নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অষ্ট্ৰেলিয়াৰে প্ৰথম এদিনীয়াত জয়ী টীম ইণ্ডিয়া

বিশেষ বাৰ্তা, ২২ ছেপ্টেম্বৰঃ বিশ্বকাপৰ পূৰ্বে অনুষ্ঠিত অষ্ট্ৰেলিয়াৰে এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত জয়লাভ কৰিছে টীম ইণ্ডিয়াই। আজি মোহালিৰ আই এছ বিন্দ্ৰা ষ্টেডিয়ামত অনুষ্ঠিত তিনিখন খেলৰ শৃংখলাৰ প্ৰথমখন এদিনীয়া খেলত ভাৰতে অষ্ট্ৰেলিয়াক ৫ উইকেটত পৰাস্ত কৰে। অষ্ট্ৰেলিয়াৰ দলটোৱে প্ৰথমে বেটিং কৰি ভাৰতক ২৭৭ ৰানৰ লক্ষ্য বান্ধি দিছিল। ইয়াৰ প্ৰত্যুত্তৰত টীম ইণ্ডিয়াই মাত্ৰ ৫টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয়। ভাৰতৰ হৈ প্ৰথম বলিঙত মহম্মদ ছামিয়ে ৫টা উইকেট দখল কৰে। ইয়াৰ পাছত বেটিঙত শুভমন গিলে ৭৪ ৰান আৰু ৰুতুৰাজ গাইকোৱাডে ৭১ ৰানৰ ইনিংছ খেলে। দুয়োজনে প্ৰথম উইকেটত ১৪২ ৰান সংগ্ৰহ কৰে। ইয়াৰ পিছতে সূৰ্যকুমাৰ যাদৱে ৫০ ৰানৰ ইনিংছ আৰু কে এল ৰাহুলে ৫৮ ৰানৰ অপৰাজিত ইনিংছ খেলে।

You might also like