🔹 শিলসাঁকোত কৰ্তব্য নকৰোঁ বুলি বাৰম্বাৰ জনাইছিল আৰক্ষীৰ শীৰ্ষ বিষয়াক
বিশেষ বাৰ্তা, ৫ ছেপ্টেম্বৰ : মহানগৰীৰ পল্টন বজাৰ থানাৰ এগৰাকী মহিলা আৰক্ষী নিখোজৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। সন্ধানহীন কনিষ্টবলগৰাকীৰ নাম গায়ত্ৰী হাজৰিকা। নগাঁৱৰ বঢ়মপুৰত ঘৰ গায়ত্ৰীৰ। উল্লেখ্য যে সন্ধানহীন কনিষ্টবল গায়ত্ৰীৰ ম’বাইল, চেণ্ডেলকে ধৰি বহু সামগ্ৰী শৰাইঘাট দলঙত উদ্ধাৰ হৈছে। তদুপৰি এক দীঘলীয়া ছুইচাইড নোট উদ্ধাৰ হোৱাক লৈ গায়ত্ৰীয়ে ব্ৰহ্মপুত্ৰত জাঁপ দি আত্মহননৰ দৰে চৰম পথ বাছি লোৱা বুলি সন্দেহ কৰা হৈছে। জানিব পৰা মতে, শিলসাঁকো উচ্ছেদত কৰ্মৰত হৈ আছিল মহিলা আৰক্ষী কনিষ্টবল গায়ত্ৰী হাজৰিকা। আৰক্ষী কনিষ্টবলগৰাকীয়ে শিলসাঁকোত কৰ্তব্য নকৰোঁ বুলি বাৰে বাৰে আৰক্ষীৰ শীৰ্ষ বিষয়াক জনাইছিল। তাৰ পিছতো গায়ত্ৰীৰ কথাক গুৰুত্ব নিদি শীৰ্ষ বিষয়াই শিলসাঁকোত নিয়োজিত কৰিছিল গায়ত্ৰীক। সমগ্ৰ বিষয়টো গাপ দি ৰখাৰ চেষ্টা চলাইছিল মহানগৰ আৰক্ষীয়ে। বৰ্তমান সন্ধানহীন কনিষ্টবলগৰাকীক উদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছে আৰক্ষী প্ৰশাসনে।