আজি ৬ অক্টোবৰ, আহিন মাহৰ ১৮ তাৰিখ
শুকুৰবাৰ : তিথি–কৃষ্ণা সপ্তমী, নক্ষত্র : আর্দ্রা, যাত্রা : শুভ
মেষ : পঢ়া–শুনাত বেমেজালিৰ সৃষ্টি হ’ব৷ যাত্রা কৰোঁতে সাৱধান হ’ব৷ সন্তানৰ স্বাস্থ্যক লৈ চিন্তিত৷ কমলা ৰঙৰ বস্ত্র পৰিধান কৰিব৷ শুভ ৰং কমলা, শুভ সংখ্যা ৩৷
বৃষ : সামাজিক সুনাম হানি হোৱাৰ আশংকা৷ বিদ্যাত শুভ৷ শুভ ৰং নীলা, শুভ সংখ্যা ২৷
মিথুন : সাংস্কৃতিক কামত জড়িতসকল উপকৃত হ’ব৷ ব্যৱসায়–বাণিজ্যত নতুন প্রেৰণা লাভ কৰিব৷ বিদ্যাত জটিলতাই দেখা দিব৷ শুভ ৰং বগা, শুভ সংখ্যা ১৷
কর্কট : আর্থিকত বিশেষ অসুবিধা দেখা নাযায়৷ প্রাপ্য ধন আদায় কৰিব পাৰিব৷ কর্মত সাফল্য আৰু মর্যাদা বৃদ্ধি পাব৷ প্রেমত বাধা৷ শুভ ৰং কমলা, শুভ সংখ্যা ৫৷
সিংহ : যান–বাহনৰ ব্যৱসায় কৰাসকলৰ অর্থ লাভৰ যোগ৷ প্রিয়জনৰ সান্নিধ্যই উপকৃত কৰিব৷ বিদ্যাত থকা জটিলতা দূৰ হ’ব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ২৷
কন্যা : পাৰিবাৰিক দিশত কোনো শুভ কার্য সম্পন্ন হোৱাৰ সম্ভাৱনা আছে৷ বেচৰকাৰী চাকৰিয়ালসকলে কর্মক্ষেত্রত বাধা পাব পাৰে৷ শুভ ৰং বগা, শুভ সংখ্যা ৭৷
তুলা : ব্যৱসায়ত আয়ৰ পথ মুকলি হ’ব৷ পুৱা যাত্রা কৰিব পাৰে৷ শুভ ৰং বগা, শুভ সংখ্যা ৩৷
বৃশ্চিক : অংশীদাৰী ব্যৱসায়ত উপকৃত হ’ব৷ গতিকে চাই–চিতি যাত্রা কৰিব৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৪৷
ধনু : বন্ধুবর্গৰ লগত সু–সম্পর্ক স্থাপন৷ পুৱাৰ ভাগত কৰা যাত্রা শুভ হ’ব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৮৷
মকৰ : এই সময়ত লেনদেনৰ কামত জড়িত নথকাই ভাল৷ কর্মচাৰীসকলৰ বাবে বিশেষ শুভ৷ প্রেমত সমস্যাৰ সন্মুখীন হ’ব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৬৷
কুম্ভ : দিনটোত ধনকষ্ট পাব পাৰে৷ পুৰণা ব্যাধিয়ে কিছু কষ্ট দিব৷ বিদ্যাত বাধা৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৬৷
মীন : ধনাগমন বৃদ্ধি পাব৷ বগা ৰঙৰ বস্ত্র পৰিধান কৰিলে দিনটো শুভ হ’ব৷ যাত্রাৰ বাবে শুভ৷ ৰাতি নিৰামিষ আহাৰ গ্রহণ কৰিব৷ শুভ ৰং বগা, শুভ সংখ্যা ৩৷