নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গড়গাঁও কলেজত শিক্ষাৰ্থীৰে মত বিনিময় অনুষ্ঠান

🔴নিজক প্ৰতিষ্ঠা কৰাটোও একপ্ৰকাৰৰ সামাজিক অৱদানঃ ড০ পাৰ্থসাৰথি মহন্ত

নিয়মীয়া বাৰ্তা, ১৪ অক্টোবৰঃ শিৱসাগৰৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান গড়গাঁও মহাবিদ্যালয়ত আভ্যন্তৰীণ মান নিৰূপণ কোষ আৰু কেৰিয়াৰ পৰামৰ্শদান কোষৰ উদ্যোগত এক বিশেষ মত বিনিময় অনুষ্ঠান হৈ যায়৷ সমাজ নিৰ্মাণত যুৱ প্ৰজন্মক জড়িত কৰা দৃষ্টিভংগীক প্ৰচাৰ কৰাৰ মানসেৰে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰে ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া তথা অসম আৰক্ষীৰ ডি আই জি (প্ৰশাসনিক) তথা বিশিষ্ট লেখক, অভিনেতা ড০ পাৰ্থসাৰথি মহন্ত আৰু ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া তথা অসম আৰক্ষীৰ ডি আই জি (চি আই ডি) তথা গল্পকাৰ ইন্দ্ৰানী বৰুৱা ৷ অসম আৰক্ষীৰ ডি আই জি পৰ্যায়ৰ দুজন আই পি এছ বিষয়াৰ আগমনত মহাবিদ্যালয়ৰ পৰিয়াল উৎসাহিত হৈ পৰে। দুয়োজন বিষয়াই ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে বহুকেইটা দিশ সামৰি প্ৰেৰণাদায়ক বক্তব্য প্ৰদান কৰে। ছাত্ৰ ছাত্ৰীসকলৰ সামাজিক ভূমিকাৰ বিষয়ে মন্তব্য আগবঢ়াই সমল ব্যক্তি ড০ পাৰ্থসাৰথি মহন্তই কয় যে নিজক প্ৰতিষ্ঠা কৰিব পাৰিলে, নিজৰ লগতে ঘৰখনলৈ অৱদান হোৱাৰ লগতে প্ৰতিষ্ঠিত ক্ষেত্ৰত সঠিক ৰূপত সেৱা আগবঢ়ালে, সেয়াই একপ্ৰকাৰৰ সামাজিক অৱদান হ’ব পাৰে। তেওঁ শিক্ষাৰ্থীসকলক জীৱন গঢ়াৰ বাটত পঢ়াৰ বাহিৰে দ্বিতীয় কোনো বস্তুৰ ভূমিকা নাই বুলি দোহাৰে। তেওঁ ছাত্ৰ ছাত্ৰীসকলক সঠিক লক্ষ্য নিৰ্বাচন কৰি, বৰ্তমান স্বীকৃত প্ৰতিযোগিতামূলক মানসিকতাক বাস্তৱ বুলি গ্ৰহণ কৰি, জীৱন গঢ়াত নিজক সমৰ্পিত কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। অনুষ্ঠানত ভাৰতীয় আৰক্ষী বিষয়া ইন্দ্ৰানী বৰুৱাই চাইবাৰ অপৰাধ আৰু সেই বিষয়ত ল’ব লগা সাৱধানতা সম্পৰ্কে ধাৰণা দিয়ে। সমল ব্যক্তিদ্বয়ে ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত কৃতকাৰ্যতা লাভৰ ক্ষেত্ৰত ল’বলগীয়া পদক্ষেপসমূহো ছাত্ৰ-ছাত্ৰীসকলৰ লগত হোৱা মত-বিনিময়ত প্ৰকাশ কৰে। অনুষ্ঠানত গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সব্যসাচী মহন্ত, আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক ড০ সুৰজিৎ শইকীয়া, কেৰিয়াৰ পৰামৰ্শ দান কোষৰ সমন্বয়ক ড০ দিলীপ কুমাৰ ডেকাকে প্ৰমুখ্যে কৰি মহাবিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকা আৰু তিনি শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

প্ৰেৰক আশ্ৰফুৰ ৰহমান 

You might also like