নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত শ্যামলা সুন্দৰী আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতা

🔹 ইউনাইটেড চিৰাংদুৱাৰ এফ চি ফাইনেলত

নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰ : ধুবুৰীৰ স্থানীয় ৰজা প্ৰভাত চন্দ্ৰ খেলপথাৰত শ্যামলা সুন্দৰী আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাৰ আজিৰ দ্বিতীয়খন ছেমি ফাইনেল ইউনাইটেড চিৰাংদুৱাৰ এফ চি আৰু এ এছ ই বি গুৱাহাটীৰ মাজত অনুষ্ঠিত হয়। নিৰ্ধাৰিত সময়ত খেলখন গ’লশূন্যভাৱে সমাপ্ত হোৱাৰ পিছত অনুষ্ঠিত হয় টাইব্ৰেকাৰ। টাইব্ৰেকাৰত ৩-১ গ’লত এ এছ ই বি গুৱাহাটীক পৰাস্ত কৰি ইউনাইটেড চিৰাংদুৱাৰ এফ চিয়ে প্ৰতিযোগিতাখনৰ ফাইনেলত প্ৰৱেশ কৰে। অহা বৃহস্পতিবাৰে হ’বলগীয়া ফাইনেল খেলখনত ইউনাইটেড চিৰাংদুৱাৰ এফ চিয়ে অইল এফ চি দুলীয়াজানৰ সন্মুখীন হ’ব।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like