নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উঁয়ে খালে কন্যাৰ বিবাহৰ বাবে জমা কৰা ১৮ লাখ টকা

🔹 উত্তৰ প্রদেশত বেংকৰ লকাৰ খুলি হতবাক মহিলা

বিশেষ বাৰ্তা, ৩০ ছেপ্টেম্বৰ : উত্তৰ প্রদেশৰ মোৰাদাবাদৰ বেংক অৱ বৰোদাৰ আছিয়ানা শাখাত লকাৰ খুলি হতবাক হৈ পৰে এগৰাকী মহিলা গ্রাহক৷ এবছৰ পূর্বে বেংকৰ লকাৰত কন্যাৰ বিবাহৰ বাবে জমা ৰখা ১৮ লাখ টকা উঁয়ে খোৱা অৱস্থাত দেখি মহিলা গ্রাহকগৰাকী বিবুধিত পৰে৷ মহিলা গ্রাহকগৰাকী এক হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হয়৷ তথ্য মতে, বেংক কর্মচাৰীয়ে কেৱাইচি সন্দর্ভত গ্রাহকগৰাকীক অৱগত কৰাৰ পাছতে গ্রাহকগৰাকীয়ে বেংকলৈ গৈ লকাৰটো খুলি উঁয়ে খোৱা অৱস্থাত নোটখিনি দেখা পায়৷ উঁয়ে তেওঁৰ কন্যাৰ বিবাহৰ বাবে জমা কৰা ১৮ লাখ টকা ধূলিলৈ ৰূপান্তৰিত কৰিছে ৷ বেংকৰ লকাৰত এই অৱস্থাত জমা ধন দেখি মহিলাগৰাকী কান্দোনত ভাগি পৰে বুলিও প্রকাশ পাইছে৷

You might also like