নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰ : ৰূপহীহাটত আজি ৰূপহী আঞ্চলিক ছাত্ৰ সন্থাই বিদ্যুৎ বিভাগ আৰু অসম চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিদ্যুৎ মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ পুত্তলিকা দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ। বিদ্যুৎ যোগানত ব্যৰ্থ হোৱা বিদ্যুৎ মন্ত্ৰীৰ পদত্যাগৰ দাবী ছাত্ৰ সন্থাৰ। দিছপুৰত শীত-তাপ নিয়ন্ত্ৰিত কোঠাত বহি থকাসকলে নুবুজে ৰাইজৰ দুৰ্দশাৰ কথা৷ ৰাইজে যমৰ যাতনা ভোগ কৰিব লগা হৈছে বিদ্যুতৰ বাবে। বিদ্যুৎ যোগান নিয়মীয়া নকৰিলে শীৰ্ঘ্ৰেই তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে ছাত্ৰ সন্থাই।

প্ৰেৰক জহিৰুল ইছলাম 

You might also like