বিশ্বকাপলৈ দল ঘোষণা দক্ষিণ আফ্ৰিকাৰ
বিশেষ বাৰ্তা, ৫ ছেপ্টেম্বৰঃ এদিনীয়া বিশ্বকাপ ২০২৩ৰ বাবে দক্ষিণ আফ্ৰিকাই ১৫জনীয়া দল ঘোষণা কৰিছে। মেগা টুৰ্ণামেণ্টত দলটোক নেতৃত্ব দিব টেম্বা বাভুমাই। ভাৰতৰ ১৫জনীয়া দলটো বিশ্বকাপৰ বাবে ঘোষণা কৰাৰ পিছত এতিয়া দক্ষিণ আফ্ৰিকায়ো নিজৰ দল ঘোষণা কৰিছে। ৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব বিশ্বকাপ। একে সময়তে আফ্ৰিকা দলটো অষ্ট্ৰেলিয়া ভ্ৰমণলৈ গৈছে। অহা ৭ অক্টোবৰত দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত শ্ৰীলংকাৰ বিৰুদ্ধে বিশ্বকাপৰ প্ৰথমখন খেল অনুষ্ঠিত খেলিব দক্ষিণ আফ্ৰিকাই। ইয়াৰ পূৰ্বে দলটোৱে ২৯ ছেপ্টেম্বৰত আফগানিস্তানৰ বিৰুদ্ধে আৰু ২ অক্টোবৰত নিউজিলেণ্ডৰ বিৰুদ্ধে ৱাৰ্ম আপ মেচ খেলিব। বিশ্বকাপৰ অধিনায়কত্ব লাভ কৰা টেম্বা বাভুমাই কিছুদিনৰ পৰা এদিনীয়া মেচত দক্ষিণ আফ্ৰিকাৰ নেতৃত্ব দি আহিছে। জেৰাল্ড ক’ট্জীকো দলত স্থান দিয়া হৈছে। এইবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটা জেৰাল্ডে এতিয়া বিশ্ব দলত অন্তৰ্ভুক্ত হৈছে। দক্ষিণ আফ্ৰিকাৰ হৈ এতিয়ালৈকে কোট্জীয়ে ২খন টেষ্ট, ২খন এদিনীয়া আৰু ৩খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে। টেষ্টত ৯টা, এদিনীয়াত ৫টা আৰু টি-২০ ইণ্টাৰনেশ্যনেলত ৩টা উইকেট দখল কৰিছে। ইয়াৰ উপৰিও বহু অভিজ্ঞ বেটছমেনক দলত অন্তৰ্ভুক্ত কৰা হৈছে। য’ত উইকেটৰক্ষক বেটছমেন কুইণ্টন ডা কক, হেনৰিখ ক্লাচেন, আইডেন মাৰ্ক্ৰাম, ডেভিদ মিলাৰ আৰু ৰাছি ভান ডেৰ ডাচেনলৈকে বহু উপস্থিত থাকে। একে সময়তে এনৰিকে নৰ্কিয়াৰ দৰে বেগী বলাৰক বলিং আক্ৰমণত সুযোগ দিয়া হৈছে। বিশ্বকাপৰ বাবে দক্ষিণ আফ্ৰিকাৰ ঘোষিত দলটোঃ টেম্বা বাভুমা (কেপ্টেইন), জেৰাল্ড ক’টজি, কুইণ্টন ডি কক, ৰিজা হেণ্ড্ৰিক্স, মাৰ্কো জান্সেন, হেনৰিখ ক্লাচেন, চিছাণ্ডা মাগালা, কেশৱ মহাৰাজ, আইডেন মাৰ্কৰাম, ডেভিদ মিলাৰ, লুংগি ইগিডি, আনৰিচ নৰ্টজে, কাগিছ’ ৰাবাদা, টাব্ৰাইজ শ্বামচি, ৰাছি ভান ডেৰ ডাচেন।