নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চোৰাং গৰু সৰবৰাহৰ অভিকেন্দ্ৰত পৰিণত শিৱসাগৰ!

নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰঃ গো- সুৰক্ষা আইনক ভৰিৰে মোহাৰি এটা কুখ্যাত চোৰাং ব্যৱসায়ী দলে শিৱসাগৰৰ মাজেদি যোৱা ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথ হৈ প্ৰতিনিশাই শ শ গৰু বিভিন্ন বাহনত তুলি নামনি-মধ্য অসমৰ দিশে সৰৱৰাহ কৰি থকাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰি থকাৰ মাজতেই যোৱা নিশা বজৰং দলৰ তৎপৰতাত ধৰা পৰিল দুখনকৈ গৰু ভৰ্তি বলেৰ পিক আপ ৷নিশা প্ৰায় দেৰ মান বজাত বজৰং দলৰ একাংশ সদস্যই সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ পোনজান পথৰ সমীপত জব্দ কৰিবলৈ সক্ষম হয় ১৯টা গৰু গোপনে সৰৱৰাহ কৰা দুখন বলেৰ পিক আপ গাড়ী ৷ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত নিতাই পুখুৰী অঞ্চলৰ পৰা নিশা গৰু কঢ়িয়াই অনা দুয়োখন গৰু ভৰ্তি বাহনৰ পৰা ১৯খনকৈ ৰাজমাই পশু ধন সাপ্তাহিক বজাৰৰ ৰচিদ উদ্ধাৰৰ লগতে শদিয়া জিলাৰ এগৰাকী গাও প্ৰধানৰ গৰু বিক্ৰী নথিও উদ্ধাৰ হৈছে বুলি জানিব পৰা গৈছে ৷বজৰং দলৰ সদস্য সকলে আৱদ্ধ কৰা এ এচ ০২ ডি চি, ১১৩৭ আৰু এএচ ০২ বি চি, ৭৩১৫ নম্বৰৰ দুখন বলেৰ পিক আপ, ১৯টা গৰুৰ লগতে পাঁচ সৰৱৰাহকাৰীক শিৱসাগৰ সদৰ আৰক্ষীক নিশাই ঘটনাস্থলীলৈ মতাই নি চমজাই দিয়ে ৷দুয়োখন গাড়ীৰ চালকে গৰু সমুহ নগাও জিলাৰ চামগুৰিলৈ নিয়াৰ কথা স্বীকাৰ কৰে যদিও গৰাকীৰ নাম উল্লেখ কৰাৰ পৰা বিৰত থাকে ৷ইফালে আৰক্ষীয়ে দুয়োখন গাড়ীৰ পৰা উদ্ধাৰ কৰা গৰু সমুহ পশু চিকিৎসকৰ হতুৱাই স্বাস্থ্য পৰীক্ষা কৰাই ৷অৱশ্যে প্ৰভাৱশালী চোৰাং ব্যৱসায়ী চক্ৰটোৱে নিশাৰ ভাগলৈ জব্দকৃৰ্ত বলেৰ দুখনৰ লগতে অতিৰিক্ত আৰু এখন গাড়ীৰ সহায়ত ১৯ টা গৰু আজি নিশাৰ ভিতৰত পুণৰ আৰক্ষীৰ জিম্মাৰ পৰা মোকলাই নিয়াৰ বাবে সকলো প্ৰস্তুতি সম্পুৰ্ণ কৰি তুলাৰ ঘটনাই আন এক ৰহস্যৰো সৃষ্টি কৰিছে ৷অৱশ্যে সকলো ঠিকে থাকে থাকিলে গৰু সহ দুয়োখন বলেৰ পিক আপ আৰু পাঁচ সৰৱৰাহকাৰী নিশাৰ ভিতৰত সা- সন্মানেৰে মুকলি হৈ গন্তৰ্ব্য স্থান নগাও অভিমুখে ৰাওনা হলেও বিশেষ আচৰিত হব লগীয়া একো নাথাকিব ৷ উল্লেখ্য যে, বিগত দুটা বছৰত গো- সুৰক্ষা আইন বলবৎ হোৱাৰ লগে লগেই কেৱল শিৱসাগৰতেই মুঠ ২৪খনতকৈও অধিক গৰু সৰৱৰাহ কৰা বাহন জব্দ কৰাৰ লগতে অদ্ধ শতাধিক ব্যক্তিক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে ৷ইয়াৰোপৰি প্ৰায় দুশতকৈও অধিক জব্দকৃৰ্ত গৰু মাত্ৰ তিনি ঘন্টাৰ ভিতৰতেই যোৰহাট গো- শালালৈ প্ৰেৰণ কৰিছে খোদ শিৱসাগৰ সদৰ আৰক্ষীয়ে ৷আন নালাগে যোৰাবাট আৰক্ষীয়ে জব্দ কৰা এখন গৰু ভৰ্তি ট্ৰাকৰ পৰা ৰাজমাই পশু ধন বজাৰৰ ৰছিদ উদ্ধাৰৰ বাবে বজাৰৰ হাট খোৱা জেললৈ যোৱাৰ লগতে হালোৱাটিং অঞ্চলৰ এগৰাকী গাওবুঢ়াও গৰু বিক্ৰীৰ নথিত স্বাক্ষৰ কৰাৰ অপৰাধত কাৰাগাৰৰ আলহী হৈছিল ৷বিশেষকৈ দিচাং হালোৱাটিং অঞ্চলৰ এটা দৰিদ্ৰ পৰিয়ালে কৰ্কট আক্ৰান্ত মুৰৰ্ব্বী গৰাকীৰ জটিল অস্ত্ৰোপ্ৰচাৰৰ বাবে ধনৰ প্ৰয়োজন হোৱাত ঘৰত ওপজা তিনিজনী জাৰ্চী গৰু গাড়ীত তুলি বিক্ৰি কৰাৰ অভিযোগত জেললৈ যোৱাৰ ঘটনাই সেই সময়ত তুমুল চাঞ্চল্যৰ সৃষ্টি কৰিছিল ৷ তদানীন্তন শিৱসাগৰৰ আৰক্ষী অধীক্ষকে সেই সময়ত গাড়ীত গৰু তুলিলেই গ্ৰেপ্তাৰ হব বুলি স্পষ্ট কৰি দিয়াৰ লগতে কাকোৱেই ৰেহাই দিয়া নহব বুলি জানিবলৈ দিছিল ৷কিন্তু অতি আচৰিত ধৰণে যি সময়ত গাড়ীত গৰু সৰৱৰাহ কৰাৰ অভিযোগত অদ্ধা শতাধিকে কাৰাগাৰৰ আলহী হব লগা হল, গাও বুঢ়া, কৰ্কট আক্ৰান্তই জেলৰ ভাত খাব লগা হল, সেই সময়তে কিন্তু অনুৰূপ অভিযোগত গৰু সহ দুখনকৈ গাড়ী, পাঁচ জনকৈ সৰৱৰাহকাৰী আটক হোৱাৰ পিছতো কেনেকৈ সা- সন্মানে ১৮ ঘন্টাৰ পিছতো পাঁচ সৰৱৰাহকাৰী গ্ৰেপ্তাৰ, দুখন বাহন সহ ১৯টা গৰু জব্দ নোহোৱাকৈ আছে সেইয়াহে এই মুহূত্বত লাখটকীয়া প্ৰশ্ন হিচাবে বিবেচিত হৈছে ৷বিশেষকৈ যি সময়ত মুখ্য মন্ত্ৰীয়ে গৰু সৰৱৰাহ কৰাৰ অভিযোগত গাড়ী জব্দ হলে সেই গাড়ী নিলাম হব বুলি ঘোষণা কৰিছিল সেই সময়তেই কিন্তু শিৱসাগৰ আৰক্ষীয়ে বিগত আঢ়ৈটা বছৰত গৰু সহ জব্দ কৰা বিশ খনতকৈ অধিক গাড়ীৰ বৰ্তমানৰ অৱস্থান সন্দৰ্ভদো বিস্ফোৰক প্ৰশ্ন উত্থাপন হৈছে ৷সচেতন মহলে গো – সুৰক্ষা আইনৰ কোনো দফা জনসাধাৰণৰ অজ্ঞাতে সালসলনি কৰি গাড়ীত তুলি গৰু উজনিৰ পৰা নামনিলৈ নিয়াৰ বাবে বিশেষ আইন সংশোধনী কৰা হৈছে নেকি সেইয়া ৰাজহুৱা কৰিবলৈ ৰাইজে চৰকাৰ- জিলা প্ৰশাসনৰ প্ৰতি দাবী জনাইছে ৷আনহাতে আৰক্ষীৰ দৰে মাজনিশা ৰাষ্ট্ৰীয় ঘাই পথত গাড়ী আগুচি থানাত চমজাই দিয়া বজৰং দলৰ কৰ্মকতা সকলে বাতৰি প্ৰেৰণ কৰা লৈকে জ্বব্দকৃৰ্ত গৰু সহ গাড়ী তথা সৰৱৰাহকাৰীৰ বিৰুদ্ধে স্পষ্ট অভিযোগ সম্বলিত লিখিত অভিযোগ দাখিল নাই কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়াৰ ঘটনাইয়ো গভীৰ ৰহস্যৰ সৃষ্টি কৰিছে ৷তেনেস্থলত পশু ধনৰ বজাৰৰ চৰকাৰী ৰছিদ, গাও প্ৰধানৰ নথিৰ ভিত্তিত গাড়ীত তুলি ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ গৰু পৰিবহণ কৰিবই পাৰে তেন্তে গো- সুৰক্ষা আইন ২০২১ ৰ কি প্ৰয়োজন বুলি ৰাইজে প্ৰশ্ন উত্থাপন কৰাৰ লগতে একেই অভিযোগত বিগত সময়ত শিৱসাগৰ আৰক্ষীয়ে অদ্ধ শতাধিক সৰৱৰাহকাৰীক কিয় জেললৈ প্ৰেৰণ কৰিলে বুলিও সৰৱ চৰ্চা কৰিছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like