জি-২০ত মোদীৰ টেবুলৰ ফলকত INDIAৰ সলনি BHARAT
বিশেষ বাৰ্তা, ৯ ছেপ্টেম্বৰঃ দিল্লীৰ প্ৰগতি ময়দানৰ ভাৰত মণ্ডপামত চলি থকা জি-২০ সন্মিলনত উদ্বোধনী ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই সময়ত তেওঁৰ সন্মুখত ৰখা প্লেটখনত ভাৰত লিখা হৈছিল। আজিকালি দেশত INDIA বনাম ভাৰতক লৈ তীব্ৰ বিতৰ্ক চলি আছে আৰু INDIAৰ নাম ভাৰতলৈ সলনি হ’ব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। ইয়াৰ সমান্তৰালকৈ বিজেপি নেত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়েও ছ’চিয়েল মিডিয়া ছাইট এক্স (পূৰ্বৰ টুইটাৰ)ত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ লিখিছে, “আশা আৰু বিশ্বাসৰ নতুন নাম – ভাৰত।” আচলতে কোনো এখন দেশৰ চৰকাৰী বৈঠক হ’লে সেই দেশখনৰ প্ৰতিনিধিৰ সন্মুখত প্লেটত সেই দেশৰ নামো লিখা থাকে, যাৰ পৰা বুজা যায় যে সভাত উপস্থিত থকা ব্যক্তিজনে সেই দেশখনক প্ৰতিনিধিত্ব কৰিছে। জি-২০ সন্মিলনৰ বৈঠকত প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত ৰখা প্লেটত INDIAৰ সলনি ইংৰাজীত ভাৰত লিখা দেখা গৈছিল। এনে পৰিস্থিতিত দেশৰ নাম সলনি কৰাৰ উৰাবাতৰি সঁচা নেকি সেই আলোচনাত আকৌ এবাৰ ইন্ধন যোগাইছিল। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা হোৱা নাই। দেশৰ নাম সলনি সন্দৰ্ভত আলোচনা আৰম্ভ হৈছিল যেতিয়া দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰাতিৰ আহাৰ গ্ৰহণৰ বাবে নিমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰিছিল। মঙলবাৰে প্ৰেৰণ কৰা এই ৰাতিৰ আহাৰ গ্ৰহণৰ নিমন্ত্ৰণ পত্ৰত President of Indiaৰ সলনি President of Bharat বুলি লিখা হৈছিল। ইয়াৰ পিছত বিৰোধী নেতাসকলে মোদী চৰকাৰৰ তীব্ৰ বিৰোধিতা কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দলীয় নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলক ৰাজনৈতিক বিবাদৰ পৰা আঁতৰি থাকিবলৈ নিৰ্দেশ দিয়ে।