বিশেষ বাৰ্তা, ৫ ছেপ্টেম্বৰ : বৃহস্পতিবাৰে অনুষ্ঠিত হ’বলগীয়া ২০সংখ্যক আছিয়ান-ভাৰত সন্মিলন আৰু ১৮সংখ্যক পূব এছিয়া সন্মিলনৰ বাবে ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্টা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বৈদেশিক মন্ত্ৰালয়ৰ সচিবে কয় যে দিল্লীত অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলনৰ কাৰণে এয়া হ’ব প্ৰধানমন্ত্ৰী মোদীৰ চমু ভ্ৰমণ। আচলতে জি-২০ সন্মিলন ভাৰতৰ অধ্যক্ষতাত শনিবাৰে আৰু দেওবাৰে অনুষ্ঠিত হব। আছিয়ানৰ ১০খন সদস্য দেশ। এই দেশসমূহ হ’ল- ব্ৰুনেই, কম্বোডিয়া, ইণ্ডোনেছিয়া, লাওছ, মালয়েছিয়া, ম্যানমাৰ, ফিলিপাইনছ, ছিংগাপুৰ, থাইলেণ্ড আৰু ভিয়েটনাম। ১৯৬৭ চনৰ ৮ আগষ্টত প্ৰতিষ্ঠা কৰা হয় ইয়াক।