নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০৪ বছৰ বয়সত স্কাইডাইভেৰে অভিলেখ মহিলাৰ

🔹 ১৩ হাজাৰ ফুট উচ্চতাৰ পৰা জঁপিয়ালে ড’ৰোথী হফমেনে

বিশেষ বাৰ্তা, ৯ অক্টোবৰ : বয়স মাথোঁ এটা সংখ্যা, ইচ্ছাশক্তি থাকিলে সকলো সম্ভৱ কৰিব পাৰি৷ এই কথা প্রমাণ কৰিলে আমেৰিকাৰ বাসিন্দা ১০৪ বছৰীয়া ‘তৰুণী’ ড’ৰোথী হফমেনে৷ ১৩ হাজাৰ ফুট উচ্চতাত থকা বিমানৰ পৰা জাঁপ দিলে স্কাইডাইভাৰ ড’ৰোথীয়ে৷ মাটিত অৱতৰণৰ সময়ত তৃপ্তিৰ হাঁহি দেখিবলৈ পোৱা গ’ল শতায়ু অতিক্রম কৰা বৃদ্ধাৰ মুখত৷ আটাইতকৈ বেছি বয়সীয়া স্কাইডাইভাৰ হিচাপে অভিলেখ গঢ়িলে ড’ৰোথীয়ে৷ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে ড’ৰোথীৰ অবিশ্বাস্য স্কাইডাইভৰ ভিডিঅ’৷ সকলোৱে অভিনন্দন জনাইছে শতায়ু অতিক্রম কৰা ড’ৰোথী হফমেনক৷ ভাইৰেল হোৱা ভিডিঅ’ত দেখিবলৈ পোৱা গৈছে কেনেদৰে মাজ আকাশত বিমানৰ পৰা জাঁপ দিছে ড’ৰোথীয়ে৷ লগত আছিল এগৰাকী পেছাদাৰী স্কাইডাইভাৰ৷ সমগ্র প্রক্রিয়াটোত কোনোধৰণে ভীত বা সন্ত্রস্ত হোৱা নাছিল ড’ৰোথী৷ ভিডিঅ’টো শ্বেয়াৰ কৰিছে চিকাগোৰ এটা স্কাইডাইভ সংস্থাই৷ মাটিত নামি অহাৰ পিছত স্থানীয় লোকসকলে উল্লাসেৰে ড’ৰোথীক অভিনন্দন জ্ঞাপন কৰে৷ সাংবাদিকে এই অভিজ্ঞতা কেনে লাগিল বুলি প্রশ্ন কৰা সময়ত ড’ৰোথীয়ে কয় যে অতি সুন্দৰ৷

You might also like