নিয়মীয়া বাৰ্তা, ২৬ জুলাইঃ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ অন্যতম মুকুটাস্বৰূপ কহিনুৰ থিয়েটাৰে এইবেলি পদাৰ্পণ কৰিছে ৪৮সংখ্যক নাট্যবৰ্ষত৷ গৌৰৱোজ্বল সোণালী জয়ন্তীলৈ মাজত মাত্ৰ দুটা বছৰ বাকী থকা নাট্যদলটোৰ মুখপত্ৰ “কৰণি”ৰ এই বৰ্ষৰ সংখ্যাটো কালি নিশা বজালীৰ ভেঠুৱাত উন্মোচন কৰা হয়৷ কালি নিশা ভেঠুৱাত নাট প্ৰদৰ্শনৰ পূৰ্বে জ্যেষ্ঠ অধিবক্তা তথা পাঠশালা বজাৰ কমিটিৰ সভাপতি গিৰিধৰ চৌধুৰীৰ পৌৰোহিত্যত অনুষ্ঠিত মুখপত্ৰ উন্মোচনী সভাত “কৰণি” ৪৮ সংখ্যাটি উন্মোচন কৰে অসম শক্তি উৎপাদন নিগম লিমিটেডৰ সঞ্চালক ড৹ দেৱজিৎ মহন্তই৷ বিশিষ্ট কবি তথা “কৰণি”ৰ মুখ্য সম্পাদক পুৰন্দৰ পাটগিৰিয়ে আঁত ধৰা অনুষ্ঠানটোত মুখপত্ৰখন উন্মোচন কৰি ড৹ মহন্তই কয় যে কহিনুৰ থিয়েটাৰ মুখপত্ৰ কৰণি আজি কহিনুৰৰ ৪৮ বছৰীয়া সন্তানস্বৰূপ৷ মুখপত্ৰখন উন্মোচন কৰি তেওঁ কহিনুৰ থিয়েটাৰে অসমৰ নাট্য, কলা, সংস্কৃতিত এক অনবদ্য বৰঙনি যোগাই আহিছে বুলি মন্তব্য কৰি অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ ইতিহাস সম্বন্ধে বহু গুৰুত্বপূৰ্ণ কথা উনুকিয়ায়৷ এই অনুষ্ঠানত কহিনুৰ থিয়েটাৰৰ প্ৰযোজক তপন লহকৰ, প্ৰয়াত ৰতন লহকৰৰ সহধৰ্মিনী জ্যোতি লহকৰ, কৰণিৰ কাৰ্যকৰী সভাপতি হিমাংশু কলিতা সমন্বিতে ভালে সংখ্যক লোক উপস্থিত থাকে৷ উল্লেখ্য যে ২৩-২৪ নাট্যবৰ্ষত ৪৮ সংখ্যক কহিনুৰ থিয়েটাৰে এইবেলি মঞ্চস্থ কৰিব তিনিগৰাকীকৈ নাট্যকাৰৰ তিনিখন নাট৷ চম্পক শৰ্মাৰ “দীপাৱলী”, মৃদুল চুতীয়াৰ “এবিচিডি” আৰু মনজিত শৰ্মাৰ “আই লাভ ইউ” মঞ্চস্থ কৰা হব৷ ৪৮ সংখ্যক নাট্যবৰ্ষত কহিনুৰ থিয়েটাৰত অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈছে সুদক্ষ অভিনেতা কৃষ্ণমনি নাথ, অমিত কুমাৰ বৰা, দুলুমনি ডেকা, জয়ন্ত জীৱন বৰুৱা, দীপক তালুকদাৰ, মুন কলিতা, দীপ, গিৰিজা মহন্ত, বাবালী আৰ বৰা, আশা ৰিয়া ফুকন সমন্বিতে বহুতো ন-পুৰণি অভিনেতা অভিনেত্ৰী৷
প্ৰেৰক কল্যাণ কলিতা