আৰক্ষীৰ লজ্জাজনক কাণ্ড
লজ্জাজনক কাণ্ড সংঘটিত হৈছে অসম আৰক্ষীত৷ জনগণৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ গুৰু দায়িত্ব থকা আৰক্ষী বিভাগটোত শেহতীয়াকৈ ধাৰাবাহিকভাৱে উন্মোচন হৈছে এটাৰ পাছত এটাকৈ কলংকিত কাণ্ড৷ এজন ব্যৱসায়ীক পাঁচ কোটি টকা দাবী কৰাৰ অভিযোগত বজালী জিলাৰ আৰক্ষী অধীক্ষক সিদ্ধার্থ বুঢ়াগোহাঁই, অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্রী সোণোৱাল, তেওঁৰ স্বামী ববী সিং শর্মা ওৰফে সুভাষ চান্দেৰ, দেহৰক্ষী ইনজামামুল হাছান, গাড়ীচালক তথা গৃহৰক্ষী দীপজয় ৰয়, নবীৰ আহমেদ, উপ–আৰক্ষী অধীক্ষক পুষ্কল গগৈ, ভৱানীপুৰ আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া দেৱজিৎ গিৰি আৰু মধ্যস্থতাকাৰী কিশোৰ বৰুৱাক গ্রেপ্তাৰ কৰা হৈছে৷ চুপাৰিকে ধৰি অন্যান্য সামগ্রীৰ অবৈধ ব্যৱসায়ৰ স’তে জড়িত হৈ কোটিপতি হৈ উঠা বজালী জিলাৰ ৰবিউল ইছলাম নামৰ এজন ব্যৱসায়ীক আৰক্ষী চক্রটোৱে দীর্ঘদিন ধৰি আতিশয্য আৰু ব্লেকমেইলিং কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ ৰবিউল ইছলাম নামৰ ব্যৱসায়ীজন চুপাৰিকে ধৰি নিষিদ্ধ ড্রাগ্ছ আৰু সোণৰ বেহাত জড়িত থকাৰ অভিযোগত বজালী জিলাৰ আৰক্ষীয়ে বুজন পৰিমাণৰ ধন সংগ্রহ কৰাৰ তথ্যও উন্মোচন হৈছে৷ চিআইডিয়ে তদন্ত চলাই থকা গোচৰটোত এতিয়ালৈ কুৰিজনৰো অধিক লোকক জেৰা কৰিছে৷ দুদিন ধৰি চলোৱা জেৰাৰ শেষত দেওবাৰে চিআইডিয়ে গ্রেপ্তাৰ কৰিছে অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্রী সোণোৱালক৷ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীৰ স্বামী সুভাষ চান্দেৰকো গ্রেপ্তাৰ কৰা হৈছে৷ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে ধন আহৰণত তেওঁৰ স্বামীক ব্যৱহাৰ কৰাৰ অভিযোগ আছে৷ বিতর্কিত ব্যৱসায়ী ৰবিউল ইছলামৰ পৰা ১০ লাখ টকা আদায় কৰা ঘটনাত আৰক্ষী অধীক্ষকগৰাকীৰ স্বামীৰ নাম জড়িত হৈছে৷ দাবী কৰা ধন আদায় নিদিলে ৰবিউল ইছলামক এনকাউণ্টাৰ কৰা হ’ব বুলি সুভাষ চান্দেৰে ভাবুকি দিয়াৰ অভিযোগো আছে৷ অসম আৰক্ষীৰ ক্ষমতাৰ অপব্যৱহাৰৰ জৰিয়তে অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্রী সোণোৱালে কিদৰে ধন সংগ্রহৰ অশুভ পন্থা গ্রহণ কৰিছিল, সেয়া চিআইডিৰ তদন্তত উন্মোচন হৈছে৷ আটকাধীন গায়ত্রী সোণোৱালে ৰবিউল ইছলামক সকাহ দিয়াৰ নামত তেওঁৰ আত্মীয়ৰ পৰা এখন নতুন ইন’ভা গাড়ী দাবী কৰাৰো অভিযোগ উঠিছে৷ ৰবিউল ইছলামে কম সময়ৰ ভিতৰতে আহৰণ কৰা পুঁজিক লৈ সন্দেহৰ অৱকাশ আছে৷ এইক্ষেত্রত যদিহে ব্যৱসায়ীজনে অবৈধ বেহাত জড়িত আছে, তেন্তে আৰক্ষীয়ে আইনগতভাৱে গোচৰ পঞ্জীভুক্ত কৰি ব্যৱস্থা গ্রহণ কৰা উচিত আছিল৷ কিন্তু বজালী আৰক্ষীয়ে এইক্ষেত্রত গোচৰ পঞ্জীয়ন অবিহনে ব্যৱসায়ীজনক আৰক্ষী বিষয়াৰ বাসভৱন আৰু অতিথিশালালৈ মতাই আনি এনকাউণ্টাৰৰ ভাবুকি দি ধন সংগ্রহৰ দৰে নির্লজ্জ কাণ্ড সংঘটিত কৰিছিল৷ আনকি ব্যৱসায়ীজনে ৮০খন সোণৰ বিস্কুট লুকুৱাই ৰখা বুলি অভিযোগ কৰি বুজন পৰিমাণৰ ধন দাবী কৰিছিল আৰক্ষী বিষয়াই৷ ৰবিউল ইছলামৰ জব্দকৃত পাছপ’ৰ্ট আৰু ম’বাইল ফোন মুকলি কৰি দিয়াৰ নামতো পাঁচ লাখ টকা দাবী কৰা হৈছিল৷ ৰবিউল ইছলামক ৰেহাই দিয়াৰ নামত তেওঁৰ মাতৃৰ পৰা ১০খন চেকত স্বাক্ষৰ কৰি লোৱাৰ অভিযোগো উত্থাপন হৈছে৷
ৰবিউল ইছলাম নামৰ কোটিপতি ব্যৱসায়ীজনক হাৰাশাস্তি আৰু ধন দাবীৰ নামত আৰক্ষীয়ে চলোৱা নির্লজ্জ কাণ্ডক দিন ডকাইতিৰ আখ্যা দিব পাৰি৷ দুর্ভাগ্যজনক এয়ে যে এনে জঘন্য কাণ্ডৰ সৈতে সাঙোৰ খাইছে বজালী জিলাৰ আৰক্ষী অধীক্ষক সিদ্ধার্থ বুঢ়াগোহাঁইৰ নাম৷ আৰক্ষী অধীক্ষক সিদ্ধার্থ বুঢ়াগোহাঁই আৰু উপ–আৰক্ষী অধীক্ষক পুষ্কল গগৈক গ্রেপ্তাৰ কৰে চিআইডিয়ে৷ ইয়াৰ পূর্বে আৰক্ষী অধীক্ষকজনৰ দুজন গাড়ীচালক আৰু অবৈধ ধন সংগ্রহ প্রক্রিয়াৰ স’তে জড়িত দালাল কিশোৰ বৰুৱাক গ্রেপ্তাৰ কৰা হৈছে৷ অবৈধ ধন আহৰণৰ গোচৰত এইদৰে এখন জিলাৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ–আৰক্ষী অধীক্ষককে ধৰি কেইবাখনো থানাৰ আৰক্ষী বিষয়া গ্রেপ্তাৰ হোৱা ঘটনা অসম আৰক্ষীৰ বাবে লজ্জাজনক৷ চিআইডিয়ে আৰক্ষী অধীক্ষকগৰাকীক তিনি দিন ধৰি জেৰা কৰাৰ লগতে পাঠশালাত থকা তেওঁৰ চৰকাৰী বাসভৱনত তালাচী চলোৱা হৈছে৷ ইতিমধ্যে বাসভৱনটো ছীল কৰি ৰাখিছে৷ মৃত্যুৰ ভাবুকিৰে ব্যৱসায়ীৰ পৰা অবৈধ ধন সংগ্রহ অভিযানত আৰক্ষীৰ প্রভাৱশালী চক্র কিদৰে জড়িত হৈছিল, সেয়া বজালী জিলাৰ আৰক্ষীৰ কাণ্ডই উন্মোচন কৰিছে৷ পাটাছাৰকুছি থানাৰ প্রবেচনাৰী বিষয়া শশাংক দাসৰ বিৰুদ্ধেও উত্থাপন হৈছে গুৰুতৰ অভিযোগ৷ বজালী জিলাৰ ৰাষ্ট্রীয় ঘাইপথ সংযোগী থানাসমূহে দীর্ঘকাল ধৰি অপৰাধী চক্রটোৰ স’তে মিতিৰালি কৰি ধন সংগ্রহৰ যে ফান্দ পাতিছিল, সেয়া এতিয়া স্পষ্ট৷ এনে অশুভ কাণ্ডত আৰক্ষী অধীক্ষক পদত কার্যনির্বাহ কৰা ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া এজন প্রত্যক্ষভাৱে জড়িত হোৱাটো অসম আৰক্ষীৰ বাবে লজ্জাজনক ঘটনা৷ আৰক্ষী বিভাগক স্বচ্ছ আৰু নিকাকৈ গঢ়ি তোলাৰ বাবে বিগত প্রায় আঢ়ৈ বছৰে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এলানি বিশেষ পদক্ষেপ গ্রহণ কৰিছে৷ মুখ্যমন্ত্রীগৰাকীৰ নির্দেশ অনুসৰি এইক্ষেত্রত আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙেও আৰক্ষী বিভাগত নিয়োজিত বিষয়া–কর্মচাৰীসক দায়িত্ব সুচাৰুৰূপে পালন কৰাৰ বাবে আবেদন জনাইছিল৷ কিন্তু মুখ্যমন্ত্রী আৰু আৰক্ষী সঞ্চালকপ্রধানগৰাকীৰ এনে আহ্বান নেওচি একাংশ আৰক্ষী বিষয়াই গ্রহণ কৰা অশুভ পন্থাই আৰক্ষী বিভাগটোৰ প্রতি গুৰুতৰ ভাবুকিৰ সৃষ্টি কৰিছে৷ বজালী জিলাৰ শীর্ষ আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত অবৈধ ধন সংগ্রহৰ ঘটনাই নহয়, শেহতীয়াভাৱে কেইবাটাও গুৰুতৰ অপৰাধ গোচৰত অভিযুক্ত হৈছে কেইবাগৰাকীও আৰক্ষী বিষয়া৷ নলবাৰী জিলাৰ ঘগ্রাপাৰ থানাত এগৰাকী কিশোৰীৰ ওপৰত চলোৱা নির্যাতনৰ ঘটনাক লৈ দেশজুৰি প্রতিক্রিয়াৰ সৃষ্টি হৈছিল৷ এই কাণ্ডত জড়িত থানাখনৰ ভাৰপ্রাপ্ত বিষয়াগৰাকীক গ্রেপ্তাৰ কৰা হৈছে৷ শেহতীয়াকৈ এগৰাকী বনকৰা মহিলাৰ ওপৰত নাৰকীয় আতিশয্য চলোৱাৰ অভিযোগ উঠিছে চৰাইদেউৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে৷ আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন হৈছে, দল–সংগঠনসমূহে ইয়াৰ প্রতিবাদ কৰিছে যদিও অভিযুক্ত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্রহণ কৰা নাই৷ আৰক্ষী বিষয়াগৰাকীক মাথোঁ নিলম্বন কৰিয়ে দায়িত্ব পালন কৰিব বিচাৰিছে আৰক্ষীৰ শীর্ষ বিষয়াই৷ অপৰাধী চক্রৰ স’তে অবৈধ মিতিৰালি বন্ধ নহ’লে অসম আৰক্ষীয়ে সাধাৰণ জনতাৰ সুৰক্ষাৰ ক্ষেত্রত আশাপ্রদ ভূমিকা গ্রহণ কৰিবলৈ সক্ষম নহ’ব৷ আৰক্ষী বিভাগত চলি থকা অপৰাধী চক্রটোক নিয়ন্ত্রণৰ ক্ষেত্রত আৰু অধিক কঠোৰ নীতি গ্রহণ কৰিব লাগিব ৰাজ্য চৰকাৰে৷