ভাৰতৰ শত্ৰুপক্ষলৈ যাব নেকি মালদ্বীপ?
প্রতিৱেশী ৰাষ্ট্রৰে ভাতৃত্বমূলক সম্পর্ক ৰক্ষা কৰি চলাটো ভাৰতৰ বৈদেশিক নীতিৰ এটা প্ৰধান স্তম্ভ৷ দেশখন স্বাধীন হোৱাৰে পৰা নতুন দিল্লীয়ে প্রতিৱেশী ৰাষ্ট্রকেইখনৰ সৈতে মধুৰ সম্পর্ক গঢ়া আৰু ইয়াক নিষ্ঠাসহকাৰে মানি চলাৰ নীতি মানি আহিছে৷ প্রতিৱেশী ৰাষ্ট্রৰ বাবে ভাৰতৰ নীতিটো হৈছে সকলোৰে সৈতে সম্পর্কক মর্যাদাৰ ভেটিত প্রতিষ্ঠা কৰা৷ আকাৰত সৰু অথবা আর্থিক–সামৰিক আদি দিশত দুর্বল হ’লেও ভাৰতে কোনো প্রতিৱেশী ৰাষ্ট্রৰ সৈতে দাদাগিৰিৰ দৰে আচৰণ নকৰে৷ সকলোকে সমান চকুৰে, সমান মর্যাদা আৰু গুৰুত্ব দি এখন ভাল প্রতিৱেশী ৰাষ্ট্রৰ দায়িত্ব পালন কৰি আহিছে নতুন দিল্লীয়ে৷ দেশকেইখনৰ প্রগতিতো ভাৰতবর্ষই যথাসম্ভৱ সহায় আৰু সহযোগিতা কৰি আহিছে৷ এসময়ত ভাৰতৰ আর্থিক সক্ষমতা সিমান নাছিল৷ ইমান সীমাবদ্ধতা সত্ত্বেও নতুন দিল্লীয়ে ভূটান, ম্যানমাৰ, বাংলাদেশ, শ্রীলংকা, নেপাল, মালদ্বীপ আদি সকলোতে উন্নয়নমূলক আঁচনিত ধন বিনিয়োগ অথবা ব্যয় কৰি আহিছে৷ বর্তমান ভাৰতবর্ষ বিশ্বৰ পঞ্চম আর্থিক মহাশক্তি৷ আজিৰ তাৰিখত প্রতিৱেশী ৰাষ্ট্রক সহায় কৰিব পৰা ভাৰতৰ শক্তি অফুৰন্ত৷ শ্রীলংকা ইয়াৰ শেহতীয়া উদাহৰণ৷ দেউলীয়া হৈ পৰা দেশখনৰ সাম্প্রতিক স্থিৰমুখী অৱস্থাটো ভাৰতৰ দান৷ প্রতিৱেশী ৰাষ্ট্রৰ ক্ষেত্রত ভাৰতৰ মৈত্রীপূর্ণ নীতিটোৰ সন্মুখত এটা প্রধান হেঙাৰ আৰু প্রত্যাহ্বান হৈ আছে সাম্রাজ্যবাদী চীন৷ দেশখনে ভাৰতবর্ষক চতুর্দিশৰ পৰা ঘেৰিবলৈ ভাৰতৰ প্রতিৱেশী ৰাষ্ট্রত বিভিন্ন ধৰণৰ চক্রান্ত কৰে৷ প্রসংগক্রমে এটা কথা উল্লেখ কৰিব পাৰি, চীনৰ বাহিৰে যে ভাৰতৰ এখনো প্রতিৱেশী ৰাষ্ট্রৰ আর্থিক অৱস্থা ভাল নহয়৷ দেশকেইখনৰ ৰাজনৈতিক নেতৃত্বই বিচাৰিলেও উন্নয়নমূলক কাম–কাজ কৰিব নোৱাৰে৷ পুঁজিৰ অভাৱ৷ চীনে এনে দেশক সদায়েই লক্ষ্য হিচাপে লয়৷ দেশসমূহত উন্নয়নমূলক কাম–কাজত বেইজিঙে কোটি কোটি টকা বিনিয়োগ কৰে৷
কিন্তু চীনৰ উদ্দেশ্য দেশকেইখনৰ বিকাশ সাধন কৰা নহয়৷ চীনৰ আচল মতলবটো হৈছে দেশকেইখনক ঋণৰ মৰণফান্দত পেলোৱা, যাতে দেশকেইখনৰ ভূমি তথা বিভিন্ন সম্পদ হস্তগত কৰিব পৰা যায়৷ তদুপৰি দেশসমূহক ভাৰতৰ বিৰুদ্ধে কাম–কাজত লিপ্ত হ’বলৈ বাধ্য কৰোৱা৷ চীনৰ এই চক্রান্তমূলক নীতিটো প্রতিফলিত হৈছে চীন আৰু পাকিস্তানৰ ক্ষেত্রত৷ শ্রীলংকা দেউলীয়া হোৱাত বিশ্ববাসীৰ সন্মুখত চীনৰ ঋণৰ মৰণফান্দখন পোহৰলৈ আহে৷ চীনৰ ঋণৰ ভয়ংকৰ জালখনৰ পৰা আর্থিকভাৱে দুর্বল দেশক ৰক্ষা কৰিবলৈ আমেৰিকা যুক্তৰাষ্ট্র, ভাৰতকে ধৰি বহু দেশে বিকাশৰ বাবে পুঁজি গঠনৰ পোষকতা কৰিছে৷ তৎসত্ত্বেও আজিৰ তাৰিখত বিশ্বত কিছুমান এনে দেশ আছে, যিয়ে জানি–শুনিও চীনৰ মৰণফান্দখনত ভৰি দিব বিচাৰে৷ অৱশ্যে দেশ বুলি কোৱাতকৈ ধনলোলুপ নেতা বুলিহে কোৱাটো সমীচীন হ’ব৷ পাকিস্তানত তেনে নেতাৰ অভাৱ নাই৷ দেশখনৰ সামৰিক নেতৃত্বও একে পথৰে পথিক৷ চীনৰ ঋণৰ মৰণফান্দখনত এতিয়া ভালদৰেই বন্দী হৈ পৰিছে ইছলামাবাদ৷ ইয়াৰ ফলত দেশখনৰ সার্বভৌমত্ব একপ্রকাৰ চীনৰ বন্ধকলৈ গৈছে৷ শেহতীয়াকৈ একে পথেৰে খোজ দিবলৈ ওলাইছে ভাৰত মহাসাগৰৰ বুকুত অৱস্থিত মনোৰম প্রাকৃতিক দৃশ্যৰে সমৃদ্ধ মালদ্বীপ৷ দ্বীপৰাষ্ট্রখনত শেহতীয়াকৈ হোৱা ৰাজনৈতিক পট পৰিৱর্তনে ভাৰতৰ বাবে দুশ্চিন্তা কঢ়িয়াই আনিছে৷ দেশখনৰ সদ্যসমাপ্ত সাধাৰণ নির্বাচনৰ জৰিয়তে ৰাষ্ট্রপতি হিচাপে নির্বাচিত হৈছে মহম্মদ মুইজু৷ এইগৰাকী ব্যক্তি কট্টৰ চীনপন্থী হিচাপে পৰিচিত৷ নির্বাচনত তেওঁ ভাৰতবিৰোধী ধ্বনিৰে সাফল্য অর্জন কৰিছে৷ এই কথা চীনে জানে৷ ইয়াৰ পূর্বৰ ৰাষ্ট্রপতিগৰাকী আছিল ইব্রাহিম ছোলি৷ তেওঁ ভাৰতৰ পৰম মিত্র হিচাপে পৰিচিত৷ এই সময়ছোৱাত দেশখনৰ পৰা একপ্রকাৰ এঘৰীয়া হৈ পৰা চীনে মালদ্বীপত নতুনকৈ খোপনি পোতাৰ অপচেষ্টা চলাব৷ ভাৰত মহাসাগৰত ভাৰতৰ আধিপত্যক প্রত্যাহ্বান জনাবলৈ মালদ্বীপৰ ৰাজনৈতিক নেতৃত্ব আৰু ভূমি ব্যৱহাৰ কৰাটো একপ্রকাৰ খাটাং৷ এইক্ষেত্রত ভাৰতে আৱশ্যকীয় নীতি গ্রহণ কৰি আগ নাবাঢ়িলে চীনে আৰু এখন ৰাষ্ট্রক ভাৰতৰ শত্রু হিচাপে ব্যৱহাৰ কৰিবলৈ সুযোগ পাব৷