নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰৰ গ্ৰামাঞ্চলত গৰাকীবিহীন গৰুৰ আতংক

নিয়মীয়া বাৰ্তা, ৬ অক্টোবৰঃ শিৱসাগৰৰ সচেতন মহলৰ ব্যাপক দাবীৰ পৰিপ্ৰেক্ষিত্বত পৌৰ সভাই অতি তৎপৰতাৰে গৰাকী বিহীন গৰুৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান ৷স্বেচ্ছাসেৱী অনুস্থান অৰণ্যনমৰ সহযোগত বিগত এটা মাহ ধৰি অব্যাহত ৰখা অভিযানৰ ফলত চহৰ খনৰ পৰা প্ৰায় দুই শতাধিক গৰাকী বিহীন গৰু জব্দ কৰাৰ পিছতেই ঐতিহ্যমণ্ডিত শিৱসাগৰ চহৰ খন কাৰ্য্যত গৰুৰ আতংকৰ পৰা ৰক্ষা পৰিছে ৷ দীৰ্ঘ সময় ধৰি সঘন পথ দুৰ্ঘটনাৰ অন্যতম কাৰক হিচাবে চিন্হিত গৰাকী বিহীন গৰু সমুহ জব্দ কৰাত স্থানীয় ৰাইজে স্বস্তিৰ নিশ্বাস পেলাইছে যদিও চহৰ খনৰ দাতিকাষৰীয়া অঞ্চলত ক্ৰমাত তীব্ৰত্বৰ হৈ উঠিছে গৰাকী বিহীন গৰুৰ সন্ত্ৰাস আৰু আতংক ৷ একাংশ অবিবেচকী পৰিয়ালে গোহালিৰ গৰু সমুহ পথলৈ খেদি দিয়াৰ ফলত নিয়মিত পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে কেইবা গৰাকীও বয়োজেষ্ঠ ব্যক্তি, উদীয়মান যুৱক গুৰুত্বৰ ভাৱে আহত হয় আই চি ইউৰ কক্ষত জীৱন মৃত্যুৰে যুঁজিব লগীয়াত পৰিছে ৷বিশেষকৈ সাধাৰণ বাইক আৰোহীৰ ক্ষতি সাধন কৰাৰ সমান্তৰালে গধুৰ যান – বাহনৰ খুণ্ডাত মৃত্যু হোৱা গৰুৰ মৰাশক লৈ আন এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে শিৱসাগৰৰ ভিন্ন প্ৰান্তত ৷গৰাকী বিহীন গৰু কিয় পথলৈ খেদি দিছে বুলি প্ৰশ্ন কৰিলেই গৰজি উঠা এই সকল ভদ্ৰ পৰিয়ালে গাড়ীৰ খুন্দাত গৰুৰ মৃত্যু হলেই গৰুৰ গৰাকীৰ দায়িত্বৰ পৰা মূৰ পোলোকা দিয়াৰ দৰে ঘটনাও সংঘটিত হৈছে ৷ফলত গাড়ীৰ খুন্দাত পথৰ ওপৰত পৰি ৰোৱা মৃত গৰুৰ মৰাশ ক লৈ এতিয়া ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে চহৰৰ দাতি কাষৰীয়া অঞ্চল সমুহত ৷বিগত দুটা দিনত নগৰৰ সমীপৰ ৰংঘৰ ছাৰিআলি – জয়সাগৰ সংযোগী এ টি ৰোডত গাড়ীৰ খুন্দাত মৃত্যু হোৱা গৰুৰ শ ক লৈ এক অসহনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ বীৰত্বৰে পথলৈ গৰু খেদি আনৰ জীৱনলৈ বিপদ কঢ়িয়াই অনা এই সকল অবিবেচকী পৰিয়ালে গাড়ীৰ খুন্দাত নিজৰ গৰুৰ মৃত্যু হোৱাৰ পিছত ৰহস্যজনক ভাৱে আমাৰ গৰু নহয় বুলি গা- এৰা দিয়াৰ পিছতেই স্থানীয় ৰাইজৰ মাজত সৃষ্টি হৈছে আন এক গভীৰ সমষ্যাৰ ৷যিহেতু পৌৰ এলেকাৰ বাহিৰত পৌৰ সভাৰ চাফাই কৰ্মীয়ে কোনো জীৱ-জন্তুৰ শ উদ্ধাৰৰ দায়িত্ব নলয় ৷ ফলত পকেটৰ দুই- আঢ়ৈ হাজাৰ টকা খৰচ কৰি পৰিয়ালসমুহে ভাড়াতীয়া চাফাই কৰ্মীৰ হতুৱাই উদঙীয়া গৰুৰ শ স্থানান্তৰ কৰিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷বিগত প্ৰায় এটা সপ্তাহত কেৱল এ টি ৰোডত তিনিটা, নাজিৰা সংযোগী বৰ আলিত দুটা, বেতবাৰীত দুটা, চেৰেকা পাৰ অঞ্চলত দুটাকে ধৰি প্ৰায় ১০টাৰো অধিক গৰুৰ অচিনাক্ত ট্ৰাক, ডাম্পাৰ, নৈশ বাছৰ খুন্দাত মৃত্যু হৈছে৷ দুৰ্ভাগ্যজনক ভাৱে আটাইবোৰ মৃত গৰু নিজৰ পদুলি অথবা ব্যৱসায়ীক প্ৰতিস্থানৰ সন্মুখৰ পৰা আঁতৰাবৰ বাবে পৰিয়াল সমুহে ভাঙিব লগীয়া হৈছে গাঠিৰ ধন ৷আনহাতে ৰংঘৰ ছাৰিআলি, ন আলি, জয়সাগৰ, সুন্দৰপুৰ, আমগুৰি গাও, মেটেকা, বগীদল, সিংহ দুৱাৰ, মেচাগড়, মঠিয়াচিগা অঞ্চলত নিয়মিত পথলৈ খেদি দিয়া গৰুত খুন্দিয়াই ইজনৰ পিছত সিজন গুৰুত্বৰ ভাৱে আহত হৈয়েই আছে ৷আধা ঘন্টাৰ আগতে পথলৈ খেদি দিয়া গৰুৰ বাবে দুৰ্ঘটনা হোৱাৰ পিছতেই সেই সমুহ পৰিয়ালে অতি আচৰিত ধৰণে সেইটো আমাৰ গৰু নহয় বুলি দায়িত্ব এৰে ৷ফলত অতিষ্ঠ ৰাইজে এতিয়া মূৰে – কঁপালে হাত দিয়াৰ লগতে জিলা আয়ুক্তৰ তাৎক্ষনিক হস্তক্ষেপ বিছাৰিছে ৷ৰাইজৰ স্পষ্ট দাবী, যি দৰে জিলা আয়ুক্ত গৰাকীৰ নেতৃত্বত শিৱসাগৰ পৌৰ সভাই স্বেচ্ছাসেৱী অনুস্থানৰ সহযোগত শিৱসাগৰ চহৰক উদঙীয়া গৰু মুক্ত কৰিলে অনুৰূপ ধৰণে পঞ্চায়ত এলেকা সমুহতো উদঙীয়া গৰুৰ বিৰুদ্ধে অভিযান চলাবৰ বাবে দাবী জনাইছে ৷জানিব পৰা মতে ইতিমধ্যে শিৱসাগৰ পৌৰ সভাৰ এই সাহসী প্ৰচেষ্টাক অনুসৰণ কৰি নাজিৰা, আমগুৰি, শিমলুগুৰি পৌৰ সভাইয়ো দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে উদঙীয়া গৰু জব্দ কৰি জৰিমণা বিহাৰ বাবে প্ৰস্ততি চলোৱাৰ বাতৰি পোৱা গৈছে ৷সচেতন ৰাইজে গ্ৰাম্য অঞ্চলৰ বাট- পথ সমুহৰ পৰা উদঙীয়া গৰুৰ আতংক হ্ৰাস কৰিবলৈ জিলা পৰিষদৰো পুৰ্ণ সহযোগিতা কামনা কৰিছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like