেইবাবে আজিলৈকে অনিমা প্ৰজাই ন্যায় নাপালে। সংবাদ মেলত কংগ্ৰেছ নেতা অপূৰ্ব গোস্বামী, জিলা কংগ্ৰেছৰ সভাপতি দেৱৰঞ্জন গগৈ, প্ৰশাসনিক সাধাৰণ সম্পাদক ৰাজকুমাৰ নীলনেত্ৰ নেওগকে ধৰি ভালেকেইগৰাকী কংগ্ৰেছৰ বিষয়ববীয়াসকল উপস্থিত থাকে।
প্ৰেৰক বিভাস দুৱৰা
You might also like