নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩৩ বছৰ পিছত বৰক্ষেত্ৰীত পদাৰ্পণ চন্দ্ৰমোহন পাটোৱাৰীৰ

বিশেষ বাৰ্তা, ২২ ছেপ্টেম্বৰ : সমাগত ২৪’ৰ লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি দেশৰ ৰাজনীতি উত্তাল হৈ থকাৰ সময়তে অসমতো শাসক-বিৰোধীৰ মাজত নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাৱলৈ ধৰিছে। শাসকীয় বিজেপিৰ দলীয় প্ৰাৰ্থীত্বক লৈ চৰ্চা চলি থকাৰ সময়তে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিত কালি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিজেপিৰ দলীয় সভাত অংশগ্ৰহণ কৰাক লৈ ৰাজনৈতিক মহলত আন এক ব্যাপক চৰ্চা আৰম্ভ হৈছে। মন্ত্ৰী পাটোৱাৰীয়ে তেওঁ প্ৰতিনিধিত্ব কৰা ধৰ্মপুৰ সমষ্টিৰ গাতে লাগি থকা বৰক্ষেত্ৰী সমষ্টিত বিগত ৩৩ বছৰ ধৰি  কোনো এখন চৰকাৰী অথবা বেচৰকাৰী অনুষ্ঠানত ভাগ নোলোৱাক লৈ স্বাভাৱিকতে বৰক্ষেত্ৰীবাসীৰ মনত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। এনে প্ৰতিক্ৰিয়াৰ মাজতে কালি মন্ত্ৰী গৰাকীয়ে বৰক্ষেত্ৰীৰ কেকানকুছিত প্ৰাক্তন বিধায়ক তথা জি এম ডি এ ৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ উপস্থিতিত অনুষ্ঠিত এখন দলীয় সভাত ভাগ লয়। এই লৈ বৰক্ষেত্ৰীবাসীৰ মাজত স্বাভাৱিকতে প্ৰশ্ন উঠিছে- বৰক্ষেত্ৰীৰ মাজেৰে অহা যোৱা কৰা নলবাৰী জিলাক প্ৰতিনিধিত্ব কৰি অহা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে তেওঁৰ গৃহ সমষ্টি ধৰ্মপুৰৰ গাতেই লাগি থকা বৰক্ষেত্ৰী সমষ্টিত কোনো ৰাজনৈতিক সভা-সমিতিয়ে হওঁক, অন্য সভা-সমিতিৰ কতো উপস্থিত থকা পৰিলক্ষিত নহ’ল। কিন্তু হঠাতে বৰক্ষেত্ৰীৰ ৰাইজৰ প্ৰতি মন্ত্ৰী পাটোৱাৰীৰ দৰদ কিয় বুলিও প্ৰশ্ন উত্থাপন হৈছে।উল্লেখ্যযে, ১৯৮৯ চনত তদানীন্তন অগপ চৰকাৰৰ শাসনকালত অগপৰ প্ৰভাৱশালী নেতা চন্দ্ৰমোহন পাটোৱাৰীয়ে বৰক্ষেত্ৰীৰ ৰামপুৰৰ এখন দলীয় সভাত অংশ লোৱাৰ পিছৰে পৰা বৰক্ষেত্ৰী সমষ্টিৰ ৰাইজে পাটোৱাৰীক বৰক্ষেত্ৰীত পদাৰ্পন কৰা দেখা নাই। অগপ চৰকাৰৰ দিনৰ পৰা সুদীৰ্ঘ ৩৩ বছৰৰ পিছত মন্ত্ৰী পাটোৱাৰীয়ে কালি বৰক্ষেত্ৰীত দিনজোৰা কাৰ্যসূচীৰে দলীয় সভাত অংশ লোৱাৰ লগতে প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকাৰ বাসগৃহত দলীয় কৰ্মীৰ স’তে আলোচনাত মিলিত হোৱা বিষয়টোৱে ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।লোকসভা প্ৰৱাস যোজনা কাৰ্য্যসূচীৰ অধীনত কালি মন্ত্ৰীগৰাকীয়ে বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত কেকানকুছি আৰু মৰোৱাত জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰক লগত লৈ বিজেপি বৰক্ষেত্ৰী মণ্ডলৰ উদ্যোগত আৰু অনুসূচিত জাতি মৰ্চা বৰক্ষেত্ৰী মণ্ডলৰ সহযোগত অনুষ্ঠিত অনুসূচীত জাতি সন্মিলনত উপস্থিত থাকে। লক্ষনীয়ভাৱে, সমষ্টি পুনৰ নিৰ্ধাৰনৰ বাবে বৰক্ষেত্ৰী সমষ্টিটো বৰপেটা লোকসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱা বাবে বৰপেটা সমষ্টিৰ পৰাই মন্ত্ৰী পাটোৱাৰীয়ে আগন্তুক লোকসভা নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়াৱ আৰু ইয়াৰ বাবে নিৰ্বাচনী কুচকাৱাজ চলোৱাৰ উদ্দেশ্যে বৰক্ষেত্ৰীত ৰাজ্যৰ প্ৰবীন ৰাজনীতিকগৰাকীয়ে পদাৰ্পন কৰা বুলি ৰাজনৈতিকভাৱে চৰ্চিত হৈছে। মন কৰিৱ লগা ধৰ্মপুৰ সমষ্টিৰ পৰা আঠবাৰ প্ৰতিদ্বন্দিতা কৰি ছয়বাৰকৈ নিৰ্বাচিত হোৱা প্ৰবীন ৰাজনীতিক পাটোৱাৰীয়ে বিজেপিৰ দলীয় টিকটত বৰপেটা লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হৈছিল। এইবাৰো পাটোৱাৰীকেই বৰপেটাৰ পৰা দলীয় টিকট দি সংসদলৈ নিৰ্বাচিত কৰিৱ বুলিও দলটোৰ বাহিৰে ভিতৰি চৰ্চা চলিছে। গতিকে বৰক্ষেত্ৰীত পদাৰ্পনৰ বিষয়টো মন্ত্ৰী পাটোৱাৰীৰ আগন্তুক লোকসভা নিৰ্বাচনৰ কুচকাৱাজ বুলিহে ব্যাপক চৰ্চা লাভ কৰিছে।

প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন
You might also like