নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পেকেটত এখন বিস্কুট কম !  এক লাখ জৰিমনা

🔹 উপভোক্তা সুৰক্ষা আদালতৰ গুৰুত্বপূর্ণ ৰায়

বিশেষ বাৰ্তা, ৮ ছেপ্টেম্বৰ : পেকেটত এখন বিস্কুট কম আছিল৷ আইনী যুদ্ধৰ শেষত সেই এখন বিস্কুটৰেই দাম উঠিল এক লাখ টকা৷ শেহতীয়াকৈ আইটিচি কোম্পানীক এক লাখ টকা জৰিমনা বিহা হৈছে এগৰাকী গ্রাহকৰ অভিযোগৰ ভিত্তিত৷ চেন্নাইৰ বাসিন্দা পি দিল্লীবাবু৷ ২০২১ চনৰ ডিচেম্বৰ মাহত হিমাচল প্রদেশৰ মানালিৰ এখন দোকানৰ পৰা পথৰ কুকুৰক খুওৱাৰ বাবে আইটিচিৰ অন্যতম ব্রেণ্ড ‘ছানফিষ্ট মেৰিলাইট’ ৰ বিস্কুট এপেকেট ক্রয় কৰিছিল পি দিল্লীবাবুৱে৷ বিস্কুটৰ পেকেটটোত লিখা আছিল ১৬খন বিস্কুট থকা বুলি৷ কিন্তু পেকেট খোলাৰ পাছত দিল্লীবাবুৱে হিচাপ কৰি দেখিলে যে ১৫খনহে বিস্কুট আছে৷ এখন বিস্কুট কম৷ দিল্লীবাবুৱে দোকানলৈ গৈ অভিযোগ কৰে৷ আইটিচি সংস্থাকো অভিযোগ কৰি বিষয়টোৰ ব্যাখ্যা বিচাৰে৷ কিন্তু সংস্থাৰ উত্তৰত সন্তুষ্ট নহ’ল দিল্লীবাবু৷ গতিকে ক্রেতা–উপভোক্তা আদালতত হাজিৰ হয় দিল্লীবাবু৷ আদালতত তেওঁ অভিযোগ কৰে যে প্রতিখন বিস্কুটৰ দাম ৭৫ পইচাকৈ পৰিছে৷ আইটিচিয়ে এই ব্রেণ্ডৰ ৫০ লাখ পেকেট বিস্কুট বজাৰত মুকলি কৰা বুলিও উল্লেখ কৰে দিল্লীবাবুৱে৷ এই গোচৰৰে বিচাৰত অনৈতিক ব্যৱসায়িক প্রক্রিয়া চলোৱাৰ অভিযোগত আইটিচিক দোষী সাব্যস্ত কৰি আদালতে এক লাখ টকা জৰিমনা বিহিছে৷ সেই এক লাখ টকা কোম্পানীয়ে আদায় দিবলগীয়া হৈছে বিস্কুটৰ ক্রেতা পি দিল্লীবাবুক৷ বিষয়টোক লৈ সংবাদ মাধ্যমত ব্যাপক চর্চা চলিছে৷

You might also like