নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰ : দৰঙৰ শৈক্ষিক ক্ষেত্ৰখনক উজ্জীৱিত কৰি জিলাখনৰ পাঁচগৰাকীকৈ শিক্ষকে চলিত বৰ্ষৰ ৰাজ্যিক কৃতী শিক্ষকৰ বটা গ্ৰহণ কৰাৰ দিনটোতেই পোহৰলৈ আহিছে ৰাজ্যিক কৃতী শিক্ষকৰ বঁটাক কেন্দ্ৰ কৰি দৰঙৰ শিক্ষা বিভাগত চলা এক বৃহৎ ছিণ্ডিকেটৰ তথ্য। জিলা শিক্ষা বিভাগত দপদপাই থকা এটা বিশেষ লবীয়ে নিজৰ খেয়াল খুচীত একাংশ শিক্ষকক বঞ্ছিত কৰাৰ বাবে চলোৱা এটা ষড়যন্ত্ৰৰ তথ্য শিক্ষক দিৱসৰ দিনটোতেই নিয়মীয়া বাৰ্তাৰ হাতত আহি পৰিছে। উল্লেখযোগ্য যে প্ৰতিবছৰে পাঁচ ছেপ্টেম্বৰত শিক্ষক দিৱসৰ দিনটোত ৰাজ্য চৰকাৰে প্ৰদান কৰে ৰাজ্যিক কৃতী শিক্ষকৰ বটা। ৰাজ্যৰ চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানত কৰ্মৰত বিভিন্ন বিদ্যালয়ৰ শিক্ষক -শিক্ষয়িত্ৰীয়ে নিৰ্ধাৰিত প্ৰক্ৰিয়াৰ জৰিয়তে কৰা আবেদনৰ ভিত্তিত চৰকাৰে ৰাজ্যিক ভিত্তিত গঠন কৰা এখন উচ্চ স্তৰীয় সমিতিয়ে যোগ্যতাৰ ভিত্তিত বাছনি কৰে বটা পাবলগীয়া শিক্ষক-শিক্ষয়িত্ৰীসকলক। এইবেলিও শিক্ষা বিভাগৰ আহ্বান মৰ্মে নিৰ্দিষ্ট পৰ্টেলত শিক্ষক শিক্ষয়িত্ৰীসকলে পোনপটীয়াকৈ এই বঁটাৰ বাবে শিক্ষা সঞ্ছালকালয়লৈ আবেদন কৰিছিল। অনলাইনৰ জৰিয়তে আবেদন কৰা শিক্ষক-শিক্ষয়িত্ৰীসকলৰ তালিকা পৰৱৰ্তী সময়ত শিক্ষা সঞ্ছালকালয়ে জিলা সমূহলৈ প্ৰেৰণ কৰি আবেদনকাৰী শিক্ষকসকলৰ ব্যক্তিগত তথ্য সন্দৰ্ভত আপত্তিবিহীন প্ৰমাণপত্ৰ বিচাৰে। বিশেষকৈ শিক্ষক বা শিক্ষয়িত্ৰীগৰাকী পূৰ্বে কিবা অপৰাধজনিত কাৰ্যত লিপ্ত আছিল নেকি বা শিক্ষকগৰাকীৰ ভাবমুৰ্তি সন্দৰ্ভতো জানিব বিচাৰে শিক্ষা সঞ্ছালকলয়ে।জিলাৰ পৰা যোৱা এই তথ্য আৰু আবেদনৰ লগত সংলগ্ন কৰা তথ্যৰ ওপৰত ভিত্তি কৰিয়েই ৰাজ্যিক সমিতিয়ে বঁটাৰ বাবে শিক্ষক শিক্ষয়িত্ৰীৰ তালিকা প্ৰস্তুত কৰে। কিন্তু এইবাৰ দৰং জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে সংঘটিত কৰিলে এক নজিৰ বিহীন ঘটনা।মাধ্যমিক শিক্ষা সঞ্চালকালয়ে প্ৰেৰণ কৰা শিক্ষকৰ তালিকা পুণৰীক্ষণৰ নামত দৰঙৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে নিজেই পালন কৰিলে তালিকা প্ৰস্তুত কৰাৰ স্বয়ম্ভু নিৰ্বাচকৰ ভুমিকা।জিলা শিক্ষা বিভাগৰ বাছনি প্ৰক্ৰিয়া সম্পন্ন কৰাৰ কোনো কৰ্তৃত্ব নথকাৰ পিছতো আবেদন কাৰী সৰহ সংখ্যক শিক্ষকৰ তথ্য পাতি প্ৰেৰণ নকৰি কেৱল এগৰাকী শিক্ষকৰ তথ্যহে প্ৰেৰণ কৰে দৰঙৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক কাৰ্যালয়ে।বিদ্যালয় সমুহৰ পৰিদৰ্শক কাৰ্যালয়ত নিজকে উঠি ৰজা বহি ৰজা বুলি গণ্য কৰা চক্ৰটোৱে এই প্ৰক্ৰিয়াটো ইমান নিখুট ভাবে সম্পন্ন কৰিলে যে কোনো ধৰণৰ সন্দেহৰ অৱকাশেই নাৰাখিলে। কিন্তু দৰঙৰ পৰা কেৱল এগৰাকী শিক্ষকৰহে তথ্য লাভ কৰাৰ পিছত স্বাভাবিকতে শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয়ত বিষয়টো দৃষ্টি গোচৰ হয় আৰু জিলা শিক্ষা বিভাগত চলা ছিণ্ডিকেটৰ তথ্য উদ্ঘাটন কৰে।আনকি শিক্ষা মন্ত্ৰীৰ ওচৰ পায়গৈ জিলা শিক্ষা বিভাগত চলা এই কাৰচাজি।বিষয়টোৱে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছত শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয়ে এই সন্দৰ্ভত জিলা শিক্ষা বিভাগৰ পৰা তথ্য বিচাৰে আৰু তাৰ পিছতে হাহাকাৰ লাগে বিদ্যালয় সমুহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত। অৱশেষত জিলা প্ৰশাসনৰ জৰিয়তে আবেদন কাৰী আন আন শিক্ষকৰ সম্পূৰ্ণ তথ্য পাতি প্ৰেৰণ কৰিবলৈ বাধ্য হয়।আৰু পৰৱৰ্তী সময়ত মাধ্যমিক পৰ্যায়ত দৰঙৰ পৰা তালিকাভুক্ত হ’ল চাৰিগৰাকী শিক্ষকৰ নাম। অৰ্থাৎ সম্পূৰ্ণ যোগ্যতা থকাৰ পিছতো ইচ্ছাকৃতভাৱে বা ষড়যন্ত্ৰ মূলক ভাবেই যোগ্যতা সম্পন্ন একাংশ শিক্ষকক বঞ্ছিত কৰাৰ চেষ্টা চলোৱা হৈছিল। কিন্তু কিহৰ ভিত্তিত বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ে মাত্ৰ এগৰাকী শিক্ষকৰ নাম প্ৰেৰণ কৰি স্বয়ম্ভু বাছনি কৰ্তাৰ ভুমিকাত অৱতীৰ্ণ হৈছিল সেয়া এতিয়াও পোহৰলৈ অহা নাই।লক্ষণীয় যে কেৱল শিক্ষকৰ বটা প্ৰদানৰ ক্ষেত্ৰতেই নহয় দৰঙৰ শিক্ষা বিভাগত এটা চক্ৰই সম্পূৰ্ণ নিজৰ খেয়াল খূচীত চলাই আহিছে কাম কাজ।। মূলত জিলাখনত দীৰ্ঘ দিন ধৰি খালী হৈ আছে বিদ্যালয় সমূহৰ পৰিদৰ্শক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ পদ।সহকাৰী আয়ুক্ত পৰ্যায়ৰ বিষয়াৰ জৰিয়তেই জোৰা টাপলি মাৰি কাম কাজ চলাই থকাৰ সুযোগতে দীৰ্ঘ দিন ধৰি এটা চক্ৰই নিজৰ ইচ্ছা মতেই চলাই আহিছে শিক্ষা বিভাগটো। আৰু তাৰ সুযোগতেই শিক্ষকতাৰ বঁটাৰ দৰে গুৰুত্বপূৰ্ণ বিষয় এটাতো এনে ধৰণৰ দুষ্কাৰ্য কৰিবলৈও সাহস কৰিলে বুলি বিশেষ ভাবে চৰ্চিত হৈছে। অৱশ্যে পৰৱৰ্তী সময়ত জিলা আয়ুক্ত গৰাকীও বিষয়টো সন্দৰ্ভত অৱগত হয়। তেনে ক্ষেত্ৰত দক্ষ প্ৰশাসক হিচাপে নাম থকা আয়ুক্তগৰাকীয়ে দৰঙৰ শিক্ষা বিভাগত চলি থকা এনেবোৰ কাৰ্য ৰোধ কৰাৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ’ব লক্ষণীয়।
প্ৰেৰক ৰণজিত কুমাৰ নাথ