নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এদিনীয়াত ১০ হাজাৰ ৰান ৰোহিতৰ

🔹 ষষ্ঠ ভাৰতীয় হিচাপে নজিৰ হিটমেনৰ

বিশেষ বাৰ্তা, ১২ ছেপ্টেম্বৰ : এদিনীয়া ক্রিকেটত নতুন অভিলেখ গঢ়িলে ৰোহিত শর্মাই৷ ষষ্ঠগৰাকী ভাৰতীয় হিচাপে এদিনীয়াত ১০ হাজাৰ ৰানৰ সীমা অতিক্রম কৰিলে তেওঁ৷ আজি এছিয়া কাপৰ ছুপাৰ ফ’ৰৰ মেচখনত শ্রীলংকাৰ বিৰুদ্ধে ৬ কোবোৱাৰ লগে লগে এই অভিলেখৰ গৰাকী হয় ভাৰতীয় অধিনায়কগৰাকী৷ ক্রিকেট ইতিহাসত তেওঁ দ্বিতীয় দ্রুততম বেটাৰ হিচাপে এই কৃতিত্ব অর্জন কৰে৷ শচীন তেণ্ডুলকাৰৰ পৰা মহেন্দ্র সিং ধোনী এই সকলোকে অতিক্রমি দ্বিতীয় দ্রুততম ভাৰতীয় হিচাপে ১০ হাজাৰ ৰান কৰে ৰোহিতে ৷ ভাৰতীয়সকলৰ ভিতৰত এদিনীয়াত ১০ হাজাৰ ৰান পূর্ণ কৰা অন্য ৫গৰাকী ভাৰতীয় বেটাৰ হ’ল– শচীন তেণ্ডুলকাৰ, ৰাহুল দ্রাবিড়, সৌৰভ গাংগুলী, মহেন্দ্র সিং ধোনী আৰু বিৰাট কোহলি৷ এই তালিকাত যোগ হ’ল ৰোহিত শর্মাৰ নাম ৷ ২৪১ ইনিংছত এই নজিৰ গঢ়ে তেওঁ৷ দ্রুততম হিচাপে এদিনীয়াত ১০ হাজাৰ ৰানৰ অভিলেখ আছিল বিৰাট কোহলিৰ৷ চলিত এছিয়া কাপত দুর্দান্ত ফর্মত থকা ৰোহিতে পাকিস্তানৰ বিৰুদ্ধে অর্ধশতৰান কৰাৰ পিছত শ্রীলংকাৰ বিৰুদ্ধেও ৫০ ৰান সংগ্রহ কৰিছে৷

You might also like