নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এদিনীয়া বিশ্বকাপৰ বাবে ভাৰতীয় দল ঘোষণা

বিশেষ বাৰ্তা, ৫ ছেপ্টম্বৰঃ ভাৰতৰ এদিনীয়া বিশ্বকাপ ২০২৩ৰ ১৫জনীয়া দলটো আজি ঘোষণা কৰে মুখ্য নিৰ্বাচক অজিত আগৰকাৰে। এইবাৰ মেগা ইভেণ্টত দলৰ অধিনায়কত্বৰ দায়িত্ব চম্ভালিব ৰোহিত শৰ্মাই। ভাৰতীয় দলৰ বৰ্তমানৰ অধিনায়ক ৰোহিত শৰ্মা এতিয়া মহান বেটছমেনৰ ভিতৰত গণ্য কৰা হৈছে। ২০১৩ চনৰ চেম্পিয়নছ ট্ৰফীত অ’পেনিঙৰ দায়িত্ব লাভ কৰাৰ পিছত ৰোহিতে নিজৰ কেৰিয়াৰত পিছলৈ ঘূৰি নাচালে। বৰ্তমান এদিনীয়াত সৰ্বাধিক দ্বৈত শতক অৰ্জন কৰাৰ অভিলেখো ৰোহিতৰ নামত। আগন্তুক মেগা ইভেণ্টখন ৰোহিতৰ বাবে অধিনায়ক আৰু বেটছমেন দুয়োটা দিশতে অতি গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ’ব। যোৱা বছৰ ৰোহিতৰ অধিনায়কত্বত যেতিয়া ভাৰতীয় দলটোৱে টি-২০ বিশ্বকাপ খেলিছিল, তেতিয়া দলটোৰ যাত্ৰাৰ অন্ত পৰিছিল ছেমিফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে পৰাজয়ৰ জৰিয়তে। আগন্তুক বিশ্বকাপৰ প্ৰথমখন মেচ অহা ৮ অক্টোবৰত চেন্নাইত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব টীম ইণ্ডিয়াই। আজি ঘোষিত এদিনীয়া বিশ্বকাপৰ বাবে ভাৰতৰ ১৫জনীয়া দলটো : শুভমান গিল, ৰোহিত শৰ্মা (অধিনায়ক), বিৰাট কোহলি, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল (উইকেটকীপাৰ), ঈশান কিষাণ (উইকেটকীপাৰ), সূৰ্য্যকুমাৰ যাদৱ, হাৰ্দিক পাণ্ডিয়া (উপ-অধিনায়ক), ৰবীন্দ্ৰ জাদেজা, কুলদীপ যাদৱ, অক্ষৰ পেটেল, মহম্মদ চিৰাজ, মহম্মদ ছামি, যশপ্ৰীত বুমৰাহ, শাৰ্দুল ঠাকুৰ।

You might also like