নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাট আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ মাফিয়া

নিয়মীয়া বাৰ্তা, ২৫ ছেপ্টেম্বৰঃ ৰূপহীহাটত যোৱানিশা ড্ৰাগছ মাফিয়াই আক্ৰমণ কৰা দলটোৰ মাষ্টাৰ মাইণ্ড ৱাহিদুল ইছলাম আৰু ৰশিদুল হকক আজি আটক কৰে ৰূপহীহাট আৰক্ষীয়ে। যোৱানিশা ড্ৰাগছবিৰোধী কমিটীৰ সম্পাদক মজিবুৰ ৰহমান খানক ২০-২৫জনীয়া এটি ড্ৰাগছ মাফিয়াৰ দলে আক্ৰমণ কৰি গুৰুতৰভাবে আহত কৰিছিল। ড্ৰাগছ মাফিয়াক কৰায়ত্ব কৰাৰ দাবীত যোৱানিশা ৰূপহীহাট থানা ঘেৰাও কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল ৰাইজে। ৰূপহীহাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বুলাৰাম তেৰাঙে ৰাইজক দিয়া কথা মতেই নিশাই ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে অভিযান চলাই কুখ্যাত ড্ৰাগছ মাফিয়া ৱাহিদুল ইছলাম আৰু ৰশিদুল হকক আটক কৰে যদিও আন বহু কেইটা ড্ৰাগছ মাফিয়া এতিয়াও পলাতক অৱস্থাত আছে ৷ পলাতক ড্ৰাগছ মাফিয়াক বিছাৰি ৰূপহীহাট আৰক্ষীয়ে অভিয়ান তীব্ৰতৰ কৰি তুলিছে ৷

প্ৰেৰক জহিৰুল ইছলাম

You might also like