নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত ড্ৰোনেৰে খেতিপথাৰত ঔষধ ছটিওৱাৰ প্ৰশিক্ষণ

নিয়মীয়া বাৰ্তা, ৩০ ছেপ্টেম্বৰ : ৰঙিয়াৰ গোঁসাই শ’লমাৰীত কামৰূপ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ‍্যোগত আৰু ৰঙিয়া কৃষি বিভাগৰ সহযোগত ড্ৰোনৰ সহায়ত খেতিপথাৰত ঔষধ ছটিওৱা এক প্ৰশিক্ষণ প্ৰদান কৰা হয়। কৃষি বিজ্ঞান কেন্দ্ৰৰ ভূমি বিজ্ঞান বিভাগৰ বিশেষজ্ঞ ড৹ ঋতুপৰ্ণ শইকীয়াই উপস্থিত কৃষকসকলক ড্ৰোনৰ ব‍্যৱহাৰ সম্পৰ্কে প্ৰশিক্ষণ দিয়ে । প্ৰশিক্ষকগৰাকীয়ে স্থানীয় কৃষকসকলক প্ৰথমতে ড্ৰোনৰ উপযোগিতা সম্পৰ্কে ব‍্যাখ‍্যা কৰে । তেওঁ কয় যে ভাৰত চৰকাৰৰ ‘ছাবমিছন অন এগ্ৰিকালচাৰেল মেকানাইজেছন’ নামৰ এক আঁচনিৰ অধীনত কৃষকসকলৰ ব‍্যৱহাৰৰ বাবে এই ড্ৰোনৰ ব‍্যৱস্থা কৰা হৈছে । হাতেৰে স্প্ৰে’ কৰা মেচিন আৰু ড্ৰোনৰ মাজত তুলনাত্মক ব্যাখ্যা কৰি প্ৰশিক্ষকগৰাকীয়ে কয় যে ড্ৰোনৰ সহায়ত ১০ লিটাৰ ঔষধ দুই বিঘা মাটিত দিব পৰাৰ বিপৰীতে হাতেৰে স্প্ৰে’ কৰা মেচিনেৰে এবিঘা মাটিত প্ৰায় ৪৫ লিটাৰ ঔষধৰ প্ৰয়োজন হয় । আনহাতে, ড্ৰোনে ঔষধ ছটিওৱাৰ ক্ষেত্ৰত যথেষ্ট সময় ৰাহি কৰি মাত্ৰ ১০ মিনিটত এবিঘা মাটিত ঔষধ ছটিয়াব পাৰে। ইয়াৰ উপৰি ড্ৰোনেৰে ঔষধ ছটিওৱাৰ ক্ষেত্ৰত এক বিশেষ টিপ্পনী কৰি কৃষি বিজ্ঞানীগৰাকীয়ে কয় যে ড্ৰোনত থকা মেচিনে এটোপাল পানীক ২০০টা ভাগত বিভক্ত কৰে । সেয়েহে  ড্ৰোনেৰে ঔষধ ছটিয়ালে কম পৰিমাণৰ ঔষধতো নিৰ্ভৰযোগ্য ফলাফল লাভ কৰা যায় । প্ৰশিক্ষণত ৰঙিয়া কৃষি বিভাগৰ নকুল চক্ৰৰ কৃষি সম্প্ৰসাৰণ সহায়ক ৰেকিবুদ্দিন আহমেদৰ লগতে নকুল কৃষি উন্নয়ন বিষয়া স্মিতা শৰ্মাও উপস্থিত থাকে । কৃষি বিভাগৰ দুয়োগৰাকী বিষয়াই উপস্থিত কৃষকসকলক খেতিপথাৰত কীটনাশক ঔষধ প্ৰয়োগৰ বিষয়ে ব‍্যাখ‍্যা কৰে । বিশেষকৈ ভাল ফল পোৱাৰ আশাত ঔষধৰ অত‍্যধিক প্ৰয়োগ আৰু দুই- তিনিবিধ ঔষধ একেলগে সংমিশ্ৰণ কৰি খেতিত প্ৰয়োগ কৰিবলৈ বাধা আৰোপ কৰে।  প্ৰশিক্ষণটোত অঞ্চলটোৰ শতাধিক কৃষকৰ লগতে স্থানীয় মহিলা তথা স্কুলীয়া ছাত্র-ছাত্ৰীসকলেও অংশগ্ৰহণ কৰে ।
প্ৰেৰক ফাৰুক হুছেইন 
You might also like