নিয়মীয়া বাৰ্তা, ১৩ অক্টোবৰ : যোৱা বৃহস্পতিবাৰে নতুন দিল্লীত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় মুন্না পাচোৱান নামৰ হোজাইৰ বিএচএফ এজন জোৱানৰ। আজি মুন্না পাচোৱানৰ মৃতদেহ সামৰিক নিয়মত পালেহি নিজ হোজাইৰ বাসগৃহ। হোজাই ভীমৰৱালী গাঁৱৰ ৰামপোকৰ পাচোৱানৰ প্ৰথম পুত্ৰ মুন্না পাচোৱান ২০০৯ চনত ভৰ্তি হৈছিল ২৫ নাম্বাৰ বিএচএফৰ এজন কনিষ্টবলত হিচাপে। বিগত বৰ্ষত মুন্না পাচোৱান নিউ দিল্লী চাউলাত অৱস্থিত ২৫নং বিএচএফৰ মুখ্য কাৰ্যল্যয়লৈ বদলি হৈছিল। দিল্লীৰ মুখ্য কাৰ্যালয়ত কৰ্মৰত অৱস্থাত অসুস্থ হৈ পৰা মুন্না পাচোৱানক চিকিৎসা ব্যৱস্থা কৰে যদিও যোৱা বৃহস্পতিবাৰে তেওঁৰ মৃত্যু হয়। দিল্লীৰ পৰা আজি মৃতদেহ লৈ অহা পাছত মৃতদেহ লৈ গাঁওবাসীয়ে প্ৰায় পাঁচ শতাধিক যুৱকে মৃতদেহ লৈ প্ৰায় ৫ কিলোমিটাৰ ৰেলী কৰি নিজ গৃহলৈ লৈ আহে মৃতদেহ। গুৱাহাটীৰ পৰা অহা বিএচএফ জোৱানে মুন্নাৰ আত্মীয় সন্মুখত প্ৰথমে সামৰিক কায়দাৰে চালামী প্ৰদান কৰে। মৃতদেহ সতকাৰ স্থলীত সতীৰ্থ বিএচএফ জোৱানসকলে চালামী জনাই। চালামীত ২৪ ৰাউণ্ড গুলি ফুটাই শেষ কৃত্যত সতীৰ্থ বিএচএফৰ কনিষ্টবল মুন্না পাচোৱানৰ শেষকৃত্য সম্পন্ন কৰা হল ।
প্ৰেৰক কিশলয় ডি গোস্বামী