নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰাকত কংগ্ৰেছৰ ভিতৰচ’ৰাত চৰম গৃহ কন্দল

নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰ : বৰাকত কংগ্ৰেছৰ ভিতৰচৰাত চৰম গৃহ কন্দল পোহৰলৈ আহিছে। অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ কাৰ্যকৰী সভাপতি বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ‌ নেতৃত্বk লৈ ক্ষোভৰ উদ্গীৰণ দেখা পোৱা গৈছে। আজি হাইলাকান্দি আবৰ্ত ভৱনত কংগ্ৰেছৰ দুটা ফৈদৰ মাজত বাকবিতন্ডাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আবৰ্ত ভৱনৰ ভিআইপি কক্ষত কংগ্ৰেছৰ দুই ফৈদৰ বাকবিতণ্ডাৰ সৃষ্টি হয়। বিধায়ক কমলাক্ষ দে পুৰকায়স্থ আৰু কাটিগড়াৰ বিধায়ক তথা হাইলাকান্দি জিলা কংগ্ৰেছৰ ইনচাৰ্জ খলিল উদ্দিন মজুমদাৰৰ উপস্থিতিত দুই ফৈদৰ মাজত কাজিয়া সৃষ্টি হয়। ভিআইপি কক্ষৰ দৰ্জা বন্ধ কৰি কাজিয়া কৰে দুটা ফৈদৰ নেতা-কৰ্মীয়ে। জানিব পৰা মতে, কংগ্ৰেছৰ সাংগঠনিক কথা-বতৰাৰ পৰা হয় কাজিয়াৰ সূত্ৰপাত। কংগ্ৰেছৰ কাৰ্য্যকৰী সভাপতি কমলাক্ষ দে পুৰকায়স্থক শিলচৰত দায়িত্ব দিয়া হৈছে আৰু কাটিগড়াৰ বিধায়ক খলিল উদ্দিন মজুমদাৰক হাইলাকান্দি জিলা কংগ্ৰেছৰ ইনচাৰ্জ হিচাপে দায়িত্বভাৰ দিয়া হৈছিল। দুয়োজনৰ উপস্থিতিত কাজিয়াৰ সৃষ্টি হয়। জানিব পৰা মতে, ৭ এপ্ৰিলত ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ এক বছৰ পূৰ্তি উপলক্ষে সমদল উলিওৱাৰ বিষয়ক লৈ দুটা ফৈদৰ মাজত বাকবিতন্ডাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
প্ৰেৰক গৌতম তালুকদাৰ
You might also like