নিয়মীয়া বাৰ্তা, ১৯ ফেব্রুৱাৰীঃ আন্তর্জাতিক নিৰীক্ষণ সংস্থা এফএটিএফে শেহতীয়াকৈ ঘোষণা কৰিছে যে কেইবাটাও সন্ত্রাসবাদী সংগঠনে অবৈধ কাম–কাজৰ জৰিয়তে পুঁজি সংগ্রহ কৰি আহিছে ৷ বিশ্বজুৰি সমর্থকসকলৰ পৰা ধন সংগ্রহ কৰাৰ তথ্য বহু সন্ত্রাসবাদী সংগঠনৰ বিৰুদ্ধে থকা বুলি দাবী কৰিছে আন্তর্জাতিক এই সংস্থাটোৱে ৷ সন্ত্রাসবাদক পুঁজি যোগান ধৰা বিষয়টো নিৰীক্ষণৰ দায়িত্বত থকা এফএটিএফৰ এই ঘোষণাৰ পূর্বে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে সংস্থাটোক কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনাই আহিছে ৷ ভাৰতে অভিযোগ কৰা অনুসৰি পাকিস্তানে লস্কৰ–ই–তৈবা (এলইটি, জইচ–ই–মহম্মদ (জেইএম) আৰু হিজবুল মুজাহিদীন (এইচএম)ৰ দৰে সন্ত্রাসবাদী সংগঠনবোৰক পুঁজি যোগান ধৰাৰ উপৰি বিভিন্ন ধৰণে সাহায্য আগবঢ়াই আহিছে ৷ ভাৰতৰ এই অভিযোগৰ পিছতে এফএটিএফে সন্ত্রাসবাদী সংগঠনবোৰে সমর্থকসকলৰ পৰা পুঁজি সংগ্রহ কৰিবলৈ সক্ষম হোৱা বুলি ঘোষণা কৰা বিষয়টোৱে বিশেষ তাৎপর্য কঢ়িয়াইছে ৷ অৱশ্যে তাৎক্ষণিকভাৱে পাকিস্তান সন্দর্ভত কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাই সংস্থাটোৱে ৷ পেৰিছত মুখ্য কার্যালয় থকা এই সংস্থাটোৱে আগন্তুক অধিৱেশনৰ সময়ত পাক সন্দর্ভত সিদ্ধান্ত গ্রহণ কৰিব ৷