নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰ: বৰপেটাৰ জনিয়া সমষ্টিৰ কান্দাপাৰত জৰাজীৰ্ণ ৰাস্তা মেৰামতিৰ দাবীৰে জনীয়া সমষ্টিৰ বিধায়ক ড০ হাফিজ ৰফিকুল ইছলাম আৰু বৰপেটা লোকসভাৰ সাংসদ আব্দুল খালেকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ ভঙা ৰাস্তাৰ কাষত ‘সন্মুখত বিধায়ক হাফিজ ৰফিকুল ইছলামৰ স্মৃতি গাঁত’ আৰু ‘সন্মুখত সাংসদ আব্দুল খালেকৰ স্মৃতি গাঁত’ আছে ‘গাড়ী সাৱধানে চলাব৷’ বুলি ফলক আঁৰি এক নাভূত নাশ্ৰুত প্ৰতিবাদ কৰে ৰাইজে । বিধায়ক-সাংসদৰ বিৰুদ্ধে ৰাইজৰ এই অভিনৱ প্ৰতিবাদ দেখা গল এখন দলঙৰ ভঙা এপ্ৰোচক কেন্দ্ৰ কৰি। বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ চাউলখোৱা নৈৰ ওপৰত থকা কান্দাপাৰা-কাদং সংযোগী পকী দলঙৰ কাষত সংঘটিত কৰিছে এই কাণ্ড। উল্লেখ্যে যে, কেবাবছৰ পূৰ্বে উক্ত ঠাইত এখন কাঠৰ দলঙ আছিল যদিও কাঠৰ দলঙখন বান-পানীৰ সময়ত পানীৰ সোতে উটুৱাই লৈ যোৱাৰ পিছত চৰকাৰে এখন পকী দলঙ নিৰ্মাণ কৰিছিল। কিন্তু দলঙ নিৰ্মাণৰ কাম ব্যাপক লেহেমীয়া হোৱাৰ ফলত কাম সম্পূৰ্ণ হৈ উঠা নাই। দীৰ্ঘ দিনৰ পৰা দলঙখনৰ দুয়োফালে এপ্ৰোচ খহি গাতৰ সৃষ্টি হোৱাত যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা ভোগ কৰিব লগীয়া হৈছে পথচাৰীয়ে। উক্ত ঠাইত সঘনাই পথ দূৰ্ঘটনা সংঘটিত হৈ থাকে। যাৰ বাবে ৰাইজে উপায়ন্তৰ হৈ দলঙৰ এপ্ৰোছৰ গাতত জনীয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম আৰু বৰপেটাৰ সাংসদ আব্দুল খালেকৰ নামত এইদৰে অভিনৱ পোষ্টাৰ লগাই প্ৰতীকি প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে, ৰাইজে বিধায়ক-সাংসদক অকৰ্মন্য আৰু উন্নয়ণৰ ক্ষেত্ৰত জিৰো’ বুলি ক্ষোভ প্ৰকাশ কৰাৰ লগতে চৰকাৰৰ সু-দৃষ্টি কামনা কৰিছে।
প্ৰেৰক মফিদুল ইছলাম