নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফাগুনত স্বাস্থ্যৰ যতন

ডাঃ ৰেইনী দেৱী 

ফোন ৯১০১৪২৭৮৯৭

 

বাৰ মাহৰ ভিতৰতফাগুনৰ এক সুকীয়া বৈশিষ্ট্য আছে৷ এই সময়ত জলবায়ুৰ যথেষ্ট পৰিৱর্তন হয়৷ পৰিৱেশ শুকান হৈ পৰে, ফেৰফেৰীয়া বতাহ বলে, কেতিয়াবা ধুমুহাও হয়৷ সেয়েহে ফাগুনৰ বতাহজাকক ‘ফাগুনৰ পছোৱা’ বুলিও কোৱা হয়৷ কেৱল জলবায়ুতেই পৰিৱর্তন নহয়, ফাগুন মাহত আমাৰ মনবোৰো যেন সলনি হয়৷ বিশেষকৈ নৱ যৌৱনাসকলৰ মনলৈ ফাগুনে যেন প্রেমৰ বীজ কঢ়িয়াই  আনে৷ সেয়েহে কবিতা আৰু গানৰ ভাষাত কোৱা হয়– ‘মনলৈ ফাগুন আহে৷’ এই ফাগুন মাহতে উলহ–মালহেৰে ৰঙৰ উৎসৱ ফাকুৱা বা হোলী, শিৱৰাত্রি আদি উদ্যাপন কৰা হয়৷ এইবোৰ উৎসৱে আমাৰ মনলৈ আনন্দৰ জোৱাৰ লৈ আনে৷ আমাৰ বহুতৰে পছন্দৰ এই ফাগুন মাহতে কিন্তু বহু ৰোগ হোৱা দেখা যায়৷ কাৰণ এই সময়ত বতাহত ধোঁৱা, ধূলিকণা, ফুলৰ ৰেণু, শুং, জীৱ–জন্তুৰ নোম, নানাধৰণৰ বেক্টেৰিয়া, ভাইৰাছ আদি অণুজীৱ আদি মিহলি হৈ থাকে৷ যাৰ ফলত বেছিভাগ লোকেই কাহ, চর্দি, জ্বৰ, এলার্জি, ছালৰ ৰোগ, বসন্ত ৰোগ, গেছ, বদহজম, পেটৰ ৰোগ, ব্রংকাইটিছ, হাপানী আদিত ভোগে৷ যিসকলৰ ৰোগ প্রতিৰোধ ক্ষমতা কম, তেওঁলোক সহজে এইবোৰ ৰোগত আক্রান্ত হয়৷ শিশু আৰু বৃদ্ধসকল সাধাৰণতে সোনকালে যিকোনো ৰোগৰ কবলত পৰে৷ কিন্তু অলপ যত্ন ল’লে, ঋতু অনুযায়ী আহাৰ–বিহাৰ কৰিলে, পথ্য–পথ্য মানি চলিলে আৰু অন্য কেতবোৰ নীতি–নিয়ম মানি চলিলে আমি বহু পৰিমাণে এনেবোৰ ৰোগৰ পৰা হাত সাৰি থাকিব পাৰোঁ৷ আজিও গাঁৱলীয়া সমাজত এনে নীতি–নিয়ম, পৰম্পৰা মানি চলা হয়, যিবোৰৰ বৈজ্ঞানিক ভিত্তি আছে৷ এই সময়ত উপলব্ধ কেতবোৰ ঔষধি দ্রব্যৰে অনায়াসে আমি আমাৰ স্বাস্থ্যৰ যত্ন ল’ব পাৰোঁ৷ ফাগুন মাহত ল’বলগা তেনে কেইটামান যতন তলত উল্লেখ কৰা হৈছে৷

চাফ–চিকুণতা তথা স্বাস্থ্য ৰক্ষাৰ নীতি–নিয়ম পালন কৰাটো সকলোৰে কর্তব্য আৰু দায়িত্ব৷ এলার্জিৰ সমস্যা, হাপানী, ব্রংকাইটিছ, ছালৰ ৰোগ থকা লোকে ফাগুন মাহত বিশেষ সতর্কতা অৱলম্বন কৰা উচিত৷ নিজকে যিমান পাৰে ধূলি, বতাহ আদিৰ পৰা বচাই ৰাখক৷ বাহিৰত ওলাই গ’লে মাস্ক পৰিধান কৰক৷ ঘৰৰ চুক–কোণ, চিলিং আদি চাফা কৰোঁতে নাক–মুখ কাপোৰেৰে ভালকৈ ঢ়াকি লওক যাতে লেতেৰা, ধূলি আদি নাকৰ ভিতৰত প্রৱেশ কৰিব নোৱাৰে৷ বীজাণুনাশক দ্রব্যৰে ঘৰৰ মজিয়া নিয়মিতভাৱে পৰিষ্কাৰ কৰি ৰাখক৷ ঘৰৰ ছোফা, গাৰু, তোচক বা তুলি আদি মাজে মাজে ৰ’দাই থাকিলে বহু বীজাণু নাশ হয়৷ শিশুৰ কাপোৰ–কানি ভালকৈ ধুই ৰ’দত দিয়া উচিত৷ নিম, তুলসী সিজোৱা পানীৰে মাজে সময়ে স্নান কৰক৷ নিমপাত ঘৰৰ চুকে–কোণে  থৈ দিব পাৰে, কাৰণ নিমে বায়ুত থকা বিভিন্ন বেমাৰৰ বীজাণু নাশ কৰি বায়ু পৰিষ্কাৰ কৰে৷ ঘৰত নিমপাত এনেকৈ ৰাখিলে বসন্ত ৰোগ নহয় বুলি জনবিশ্বাস আছে, যাৰ বৈজ্ঞানিক সত্যতা নথকা নহয়৷ ঘৰত এজোপা নিমগছ ৰুলে ই ঘৰৰ চৌহদৰ বায়ু পৰিষ্কাৰ কৰি ৰাখে৷

 খাদ্য গ্রহণৰ ক্ষেত্রত কিছু সাৱধানতা অৱলম্বন কৰক৷ উৰহী, মাটি দাইল, কচু, ঔটেঙা, বৰালি মাছ, বৰা চাউলৰ বস্তু যিমান পাৰে কমাই খাওক৷ (কাৰণ এনেবোৰ খাদ্যৰ পৰাও বহু লোকৰ এলার্জি হোৱা দেখা যায়৷) মাজে মাজে নিমপাত, চিৰতা, তিতাফুল, ভেকুৰি তিতা, তিতা কেৰেলা, কলখাৰ আদি খাওক৷ তিতা আৰু খাৰে তেজ পৰিষ্কাৰ কৰে, জ্বৰ, কাহ, চর্দি, এলার্জি, কফজনিত সমস্যা, ছালৰ ৰোগ, পেটৰ ৰোগ, কৃমিজনিত সমস্যা নিৰাময় কৰে৷ তিতা কেৰেলা, নিম আদিয়ে বসন্ত ৰোগ প্রতিৰোধ কৰে৷ ইয়াৰ উপৰি এনেবোৰ ঔষধি দ্রব্যই লিভাৰৰ কার্যক্ষমতা বৃদ্ধি কৰে আৰু শৰীৰৰ পৰা অলাগতিয়াল বর্জিত পদার্থ নিষ্কাশন কৰি শৰীৰ শোধন কৰে৷ টেঙেচি, চুকা শাক, মধুসোলেং আদি টেঙা শাকৰ আঞ্জা খাব লাগে৷ এইবোৰে গ্রহণী, অতিসাৰ, পেটৰ কামোৰণি আদি পেটৰ অসুখ হোৱাত বাধা দিয়ে আৰু জণ্ডিচ, পেচাবৰ সংক্রমণজনিত ৰোগ আদি প্রতিৰোধ কৰে৷ প্রচুৰ পৰিমাণে ভিটামিন চি থকাৰ বাবে শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷

ফাগুন মাহত হোৱা কেতবোৰ ৰোগ প্রতিৰোধ কৰিবলৈ আমি কেতবোৰ প্রাকৃতিক উপাদান ব্যৱহাৰ কৰিব পাৰোঁ৷ সকলোৰে চিনাকি তেনেকেইবিধ ঔষধি দ্রব্যৰ সেৱন বিধি তলত উল্লেখ কৰা হ’ল৷

 তুলসীঃ জীৱাণুনাশক, এলার্জি প্রতিৰোধক, তেজ পৰিষ্কাৰক, কফনাশক আদি গুণযুক্ত তুলসী পাতৰ সেৱনে আমাৰ শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ নিয়মিতভাৱে দুই–তিনিখিলাকৈ তুলসী পাত সেৱন কৰিলে এই সময়ত হোৱা বহু ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি৷ জ্বৰ, কাহ, এজমা আদি ৰোগতো তুলসী উপকাৰী৷ এনেবোৰ ৰোগত অন্য ঔষধিৰ লগত তুলসী ব্যৱহাৰ কৰিলে সুফল পোৱা যায়৷

 আমলখিঃ ভিটামিন চি, এণ্টিক্সিডেণ্ট আদিৰে ভৰপূৰ আমলখিয়ে শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে, ছাল, চুলিৰ সৌন্দর্য বৃদ্ধি কৰে, শৰীৰ শোধন কৰে আৰু বহু ৰোগ প্রতিৰোধ কৰে৷ নিয়মীয়াকৈ দুই–তিনিটা আমলখি সেৱন কৰিলে বতৰ পৰিৱর্তনৰ সময়ত হোৱা চর্দি, কাহ, এলার্জি আদিৰ পৰা বাচি থাকিব পাৰি৷ আমলখিয়ে আমাক চিৰসেউজীয়া কৰিও ৰাখে, অর্থাৎ দেহৰ যৌৱনাৱস্থা অটুট ৰখাত সহায় কৰে৷

 হালধিঃ হালধিৰ অজস্র গুণৰ কথা সকলোৱেই জানে৷ বিশেষকৈ এলার্জিজনিত ৰোগ, ছালৰ ৰোগ, কফজনিত ৰোগ আদিত ইয়াৰ ব্যৱহাৰ চমকপ্রদ৷ হালধিয়ে তেজো পৰিষ্কাৰ কৰে, যাৰ বাবে ছালৰ ৰোগত ই মহৌষধৰ কাম কৰে৷ কেঁচা হালধিৰ ৰস দুই চামুচ একাপ গাখীৰৰ লগত ৰাতিপুৱা সেৱন কৰিলে ই খুব সুন্দৰ ফল দিয়ে৷ কেঁচা হালধি নাপালে শুদ্ধ গুৰি হালধি এচামুচ এগিলাচ গাখীৰৰ লগত মিহলাই সেৱন কৰিলেও সুফল পোৱা যায়৷

 আদাঃ আদাই হজমী শক্তি বৃদ্ধি কৰে, ভোক বঢ়ায় আৰু কফজনিত ৰোগ, পেটৰ ৰোগ আদিতো উপকাৰী৷ আদাৰ লগত অকণমান ক’লা নিমখ আৰু নেমুৰ ৰস দি ভোজন কৰাৰ আগত সেৱন কৰিলে পেটৰ ৰোগৰ পৰা হাত সাৰিব পাৰি৷ কফজনিত ৰোগতো আদাৰ ৰস, তুলসীৰ ৰস আৰু অন্যান্য ঔষধি প্রয়োগ কৰিলে সুফল পোৱা যায়৷

 মৌজোলঃ মৌ আমাৰ বাবে অমৃতসম৷ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ উপৰি ই কাহ, চর্দি, এলার্জি, হাপানী, ব্রংকাইটিছ আদি বহু ৰোগ নিৰাময় কৰে৷ নিয়মীয়াকৈ মৌজোল সেৱন কৰিলে ফাগুনত হোৱা বিভিন্ন ৰোগ প্রতিৰোধ আৰু নিৰাময় হয়৷ বিশেষকৈ ৰাতি শোৱাৰ সময়ত এচামুচ মৌ সেৱন কৰিলে বহু উপকৃত হোৱা দেখা যায়৷ তদুপৰি বিভিন্ন ৰোগত ঔষধিৰ লগত মৌক অনুপান হিচাপে সেৱন কৰিলে সুফল পোৱা যায়৷

কেঁচা পিঁয়াজঃ কেঁচা পিঁয়াজ বৰ উপকাৰী বিশেষকৈ জ্বৰ, কাহ আদিত কেঁচা পিঁয়াজ খালে উপকাৰ পোৱা যায়৷ ই ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে, হূদপিণ্ড সবল কৰে আৰু পেচাবৰ সংক্রমণ ৰোধ কৰে আৰু বহু ৰোগত উপকাৰী৷ কেঁচা পিঁয়াজ খালে মুখ গোন্ধায় বাবে ৰাতিৰ আহাৰৰ লগত গ্রহণ কৰিব পাৰে৷

 নহৰুঃ নহৰুৱে বহু ৰোগ প্রতিৰোধ কৰে৷ বিশেষকৈ শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে, এলার্জি, কফজনিত ৰোগ, ভাইৰাছ, বেক্টেৰিয়াজনিত ৰোগত সুফল দিয়ে৷ মাজে সময়ে নহৰু দুই–তিনি ফুটা গেছত সেকি বা কলপাতত সেকি খাব পাৰে৷

 দোৰোণ বনঃ ফাগুন মাহত হোৱা যিকোনো ৰোগত দোৰোণ বন বৰ উপকাৰী৷ বিশেষকৈ টনচিলাইটিছ, ছাইনাছাইটিছ, ফেৰিঞ্জাইটিছ, পেটৰ সমস্যা, এলার্জি, কফজনিত সমস্যা আদিত এই শাক উপকাৰী৷ নহৰু, জালুক দি কলপাতত সেকি নাইবা বইল কৰি পিটিকা হিচাপেও খাব পাৰি৷

 মানিমুনিঃ দুয়োবিধ মানিমুনি বহু ৰোগৰ উত্তম পথ্য৷ শিশু আৰু বৃদ্ধ উভয়ে মানিমুনি শাকৰ আঞ্জা খালে বহু ৰোগ প্রতিৰোধ হয়৷ শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধিতো মানিমুনি উপকাৰী৷ মানিমুনিৰ জালুকীয়া আঞ্জাই শৰীৰত বল প্রদান কৰে৷

 ফাগুন মাহত ছাল, চুলি শুষ্ক হৈ পৰে৷ এই মাহত সহজলভ্য প্রাকৃতিক উপাদানেৰে ছাল, চুলিৰ যত্ন ল’ব পাৰি৷ ছালৰ বাবে তেনে কেইবিধমান দিহা  হৈছে –

 খাটি সৰিয়হ তেল বা অলিভ অইলেৰে দেহত মালিচ কৰি স্নান কৰিলে ছালৰ শুষ্কতা দূৰ হয়৷

 মাহ–হালধিৰে মুখমণ্ডল আৰু গা পৰিষ্কাৰ কৰিব পাৰে৷ এই মিশ্রণৰ গুণাগুণ বৃদ্ধি কৰিবলৈ মাহ–হালধিৰ লগত তুলসী, নিমপাত আদি দিও ল’ব পাৰে৷

 বেচন, হালধি, দৈ মিহলাই পেক হিচাপে মুখত ব্যৱহাৰ কৰিব পাৰে৷

 মচুৰ দাইল ভালকৈ ধুই গাখীৰত তিয়াই লৈ তাৰ লগত ছালৰ প্রকাৰ অনুসৰি নিমপাত, হালধি আদি মিহলাই পেক হিচাপে ব্যৱহাৰ কৰিব পাৰে৷

 চুলিৰ শুকান ভাব দূৰ কৰিবলৈ ছেম্পু কৰাৰ আগত তিল তেল, অলিভ অইল, নাৰিকল তেল আদি গৰম কৰি চুলিৰ গুৰিত মাছাজ কৰক৷ শুকান চুলিৰ গৰাকীয়ে মৌ মিহলি পানীৰে চুলিত কণ্ডিচনাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে৷ চুলি ফাটিলে চুলিখিনি অলপ ট্রিম কৰি দিব লাগে৷

শিশু আৰু বৃদ্ধসকলৰ স্বাস্থ্যৰ যতনঃ শিশু আৰু বৃদ্ধ লোকে ঠাণ্ডা পানীৰ ব্যৱহাৰ, ঠাণ্ডা বতাহ, ধূলি আদিৰ পৰা যিমান পাৰে আঁতৰি থাকিব লাগে৷ তেওঁলোকৰ বাবে কুহুমীয়া পানীৰ ব্যৱহাৰ বেছি উপকাৰী৷ বেছিকৈ বতাহ বলা দিনকেইটাত শিশুসকলৰ বিশেষ যত্ন লওক৷ নৱজাতক আৰু কণ কণ শিশুসকলক ফাগুনৰ বতাহৰ পৰা বচাই ৰাখিব লাগে, কাৰণ তেওঁলোকৰ ৰোগ প্রতিৰোধ ক্ষমতা কম হোৱা বাবে কফজনিত ৰোগ, পেটৰ ৰোগ আদিত ভোগাৰ সম্ভাৱনা থাকে৷ খাটি মিঠাতেল বা অলিভ অইলেৰে শৰীৰ মালিচ কৰি পুৱাৰ একেবাৰে কোমল ৰ’দটো কিছু সময় ল’ব পাৰিলে খুব ভাল৷ পুৱাৰ সূর্যৰ ৰশ্মি আমাৰ শৰীৰৰ বাবে খুব উপকাৰী৷ ই শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে, দেহত বলৰ সঞ্চাৰ কৰে৷ লগতে এই সময়ত উপলব্ধ থলুৱা খাদ্য সামগ্রী গ্রহণ কৰিলে সকলো লোকেই নিৰোগী আৰু স্বাস্থ্যৱান হৈ থাকিব পাৰে৷

You might also like