নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাচিব নজনাসকলেহে ছ’চিয়েল মিডিয়াত আইমী বৰুৱাক কৰি আছে ট্ৰ’ল !

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ বলীউদৰ তাৰকা-মহাতাৰকাৰ অংশগ্ৰহণেৰে শনিবাৰে নিশা গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হয় বৰ্ণাঢ্য ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠান । কিন্তু এই অনুষ্ঠানৰ সামৰণিৰ পাছত ফিল্মফেয়াৰক লৈ বিভিন্ন বিতৰ্কই এতিয়া স্থান পাইছে ছ’চিয়েল মিডিয়াত । শেহতীয়াকৈ আইমী বৰুৱাই কৰা বিহু নৃত্যক লৈ একাংশ লোক অসন্তুষ্ট হোৱা দেখা গৈছে । বিশেষকৈ এই অনুষ্ঠানত বিহু নৃত্যত অংশ লোৱা আইমী বৰুৱাক ছ’চিয়েল মিডিয়াত একাংশই ট্ৰ’ল কৰাও দেখা গৈছে ।

আজি এক সংবাদমেলত আইমী বৰুৱাক ট্ৰ’ল কৰাক লৈ অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁ কৰে যে “আইমী বৰুৱা এগৰাকী প্ৰতিষ্ঠিত শিল্পী৷ অসমত হাজাৰ হাজাৰ বিহু নচা শিল্পী আছে । গতিকে তেওঁলোকে হয়টো অসন্তুষ্ট হৈ ভাবিছে আইমী বৰুৱাৰ নাচক লৈ কিবা বিতৰ্ক কৰিব পাৰি নেকি ! গতিকে নাচিব নজনা সকলেহে আচলতে ছ’চিয়েল মিডিয়াত বিতৰ্ক কৰিছে ।”

লগতে আইমী বৰুৱা পীযূষ হাজৰিকাৰ সৈতে বিয়া হোৱাৰ পূৰ্বৰ পৰায়ে প্ৰতিষ্ঠিত শিল্পী বুলিও মন্তব্য কৰে জয়ন্ত মল্ল বৰুৱাই ।

You might also like