নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বকাপৰ থীম ছং মুকলি

🔹 টীম ইণ্ডিয়াৰ জার্ছীৰ পৰিৱর্তন

বিশেষ বাৰ্তা, ২১ ছেপ্টেম্বৰ : প্রকাশ পালে আইচিচি বিশ্বকাপৰ থীম ছং৷ ‘দিল জখন বোলে’ শীর্ষক গানত দেখা যাব ৰণবীৰ সিং আৰু চাহালপত্নী ধনশ্রী বার্মাক৷ গান প্রকাশ পোৱাৰ পিছত অভিনেতা ৰণবীৰে কয়– ‘ষ্টাৰ স্প’ৰ্টছ ফেমিলীৰ সদস্য আৰু ক্রিকেট অনুৰাগী হিচাপে আইচিচি বিশ্বকাপৰ থীম ছং উন্মোচনী অনুষ্ঠানত অংশগ্রহণ কৰিবলৈ পাই নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ৷ যি খেল আমি সকলোৱে ভাল পাওঁ, এয়া তাৰেই চেলিব্রেচন৷’ গানৰ সুৰ দিছে বলীউডৰ প্রখ্যাত সুৰকাৰ প্রীতমে৷ ইপিনে, ভাৰতীয় দলৰ জার্ছীত কিছু পৰিৱর্তন ঘটোৱা হৈছে৷ দলৰ জার্ছী প্রস্তুতকাৰক সংস্থা এডিডাছে এই নতুন জার্ছী প্রস্তুত কৰিছে৷ এদিনীয়া বিশ্বকাপৰ পূর্বে এই জার্ছী প্রস্তুত কৰা হৈছে৷ ভাৰতীয় দলে এতিয়া যি জার্ছী পৰিধান কৰি খেলে, তাত তিনিটা তৰা আছে৷ ১৯৮৩ আৰু ২০১১ চনত দুখন এদিনীয়া বিশ্বকাপ আৰু ২০০৭ চনৰ টি–২০ বিশ্বকাপ জয় কৰাৰ বাবে তিনিটা তৰা দেখা যায় ৰোহিত শর্মাহঁতৰ জার্ছীত৷ কিন্তু এদিনীয়া বিশ্বকাপত তেওঁলোকে যি জার্ছী পৰিধান কৰি নামিব, তাত দুটা তৰা থাকিব৷ দুবাৰ এদিনীয়া বিশ্বকাপ জয় কৰা বাবে দুটা তৰা থকা জার্ছী পৰিধান কৰি নামিব ভাৰতীয় ক্রিকেটাৰসকলে৷

You might also like