নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ সবাতোকৈ ডাঙৰ ক্ৰিকেট ষ্টেডিয়ামটো হ’ব ভাৰতত

নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰীঃ বিচিচিআইয়ে মঙলবাৰে নিশ্চিত কৰে যে গুজৰাটৰ আহমেদাবাদত হ’ব লগা মোতেৰা ষ্টেডিয়ামেই হ’ব বিশ্বৰ সবাতোকৈ ডাঙৰ ক্ৰিকেট ষ্টেডিয়াম । মুঠ ১ লাখতকৈ অধিক লোক বহিব পৰাকৈ নিৰ্মাণ কৰা এই ষ্টেডিয়ামটোৱে অষ্ট্ৰেলিয়াৰ মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডকো চেৰ পেলাই বিশ্বৰ সবাতোকৈ ডাঙৰ ক্ৰিকেট ষ্টেডিয়াম ৰূপে পৰিগণিত হৈছে ।

১৯৮২ চনত নিৰ্মাণ কৰা এই ক্ৰিকেট ষ্টেডিয়ামত প্ৰথম অৱস্থাত ৪৯,০০০ হাজাৰ লোক বহিব পাৰিছিল । মোতেৰা ষ্টেডিয়ামৰ এই সংখ্যা বৃদ্ধি কৰি পুনঃনিৰ্মাণ কৰা হয় আৰু আগন্তুক ভাৰত ভ্ৰমণৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ষ্টেডিয়ামটো উদ্বোধন কৰিব বুলি জানিব পৰা গৈছে ।

You might also like