নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্রযান–৩ উৎক্ষেপণৰ কাউণ্টডাউনত কণ্ঠদান কৰা ইছৰোৰ বিজ্ঞানী ভালাৰমাঠীৰ বিয়োগ

বিশেষ বাৰ্তা, ৫ ছেপ্টেম্বৰ : মহাকাশ অভিযানত ইতিহাস সৃষ্টিকাৰী চন্দ্রযান–৩ অভিযানৰ উৎক্ষেপণৰ কাউণ্টডাউনত কণ্ঠদান কৰা ইছৰোৰ বিজ্ঞানী ভালাৰমাঠীৰ কালি আকস্মিক বিয়োগ ঘটে৷ শ্রীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্রৰ পৰা চন্দ্রযান–৩ ৰকেটেৰে উৎক্ষেপণৰ সময়ত কাউণ্টডাউনত কণ্ঠদান কৰা বিজ্ঞানী ভালাৰমাঠীৰ হূদৰোগত আক্রান্ত হৈ মৃত্যু ঘটে৷ বিজ্ঞানী ভালাৰমতীৰ আকস্মিক বিয়োগৰ বাতৰি প্রচাৰ হোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াত বিজ্ঞানীগৰাকীৰ প্রতি শোকবার্তাৰে শ্রদ্ধাঞ্জলি জ্ঞাপন চলিছে৷ তামিলনাডুৰ আৰিয়ালুৰত ১৯৫৯ চনৰ ৩১ জুলাইত জন্মগ্রহণ কৰা ভালাৰমাঠীয়ে কইম্বাটুৰৰ গৱর্নমেণ্ট কলেজ অৱ টেকন’লজীৰ পৰা ডিগ্রী গ্রহণ কৰি ইছৰোৰ সৈতে জড়িত হয়৷ ২০১৫ চনত মিছাইলমেন খ্যাত বিজ্ঞানী তথা প্রাক্তন ৰাষ্ট্রপতি আব্দুল কালাম আজাদৰ নামত প্রৱর্তন কৰা আব্দুল কালাম বঁটা পোৱা প্রথম মহিলা বিজ্ঞানী ভালাৰমাঠী৷ দেশৰ প্রথম থলুৱাভাৱে বিকশিত ৰাডাৰ ইমেজিং ছেটেলাইট ৰিছাট–১ৰ প্রকল্প সঞ্চালক হিচাপে কার্যনির্বাহ কৰিছিল ভালাৰমাঠীয়ে৷

You might also like