নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত শুভ্ৰ আঁচল উৰুৱাই ফুলিছে কঁহুৱা

🔹 কঁহুৱাৰ লয়লাস নাচোনে আনিছে উৎসৱৰ বতৰা

নিয়মীয়া বাৰ্তা, ১৪ ছেপ্টেম্বৰ : চৌদিশে কেৱল শুভ্ৰতাৰ আস্বাদন।নীলা আকাশৰ থুপি থুপি শুকুলা ডাৱৰৰ আঁচলত ধৰি প্ৰকৃতিৰ আপোন বাটেৰে নামি আহিছে শৰৎ। শুভ্ৰ আঁচল উৰুৱাই ফুলিছে কঁহুৱা। নীলা আকাশৰ তলত মলয়াৰ ৰিবৰিব বতাহত হালিজালি নাচিছে শুভ্ৰ কঁহুৱাই।চঞ্চলা কঁহুৱাই হাত বাউলি মাতিছে শৰতক। নৈৰ পাৰৰ কঁহুৱাৰ লয়লাস নাচোনে আনিছে উৎসৱৰ বতৰা। কঁহুৱাবোৰে যেন জনাই দিছে এয়াইতো উৎসৱৰ বতৰ। উৎসৱ আগমনৰ বার্তাত মন-প্ৰাণ হৰি নিয়াৰ সময় এয়া। শৰতৰ আগমনৰ লগে লগে ঢকুৱাখনাৰ প্রান্তে প্রান্তে ফুলিছে শুভ্ৰ কঁহুৱা। বানৰ বিভীষিকাৰ পাছত যেন শৰত অহাৰ বাতৰি পাই শুকুলা দলিচা পাৰি দিছে প্ৰকৃতিয়ে।বৰ্ষাক্ত মনটোক অশান্ত কৰিবলৈ যেন আকৌ কঁহুৱা ফুলিছে । নৈ-জান-জুৰিৰ কাষে কাষে ফুলি উঠিছে অগণন কঁহুৱা। কঁহুৱাৰ সৌন্দৰ্য্যত কবিৰ কলমত প্ৰাণ পাইছে কবিতাই, শিল্পীয়ে সৃষ্টি কৰিছে সুমধুৰ গীতৰ। শুভ্ৰ কঁহুৱাৰ আচ্ছাদনে প্ৰতিজনৰে মনলৈ নমাই আনিছে গভীৰ শীতলতা।বতাহত হালিজালি নাচি থকা কঁহুৱা বনে মন্ত্ৰমুগ্ধ কৰিছে সকলোকে । কঁহুৱাৰ মায়াই সকলোকে হাত বাউলি দি মাতে। সম্প্ৰতি নৈ-জান-জুৰিৰ পাৰ আৰু পথাৰৰৰ মাজত শাৰী শাৰীকৈ ফুলি থকা কঁহুৱানিবোৰৰ মনোমোহা ৰূপ পান কৰিবলৈ আগমন ঘটিছে বিভিন্ন লোকৰ। প্ৰতিগৰাকী প্ৰকৃতিপ্ৰেমীয়ে উপভোগ কৰিছে নদীৰ দুয়োপাৰে ফুলি থকা কঁহুৱাৰ নয়নাভিৰাম দৃশ্য । কঁহুৱা ফুলৰ এই নয়নাভিৰাম দৃশ্যই যেন মানুহৰ মনলৈও কঢ়িয়াই আনিছে নতুন সম্ভাৱনা। এনেদৰেই এতিয়া শৰতৰ আগমনে কঁহুৱা ফুলৰ শুভ্ৰতাই পুলকিত কৰিছে সকলোৰে মন।

 

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like