নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাকাশচাৰীৰ খাদ্য–অক্সিজেনৰ সমল হ’ব ‘ৱাটাৰমিল’

🔹 পৃথিৱীৰ ক্ষুদ্রতম ফুল ফুলা উদ্ভিদক লৈ গৱেষণাত সফলতা থাইলেণ্ডৰ বিশ্ববিদ্যালয়ৰ

বিশেষ বাৰ্তা, ৮ অক্টোবৰ : মহাকাশত খাদ্য আৰু অক্সিজেনৰ স্থিতি কিদৰে অধিক কৰি তুলিব পাৰি, তাৰ গৱেষণা চলাই আহিছে৷ মহাকাশচাৰীৰ বাবে খাদ্য আৰু অক্সিজেনৰ সমল বৃদ্ধি কৰাক লৈ চলাই থকা গৱেষণাত থাইলেণ্ডৰ মাহিদল বিশ্ববিদ্যালয়ৰ বিজ্ঞানীয়ে গুৰুত্বপূর্ণ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ পৃথিৱীৰ ক্ষুদ্রতম ফুল ফুলা উদ্ভিদ ‘ৱাটাৰমিল’ৰ ওপৰত চলোৱা গৱেষণাত বিজ্ঞানীৰ দলটোৱে এই নিশ্চিতি লাভ কৰিবলৈ সক্ষম হৈছে যে ‘ৱাটাৰমিল’ মহাকাশচাৰীৰ বাবে লাভজনক হ’ব৷ ‘ৱাটাৰমিল’–এ সালোক সংশ্লেষণৰ জৰিয়তে অক্সিজেন প্রচুৰ পৰিমাণে উৎপাদন কৰাৰ লগতে এই ক্ষুদ্র ফুল ফুলা উদ্ভিদবিধ অতি পুষ্টিদায়ক৷ থাইলেণ্ডৰ মাহিদল বিশ্ববিদ্যালয়ৰ বিজ্ঞানীয়ে নেদাৰলেণ্ডৰ ইউৰোপীয় মহাকাশ সংস্থাৰ এষ্টেক টেকনিকেল কেন্দ্রত এই গৱেষণা চলাইছিল৷ জলজ উদ্ভিদৰ ওপৰত গৱেষণা চলাই থকা বিজ্ঞানীৰ দলটোৱে পৃথিৱীৰ ক্ষুদ্রতম ফুল ফুলা উদ্ভিদ ‘ৱাটাৰমিল’ক বাছি লয় আৰু ইয়াৰ ওপৰত গৱেষণা চলাই এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ পানীত ওপঙি থকা শিপাহীন, কাণ্ডহীন এই জলজ উদ্ভিদবিধৰ জৰিয়তে মহাকাশচাৰীয়ে মহাকাশত থকা সময়ত খাদ্য আৰু অক্সিজেনৰ অভাৱ পূৰণ কৰিব পাৰিব বুলিও গৱেষকৰ দলটোৱে প্রকাশ কৰিছে ৷ এই উদ্ভিদবিধ অনায়াসে মহাকাশলৈ লৈ গৈ ইয়াৰ পৰা লাভ আদায় কৰিব পাৰিব৷

You might also like