নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শচীনক গোল্ডেন টিকট প্ৰদান বিচিচিআইৰ

বিশেষ বাৰ্তা, ৮ ছেপ্টেম্বৰ : অহা ৫ অক্টোবৰৰ পৰা ভাৰতত অনুষ্ঠিত হ’ব বিশ্বকাপ ২০২৩। ইয়াৰ বাবে ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ভাৰতৰ আইকনসকলক বিশেষ টিকট দিয়াৰ পৰিকল্পনা কৰিছে ব’ৰ্ডে। ইয়াৰ নাম দিয়া হৈছে ‘গোল্ডেন টিকট ফৰ ইণ্ডিয়া আইকনছ’। ইয়াৰ অধীনত বলীউডৰ অমিতাভ বচ্চনক প্ৰথম সোণৰ টিকট দিয়া হয়। এতিয়া শচীন টেণ্ডুলকাৰকো এই টিকট দিয়া হৈছে। আচলতে বিচিচিআইয়ে এক্স (টুইটাৰ)ত এটা পোষ্ট শ্বেয়াৰ কৰিছে। ইয়াত শচীনৰ সৈতে জয় শ্বাহক দেখা যায়। জয় শ্বাহে শচীনক সোণৰ টিকট দিছে। বিচিচিআইয়ে কেপচনত লিখিছে, দেশ আৰু ক্ৰিকেটৰ বাবে বিশেষ মুহূৰ্ত। গোল্ডেন টিকট ফৰ ইণ্ডিয়া আইকনছ কাৰ্যসূচীৰ অধীনত বি চি চি আইৰ শচীন জয় শ্বাহে ভাৰতৰত্ন শচীন টেণ্ডুলকাৰক সোণালী টিকট প্ৰদান কৰে। ইয়াৰ পূৰ্বে বিচিচিআইয়ে অমিতাভ বচ্চনকো সোণৰ টিকট দিছিল। ভাৰতত আয়োজন কৰা হ’ব বিশ্বকাপ ২০২৩। ইয়াৰ প্ৰথমখন মেচ ৫ অক্টোবৰত ইংলেণ্ড আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব। টিম ইণ্ডিয়াৰ প্ৰথমখন খেল অষ্ট্ৰেলিয়াৰে। এই খেলখন অহা ৮ অক্টোবৰত চেন্নাইত অনুষ্ঠিত হ’ব। একে সময়তে অহা ১৪ অক্টোবৰত আহমেদাবাদত অনুষ্ঠিত হ’ব ভাৰত আৰু পাকিস্তানৰ মাজত খেলখন। ১৯ নৱেম্বৰত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাৰ অন্তিমখন খেল।

You might also like