🔹 দহগৰাকী প্ৰাক্তন শিক্ষাগুৰুক সম্বৰ্ধনা
নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰ : আজি সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটৰ ১৩৩ নং বঙাল পুখুৰী আদৰ্শ প্ৰাথমিক বিদ্যালয়ত যোৰহাট পূব ৰাজহ চক্ৰৰ চেকনীধৰা গাঁৱৰ গাঁওপ্ৰধান দিগন্ত বৰুৱা আৰু ১৩৩ নং বঙাল পুখুৰী আদৰ্শ প্ৰাথমিক বিদ্যালয় কৰ্তৃপক্ষৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে শিক্ষক দিৱস পালন কৰা হয়। পুৱা ড° সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণেৰে দিৱসৰ কাৰ্যসূচী মুকলি কৰে প্ৰধান শিক্ষয়িত্ৰী দেৱাক্ষী শইকীয়াই। ইয়াৰ পাছতে চিকেবি কমাৰ্চ কলেজৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ মণিৰাম লাহনৰ পৌৰোহিত্যত মুকলি সভা অনুষ্ঠিত হয়। আদৰণী ভাষণ আগবঢ়ায় দেৱাক্ষী শইকীয়াই। সভাত বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰি পৰ্বতাৰোহী, সমাজকৰ্মী ধনমায়া ছেত্ৰীয়ে পৰ্বতাৰোহণৰ শিহৰণকাৰী, ৰোমাঞ্চকৰ অভিজ্ঞতা ব্যক্ত কৰে। আন এজন বিশিষ্ট অতিথি পঞ্চায়ত সভাপতি দিগন্ত ভূঞাই বিদ্যালয়খনলৈ ৰংগমঞ্চ নিৰ্মাণৰ বাবে এক অনুদান প্ৰদানৰ কথা ঘোষণা কৰাৰ লগতে বিদ্যায়তনিক দিশত বিদ্যালয়খনে লোৱা প্ৰচেষ্টাৰ শলাগ লয়। ডিজিটেল সংবাদ মাধ্যম পোহৰ লাইভ এইটৰ মুখ্য সম্পাদক অমৰ বৰুৱা, গাঁওপ্ৰধান অনন্ত কুমাৰ গগৈ, সমাজকৰ্মী চফল কুমাৰ খাউণ্ড, প্ৰতুল কুমাৰ খাউণ্ড আদি ভালেসংখ্যক বিশিষ্ট লোকে অংশগ্ৰহণ কৰা সভাত বিদ্যালয়খনৰ পৰা অৱসৰ গ্ৰহণ কৰা শিক্ষাগুৰু বিনয় কুমাৰ শইকীয়া, বীণা শইকীয়া, অঞ্জলি শৰ্মা ভট্টাচাৰ্য, বুবুল কুমাৰ বৰা, মৃদুলা ভাগৱতী, অণিমা ভূঞা, পুতু বৰুৱা, পদ্মাৱতী বৰুৱা, ভবেন্দ্ৰ নাথ শৰ্মাক গামোচা, সম্বৰ্ধনা পত্ৰ আৰু গ্ৰন্থৰ টোপোলাৰে সন্মানিত কৰা হয়। কাৰ্যসূচীত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱকসকলে সহযোগিতা আগবঢ়ায়।
প্ৰেৰক নৱজ্যোতি তামুলী