🔹 ধাননিত পেলাই থ’লে নুৰ বাহাৰৰ মৃতদেহ
🔹 অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণক কেন্দ্ৰ কৰি চলিছিল দ্বন্দ্ব
নিয়মীয়া বাৰ্তা, ৭ অক্টোবৰ : গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত সোনামুই গাঁৱৰ পিছফালে ধাননি পথাৰৰ মাজত আজি পুৱা উদ্ধাৰ হয় কংগ্ৰেছ নেতা নুৰ বাহাৰৰ মৃতদেহ। নুৰ বাহাৰে লক্ষীপুৰ ব্লক কংগ্ৰেছৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। পঞ্চাশ বছৰীয়া নুৰ বাহাৰ গোৱালপাৰাৰ পশ্চিম সমষ্টিৰ বিধায়ক আব্দুৰ ৰচিদ মন্ডলৰ সোঁহাতস্বৰূপ আছিল। নুৰ বাহাৰে অংগনৱাড়ী গৃহ নিৰ্মাণৰ ঠিকাদাৰ হিচাপেও কাম কৰিছিল। ঘটনাৰ বিৱৰণী মতে, সোনামুই গাঁৱত অংগনৱাড়ীৰ আদৰ্শ গৃহ নিৰ্মাণৰ বাবে চৰকাৰে টকা আবন্টন দিছিল। গৃহটো কোনটো স্থানত নিৰ্মাণ হ’ব, তাক লৈ এটা ফৈদৰ সৈতে কিছু দিনৰ পৰা অৰিয়াঅৰি চলি আছিল। কালি এটা স্থানত নিৰ্মাণ সামগ্ৰী পেলাইছিল নুৰ বাহাৰে। যোৱা নিশা ন মান বজাত নিজ ঘৰ কুৰ্শাকাটীৰ পৰা সোনামুইলৈ যায় নুৰ বাহাৰ। আজি পুৱা নুৰ বাহাৰৰ মৃতদেহ ধাননি পথাৰৰ মাজত উদ্ধাৰ হয় আৰু ৰাইজৰ মাজত এক হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হয়। হাজাৰ হাজাৰ মানুহ ধাননিৰ মাজত গোট খায়। ইপিনে, লক্ষীপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভীমকান্ত পেগু আৰু চক্ৰ বিষয়া ৰাজীৱ গগৈয়ে ঘটনাস্থলীত উপস্থিত হৈ নুৰ বাহাৰৰ মৃতদেহ উদ্ধাৰ কৰে। পিছত পথাৰৰ মাজৰ পৰা নুৰ বাহাৰৰ মোবাইলটোও উদ্ধাৰ হয়। নুৰ বাহাৰৰ ভাতৃ নুৰ বক্স আৰু স্থানীয় ইউনিট মেম্বাৰ আজিবৰ ৰহমানে অংগনৱাড়ী গৃহ নিৰ্মাণৰ স্থানক কেন্দ্ৰ কৰি হোৱা কাজিয়াৰ ফলতেই তেওঁক হত্যা কৰা হ’ল বুলি প্ৰকাৰান্তৰে কয়। নুৰ বাহাৰৰ শৰীৰৰ কেইবাস্থানত আঘাতৰ চিহ্ন স্পষ্ট হৈ আছিল। আঁঠুৰ তলত বিদ্যুত প্ৰবাহিত হোৱাৰ চিহ্নও আছে । কিন্তু তাত কোনো বিদ্যুতবাহী তাঁৰ নাছিল। এন্দুৰক মাৰিবলৈ কোনোবাই তাঁৰ সংযোগ কৰিলেও ভৰিৰ তালুৰ দুই ইঞ্চি মান ওপৰতহে দাগ থাকিলেহেঁতেন। কিন্তু দাগটো আৰু বহু ওপৰত আছিল। কোনোবা অচিনাক্ত দুৰ্বৃত্তৰ দল এটাই নুৰ বাহাৰক হত্যা কৰি ধাননি পথাৰত মৃতদেহটো পেলাই থোৱা বুলি একাংশ লোকে সন্দেহ প্ৰকাশ কৰিছে। তদন্তমূলে হত্যাকাৰীক শীঘ্ৰেই বিচাৰি উলিয়াই দোষীক কঠোৰ শাস্তি বিহাৰ বাবে বিধায়ক ৰচিদ মন্ডলৰ লগতে ৰাইজে দাবী জনাইছে।
প্ৰেৰক মতিউৰ ৰহমান