নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত কৃতী শিক্ষকক সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা,  ১৪ চেপ্টেম্বৰ : মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষাখণ্ডৰ অন্তৰ্গত টেঙাগুৰি মজলীয়া বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক আব্দুল জব্বাৰ চৌধুৰীক কালি বিদ্যালয়ত স্হানীয় ৰাইজ, বিদ্যালয় পৰিচালনা সমিতি আৰু ছাত্ৰ-ছাত্ৰীসকলে বিপুলভাৱে সম্বৰ্ধনা জনায়। উল্লেখ্য যে এইবাৰৰ শিক্ষক দিৱসত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক আব্দুল জব্বাৰ চৌধুৰীয়ে জিলা ভিত্তিত কৃতী শিক্ষকৰ বঁটা লাভ কৰিছিল। আব্দুল জব্বাৰ চৌধুৰীয়ে কৃতী শিক্ষকৰ বঁটা লাভ কৰাত স্হানীয় ৰাইজ, ছাত্ৰ-ছাত্ৰী উৎফুল্লিত হৈ এইদৰে বিদ্যালয়ত আব্দুল জব্বাৰ চৌধুৰীক সম্বৰ্ধনা জনায়। এই উপলক্ষে কালি আবেলি বিদ্যালয় প্ৰাংগণত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আবুল হুছেইনৰ সভাপতিত্বত এখনি সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। সভাত স্হানীয় গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। সভাত বিদ্যালয় পৰিচালনা সমিতি, ছাত্ৰ-ছাত্ৰী, শিক্ষকসকল আৰু স্হানীয় ৰাইজে কৃতী শিক্ষক আব্দুল জব্বাৰ চৌধুৰীক সম্বৰ্ধনা জনায়।

প্ৰেৰক আবুল কালাম

You might also like