নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

থাইলেণ্ডত সমৰ কলাত সোণৰ পদক দক্ষিণ কামৰূপৰ জিতেনৰ

নিয়মীয়া বাৰ্তা, ২৩ ছেপ্টেম্বৰঃ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল দক্ষিণ কামৰূপৰ ভাটিপাৰা গাৱঁৰ যুৱক জিতেন মহন্ত। থাইলেণ্ডৰ পাট্টায়া চহৰত চলি থকা আন্তঃৰাষ্ট্ৰীয় সমৰ কলা কৌশলৰ খেল প্ৰতিযোগিতাত চাইনাক হৰুৱাই সোণৰ পদক অৰ্জন কৰে জিতেন মহন্তই। ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰাৰ বাবে বিগত চাৰি দিন পুৰ্বেই থাইলেণ্ডত উপস্থিত হৈছিল জিতেন মহন্তই। কালি চাইনাৰ সৈতে মুখামুখি হয় মহন্ত। অৱশেষত চাইনাক পৰাভূত কৰি সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় জিতেন মহন্তই। থাইলেণ্ডৰ পৰা এই খবৰটো অহাৰ লগে লগে মহন্তৰ জন্ম গাওঁ দক্ষিণ কামৰূপৰ ভাটিপাৰাত আনন্দৰ জোৱাৰ উঠিছে। অহা ২৭ ছেপ্টেম্বৰত জিতেন মহন্তই থাইলেণ্ডৰ পৰা অসমলৈ উভতি অহাৰ কথা।

প্ৰেৰক ভগৱান দাস

You might also like