🔹 কুম্ভকৰ্ণৰ নিদ্ৰাত জোনাই বন বিভাগ
নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰ : জোনাইত অব্যাহত আছে বন মাফিয়াৰ দপদপনি । জোনাই আৰক্ষী থানাৰ অন্তৰ্গত নৈপৰীয়া বেৰা চাপৰিত বাৰিষাৰ সুযোগ লৈ চিয়াং-লালী নদীৰ পাৰত দুজন চোৰাং বেপাৰীয়ে নদীত বৈ অহা কাঠৰ নামত চলাইছ গৈছে অবৈধ কাঠৰ ৰমৰমীয়া বেহা। জোনাই বন আঞ্চলিক বিষযয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত পবা বনাঞ্চল তিনিমাইল বিটৰ মাথোঁ দুই কিলোমিটাৰ নামনিৰ বেৰা চাপৰিৰ চিয়াং-লালী নদীৰ পাৰত বৃহৎ বৃহৎ কুণ্ডা সংগ্ৰহ কৰি বন বিভাগৰ কোনো অনুমতি নোহোৱাকৈয়ে জোনাই বন বিভাগৰ লগত গোপন বুজাবুজিৰে দাস আৰু পাৱ উপাধিৰ দুজন লোকে দীৰ্ঘদিনৰ পৰা অবৈধ কাঠৰ কুণ্ডাৰ ব্যৱসায় চলাই গৈছে বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে বছৰ বছৰ ধৰি কাঠ মাফিয়া চক্ৰই ধেমাজি জিলাৰ একমাত্ৰ পবা সংৰক্ষিত বনাঞ্চলৰ লগতে প্ৰস্তাৱিত কবু চাপৰিৰৰ পৰা চোৰাংকৈ বন ধ্বংসযজ্ঞৰে বনাঞ্চলসমূহৰ বহু মূল্যৱান গছ-গছনি কাটি তহিলং কৰি একাংশ নাৱৰীয়াৰ সহযোগত ভূৰ সাজি চিয়াং-লালী নদীৰ বুকুৰে এই বেৰা চাপৰিতে মেচিনেৰে ফালি অসমৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি হৈ আছে এই চোৰাং কাঠ । কাঠ মাফিয়া চক্ৰটোৰ বিৰুদ্ধে বিভিন্ন সময়ত স্থানীয় দল-সংগঠনে বন বিভাগক অভিযোগ দি আহিছে যদিও আজিকোপতি কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বন বিভাগে। যাৰ ফলত মুকলিকৈ চলিছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা। উল্লেখ্য যে ছিণ্ডিকেটমুক্ত অসম গঢ়াৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিভিন্ন সময়ত কেতবোৰ পদেক্ষেপ গ্ৰহণ কৰি থকাৰ সময়তে জোনাই বেৰা চাপৰিত বন মাফিয়া চক্ৰই অব্যাহত ৰখা চোৰাং কাঠৰ কুণ্ডাৰ ৰমৰমীয়া ব্যৱসায়ে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । কিন্তু কাণসাৰ দিয়া নাই বন বিভাগে। বন মাফিয়া আৰু বন বিভাগৰ মাজত গোপন বুজাবুজি থকাৰ বাবেই এনেকৈ মুকলিকৈ চোৰাং কাঠৰ কুণ্ডাৰ সৰবৰাহ অব্যাহত ৰাখিব পাৰিছে বুলি ৰাইজৰ সন্দেহ উপজিছে । প্ৰাকৃতিক সম্পদ ধ্বংস কৰি চোৰাংকৈ জোনাইত অব্যাহত থকা কাঠৰ কুণ্ডা ব্যৱসায়ীক বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বন বিভাগে নাকী লগাব পাৰিব নে নাই, সেয়াই হ’ব সময়ত লক্ষ্যণীয়।
প্ৰেৰক কৰবী দলে