নিয়মীয়া বাৰ্তা, ৭ অক্টোবৰ : নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ বাহালৰ দাবীত আজি ধুবুৰীত ধুবুৰী জিলা কৰ্মচাৰী পৰিষদৰ উদ্যোগত তিনিঘন্টীয়া এক অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়িত হয়। সদৌ অসম কৰ্মচাৰী পৰিষদৰ নিৰ্দেশ মৰ্মে চহৰখনৰ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ নাতিদূৰত থকা ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত আয়োজিত সেই প্ৰতিবাদী কাৰ্য্যসূচী দিনৰ ১১ বজাৰ পৰা দুপৰীয়া ২ বজালৈ অনুষ্ঠিত হয়। হাতে হাতে প্লেকাৰ্ড লৈ পুৰণি পেঞ্চন নীতি বাহালৰ দাবীত বিভিন্ন শ্লোগানেৰে আজি ধৰ্মঘটস্থলী উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে।