নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শীঘ্ৰে দুর্নীতি নিবাৰকৰ জালত পৰিব ৩ দুর্নীতিগ্রস্ত ডিএফঅ’

পিচিচিএফ অভিজিৎ ৰাভাৰে ৰহস্যজনক সংযোগঃজেৰাৰ বাবে সাজু চমন

নিয়মীয়া বাৰ্তা ১৯ ফেব্ৰুৱাৰীঃবন বিভাগৰ বিষয়া হোৱাৰ সুবাদতে সীমাহীন সম্পত্তিৰ গৰাকী হৈ পৰা অভিজিৎ ৰাভাৰ ধনৰ উৎস সম্পর্কে তদন্ত কৰি অসম আৰক্ষীৰ দুর্নীতি নিৰীক্ষণ আৰু নিবাৰক শাখাই লাভ কৰিছে কেতবোৰ বিস্ফোৰক তথ্য৷ কার্বি আংলঙত কর্মৰত বিশেষ পিচিচিএফ অভিজিৎ ৰাভাৰ সোঁৱে–বাঁৱে ধন সংগ্রহৰ যজ্ঞত হাত উজান দিছিল আৰু বহু উচ্চপদস্থ বিষয়াই৷ এক কথাত ক’বলৈ গ’লে অভিজিৎ ৰাভাৰ নেতৃত্বত বন বিভাগত গঢ়ি উঠিছিল দুর্নীতিগ্রস্ত বিষয়াৰ এটা শক্তিশালী লবী৷ এই লবীটোৱে সমগ্র বিভাগটোত দুর্নীতিৰ মহামেলা পাতিছিল৷ ইয়াৰে এক সামান্য অংশ দুর্নীতি নিবাৰক শাখাৰ শেহতীয়া অভিযানত পোহৰলৈ আহিছে৷ ইতিমধ্যে কার্বি আংলঙৰ বিশেষ পিচিচিএফ অভিজিৎ ৰাভাৰ কার্যালয়, ডিফুৰ চৰকাৰী বাসভৱন আৰু গুৱাহাটীৰ ৰাজগড়ত থকা বাসভৱনত অভিযান চলাই জীৱন বীমাৰ পলিচী, ৱাকি টকী, বেংক পাছবুকৰ লগতে নগদ ধন জব্দ কৰিছে৷ তদুপৰি কার্বি আংলঙৰ ডিফুৰ বাসভৱনত অভিযান চলাই অহাৰ সময়ত পিচিচিএফগৰাকীৰ এগৰাকী ঘনিষ্ঠ মহিলা কর্মচাৰীকো আটক কৰা হৈছে৷ কেওট উপাধিৰ এইগৰাকী মহিলা কর্মচাৰীক পশ্চিম কার্বি আংলঙৰ ডিএফ’ কার্যালয়ৰ পৰা ডেপুটেচনত নি ডিফুৰ অভিজিৎ ৰাভাৰ কার্যালয়ত সংলগ্ণ কৰিছিল৷ আনকি মহিলাগৰাকীৰ একাউণ্টতে বৃহৎ অংকৰ ধন জমা ৰাখিছিল এইগৰাকী বন বিষয়াই৷ এতিয়া মহিলা কর্মচাৰীগৰাকীক কৰা জেৰাৰ সময়ত পোহৰলৈ আহিছে আৰু বহু বিস্ফোৰক তথ্য৷ আৰক্ষী সূত্রৰ খবৰ অনুসৰি বিশেষ পিচিচিএফ অভিজিৎ ৰাভাক পিচিচিএফ তথা বন সুৰক্ষা বাহিনীৰ মুৰব্বী পাতিবলৈ ধনে–জনে সহায় কৰিছিল কেইবাজনো ডিএফ’ৱে৷ এইক্ষেত্রত তিনিজন ডিএফ’ৰ লগত অভিজিৎ ৰাভাই সঘনে যোগাযোগ ৰখাৰ তথ্যও আৰক্ষীৰ হাতত পৰিছে৷ এই তিনিজন ডিএফ’ৰ ভিতৰত অন্যতম হ’ল নগাঁৱত কর্মৰত ডিএফ’গৰাকী৷ ডিফুৰ পৰা নগাঁৱলৈ অভিজিৎ ৰাভাৰ প্রায়ে আহ–যাহ চলিছিল৷ এই আহ–যাহৰ কাৰণ ব্যাখ্যা নিষ্প্রয়োজন৷ আৰক্ষী সূত্রটোৱে অৱশ্যে তদন্তৰ খাতিৰত ডিএফ’জনৰ নাম প্রকাশৰ পৰা বিৰত থাকে৷ কিন্তু নগাঁৱৰ ডিএফ’গৰাকীসহ ৰাভাৰ ঘনিষ্ঠ তিনিজন ডিএফ’ক জেৰাৰ বাবে চমন জাৰি কৰাৰ সম্ভাৱনা ব্যক্ত কৰে৷ প্রণিধানযোগ্য যে নগাঁৱত কর্মৰত ডিএফ’গৰাকীয়ে ইয়াৰ পূর্বে শোণিতপুৰত কার্যনির্বাহ কৰিছিল৷ সেই সময়ত তেওঁৰ নাম সাঙোৰ খাই পৰিছিল গছ কটা কেলেংকাৰিৰ লগত৷ তেতিয়াৰ বন বিভাগৰ নর্দার্ন আছাম চার্কোলৰ কনজাৰভেটৰ শিৱ কুমাৰে এই বিয়াগোম কেলেংকাৰিৰ তদন্ত কৰিছিল৷ তদন্তৰ প্রতিবেদনত ডিএফ’জনৰ কেলেংকাৰি সঁচা বুলি উল্লেখ কৰিছিল আৰু এইজন ডিএফ’ক নিলম্বন কৰিবলৈ বনমন্ত্রীক পৰামর্শ আগবঢ়াইছিল৷ কিন্তু ৰহস্যজনক কাৰণত আজিপর্যন্ত তদন্তৰ প্রতিবেদনখন গাপ দি ৰখা হ’ল৷ বিশেষ পিচিচিএফ অভিজিৎ ৰাভাৰ ছত্রছায়াত থকা বাবেই দুর্নীতিগ্রস্ত বিষয়াৰ লবীটোৱে সুৰক্ষা পাই আহিছিল৷ কিন্তু শেহতীয়াকৈ অসম আৰক্ষীৰ দুর্নীতি নিবাৰক শাখাই জাল চপাই অনাৰ লগে লগে বন বিভাগত কর্মৰত অভিজিৎ ৰাভাৰ অনুগামীকেইজনৰো বিপদ নিশ্চিত হৈ পৰিছে৷

You might also like