নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুর্ঘটনাত বলিৰ দেহ জলাশয়ত নিক্ষেপ

🔹 বিহাৰ আৰক্ষীৰ কার্যক লৈ চাঞ্চল্য

বিশেষ বাৰ্তা, ৯ অক্টোবৰ : বিহাৰৰ মুজফফৰপুৰত আৰক্ষী বিষয়াই দুর্ঘটনাত নিহত লোকৰ মৃতদেহ এটা জলাশয়ত পেলাই দিয়া ভিডিঅ’ প্রকাশ হোৱাৰ লগে লগে তীব্র চাঞ্চল্যৰ সৃষ্টি হয়৷ এই ভিডিঅ’ বনাইছিল ঘটনা প্রত্যক্ষ কৰা পথচাৰীয়ে৷ উল্লেখনীয় যে দুর্ঘটনাত প্রাণ হেৰুওৱা লোকৰ মৰণোত্তৰ অৱশিষ্টৰ এটা পেকেট লাঠীৰে দলঙৰ পৰা জলাশয়ত পেলাই দিয়ে আৰক্ষী বিষয়াই৷ এই ভিডিঅ’ প্রকাশ হোৱাৰ পিছতে বিহিত ব্যৱস্থা গ্রহণ কৰা হৈছে আৰক্ষী বিষয়াৰ বিৰুদ্ধে৷ উল্লেখনীয় যে জ্যেষ্ঠ আৰক্ষী বিষয়াই এই ঘটনা সন্দর্ভত তদন্ত কৰি অভিযুক্তসকলৰ বিৰুদ্ধে নজিৰবিহীন শাস্তিৰ ব্যৱস্থা কৰা হ’ব বুলি ঘোষণা কৰিছে৷ ইফালে, এই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ লগে লগে বিৰোধী বিজেপিয়ে নীতিশ কুমাৰ চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰিছে৷ নীতিশ চৰকাৰৰ আমোলত আৰক্ষীয়ে মানৱীয় মূল্যবোধৰ সকলো চর্ত হেৰুওৱা বুলি অভিযোগ কৰা হৈছে৷

You might also like