৭২৪ শিশুসহ দুই সহস্রাধিকৰ মৃত্যু গাজাত
🔹 ইজৰাইলী সেনাৰ ধ্বংসলীলা অব্যাহত
🔹 যুদ্ধজর্জৰ ইজৰাইলৰ পৰা সুকলমে অসম আহি পালে পাঁচ শিক্ষার্থী
বিশেষ বাৰ্তা, ১৫ অক্টোবৰ : হামাছ সন্ত্রাসবাদীৰ বিৰুদ্ধে গাজাত আকাশমার্গেৰে প্রচণ্ড আক্রমণ চলোৱাৰ পিছত ইজৰাইলী সেনাই স্থলভাগেৰে গাজা ষ্ট্রিপত অভিযান আৰম্ভ কৰিছে৷ ইজৰাইলৰ ভূমিত হামাছ সন্ত্রাসবাদীয়ে ৰকেটেৰে ভয়াৱহ আক্রমণ চলোৱাৰ পিছতে ৭ অক্টোবৰৰ পৰা ইজৰাইলী সেনাই গাজা ষ্ট্রিপত প্রচণ্ড বোমাবর্ষণ কৰিছে৷ ধ্বংসস্তূপত পৰিণত কৰি পেলোৱা গাজাত ইজৰাইলী সেনাৰ আক্রমণত ৭২৪তকৈ অধিক শিশুসহ দুই সহস্রাধিক লোক নিহত হৈছে৷ ইজৰাইলী সেনাই গাজাৰ উত্তৰ প্রান্তৰ পৰা ১১ লাখ পেলেষ্টাইনীক ২৪ ঘণ্টাৰ ভিতৰত দক্ষিণ প্রান্তলৈ যাবলৈ নির্দেশ দিয়াৰ পিছত উক্ত অঞ্চলৰ পৰা ৪ লক্ষাধিক লোক স্থানান্তৰিত হৈছে৷ হামাছক নিঃশেষ নকৰালৈকে যুদ্ধৰ কোনো সীমা নাই বুলি ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেতান্যেহুৱে পুনৰ হুংকাৰ দিয়াৰ পিছতে গাজা ষ্ট্রিপত স্থলভাগেৰে প্রৱেশ কৰি টেংকেৰে সন্ত্রাসবাদী নিধনৰ অভিযান চলাইছে ইজৰাইলী সেনাই৷ ইজৰাইলী সেনাৰ আক্রমণত হামাছ সন্ত্রাসবাদীৰ দুজনকৈ শীর্ষনেতা নিহত হৈছে৷ সেনাই দাবী কৰা মতে, ইজৰাইল আক্রমণত ৰকেট নিক্ষেপ তথা আকাশমার্গ আক্রমণত নেতৃত্ব দিয়া হামাছৰ দুর্ধর্ষ কমাণ্ডাৰ নিহত হৈছে৷ গাজী চিটীৰ পৰা ইজৰাইললৈ ৰকেট নিক্ষেপ কৰা অভিযানৰ দায়িত্ব বহনকাৰী হামাছৰ কমাণ্ডাৰজনক ইজৰাইলৰ যুদ্ধবিমানেৰে আক্রমণ চলাই হত্যা কৰে৷ ইজৰাইলী সেনাৰ হাতত নিহত হামাছৰ কমাণ্ডাৰজনক মুৰাদ আবু মুৰাদ বুলি চিনাক্ত কৰিছে৷ উল্লেখনীয় যে হামাছ সন্ত্রাসবাদী আৰু ইজৰাইলী সেনাৰ আক্রমণ–প্রত্যাক্রমণত ইজৰাইলত ১,৩০০তকৈ অধিক লোক নিহত হোৱাৰ বিপৰীতে গাজাত ইজৰাইলী সেনাৰ আক্রমণত ৭২৪টি শিশুসহ ২,২১৫ পেলেষ্টাইনী নিহত হৈছে৷ ইপিনে, ইজৰাইলী সেনাই লেবাননত আক্রমণ চলোৱাত ৰয়টার্ছৰ এজন সাংবাদিক নিহত হোৱাৰ লগতে ৬জন আহত হৈছে৷ ইজৰাইলী সেনাৰ ৰকেট আক্রমণত ৰয়টাৰৰ ভিডিঅ’ জার্নেলিষ্ট এজন নিহত হোৱাৰ বিপৰীতে অল জাজিৰাকে ধৰি বিভিন্ন প্রতিষ্ঠানৰ ৬জন সাংবাদিক আহত হৈছে৷ ইজৰাইলী সেনাৰ এই বর্বৰ আক্রমণক লেবাননৰ প্রধানমন্ত্রী নাজিব নিকাটিয়ে গৰিহণা জনাইছে৷ আনহাতে ইজৰাইলী সেনাৰ আক্রমণত সাংবাদিক নিহত আৰু আহত হোৱাৰ বাবে দুখ প্রকাশ কৰিছে ইজৰাইল চৰকাৰে৷ লক্ষণীয় যে লেবাননৰ হিজবুল্লাই ইজৰাইলৰ বিৰুদ্ধে যুঁজত হামাছক পূর্ণ সমর্থন জনাই এই যুঁজত অংশ ল’বলৈ সম্পূর্ণ সাজু হৈ আছে বুলি ঘোষণা কৰিছে৷ ইৰানৰ পৃষ্ঠপোষকতাত লেবাননত থিতাপি লৈ থকা হিজবুল্লাই পেলেষ্টাইনৰ হামাছক সহায় কৰিবলৈ সাজু হৈ থকা বুলি হিজবুল্লাৰ উপ–মুৰব্বী নেইম কাছিমে ঘোষণা কৰিছে৷ আনপিনে হামাছৰ সৈতে ইজৰাইলী সেনাৰ যুদ্ধ চলি থকাৰ পৰিপ্রেক্ষিতত আমেৰিকা যুক্তৰাষ্ট্রই আগবঢ়োৱা শান্তি আলোচনাৰ প্রস্তাৱ ছৌদি আৰবে নাকচ কৰিছে৷ ছৌদি আৰবৰ ৰাজকুমাৰ মহম্মদ বিন ছলমানে ইৰানৰ ৰাষ্ট্রপতি ইব্রাহিম ৰাইজিৰ সৈতে হামাছৰ বিৰুদ্ধে ইজৰাইলী সেনাৰ আক্রমণত আমেৰিকা যুক্তৰাষ্ট্রৰ সহযোগিতাক লৈ আলোচনা কৰে৷ ইয়াৰ পিছতে হামাছ আৰু ইজৰাইলী সেনাৰ মাজত যুদ্ধক লৈ শান্তি আলোচনা বাতিল কৰে ছৌদি আৰবে৷ শেহতীয়া তথ্য মতে, হামাছ সন্ত্রাসবাদীৰ বিৰুদ্ধে ইজৰাইলী সেনাৰ প্রচণ্ড আক্রমণৰ বিষয়টোক লৈ ইছলামিক বিশ্বৰ দেশসমূহে জৰুৰীভাৱে বৈঠক আয়োজন কৰিছে৷ এই বৈঠকত কি ধৰণৰ সিদ্ধান্ত গ্রহণ কৰা হয়, সেয়া এতিয়াও জানিব পৰা হোৱা নাই যদিও ইজৰাইল–হামাছৰ যুদ্ধত শান্তি কিদৰে উভতি আহে, তাৰ ওপৰত গুৰুত্ব দিয়া হ’ব৷
যুদ্ধজর্জৰ ইজৰাইলৰ পৰা সুকলমে ঘৰলৈ উভতিল অসমৰ ৫ শিক্ষার্থী
ষ্টাফ ৰিপ’ৰ্টাৰ : হামাছ সন্ত্রাসবাদীয়ে ভয়ংকৰ পৰিৱেশ সূচনা কৰা সময়তে ভাৰত চৰকাৰৰ তৎপৰতাত যুদ্ধজর্জৰ ইজৰাইলৰ পৰা সুকলমে আহি অসম পালেহি ৫ শিক্ষার্থী৷ ইজৰাইললৈ উচ্চ শিক্ষা গ্রহণৰ অর্থে যোৱা শিক্ষার্থীকেইজন হৈছে– সুৰজিৎ কলিতা, বিবেক ছেত্রী, প্রীতম শর্মা, নাজিহা তাৰান্নাম আৰু দেৱজিৎ৷ যুদ্ধৰ বিভীষিকাৰ মাজত আবদ্ধ হৈ থকা বহু ভাৰতীয় লোকৰ সৈতে একেলগে আছিল শিক্ষার্থীকেইজন৷ নিজৰ দেশৰ নাগৰিকক উদ্ধাৰৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰা অপাৰেচন অজয়ৰ অধীনত প্রথমখন বিশেষ বিমানেৰে ইজৰাইলৰ পৰা ২১২জন ভাৰতীয়ক সুকলমে দেশলৈ ঘূৰাই অনাৰ পিছত কালি দ্বিতীয়খন বিশেষ বিমানেৰে ২৩৫জন ভাৰতীয়ক দেশলৈ ঘূৰাই আনে কেন্দ্রীয় চৰকাৰে৷ অসমৰ ৫গৰাকী শিক্ষার্থীও এই দ্বিতীয়খন বিশেষ বিমানত কালি তেলআভিভৰ পৰা আহি নতুন দিল্লীত পুৱা উপস্থিত হয়৷ কালি দিনৰ ভাগত শিক্ষার্থীকেইজন আহি অসমত উপস্থিত হয়৷ ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্রী ৰঞ্জিত কুমাৰ দাসে টুইটাৰযোগে এই কথা সদৰী কৰিছে৷ টুইটটোত মন্ত্রী দাসে শিক্ষার্থীকেইজনক অসমলৈ সুৰক্ষিতভাৱে ঘূৰাই অনাৰ ক্ষেত্রত প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে লোৱা পদক্ষেপৰ কৃতজ্ঞতা জ্ঞাপন কৰে৷ মন্ত্রীগৰাকীয়ে ৫জন শিক্ষার্থীৰ মাজৰ পৰা তিনিজনৰ সৈতে টেলিফোনযোগে বার্তালাপ কৰি ইজৰাইলৰ যুদ্ধজর্জৰ পৰিৱেশৰ বুজ লয়৷ উল্লেখ্য যে কালি যুদ্ধজর্জৰ ইজৰাইলৰ পৰা আহি ভাৰতত উপস্থিত হোৱা ২৩৫গৰাকী ভাৰতীয় নাগৰিকৰ ভিতৰত দুটি কেঁচুৱাও আছে৷ কেন্দ্রীয় বৈদেশিক পৰিক্রমা মন্ত্রালয়ৰ ৰাজ্যিক মন্ত্রী ৰাজকুমাৰ ৰঞ্জন সিঙে কালি দিল্লী বিমানবন্দৰত উপস্থিত হৈ ইজৰাইলৰ পৰা আহি উপস্থিত হোৱা নাগৰিকৰ সৈতে বার্তালাপো কৰে৷ উল্লেখ্য যে নিজৰ দেশৰ নাগৰিকক যুদ্ধজর্জৰ পৰিৱেশৰ পৰা উদ্ধাৰৰ বাবে কেন্দ্রীয় চৰকাৰে ঘোষণা কৰিছিল অপাৰেচন অজয়৷ সেই অনুসৰি যোৱা ১৩ অক্টোবৰৰ পৰা ভাৰতীয়ক উদ্ধাৰৰ অভিযান আৰম্ভ কৰিছিল কেন্দ্রীয় চৰকাৰে৷ কেন্দ্রীয় বৈদেশিক মন্ত্রালয়ে প্রকাশ কৰা মতে, ইজৰাইলৰ যুদ্ধজর্জৰ পৰিৱেশত আবদ্ধ প্রতিজন ভাৰতীয়ক ফার্ষ্ট কাম ফার্ষ্ট ছার্ভৰ অধীনত পঞ্জীয়ন কৰাই স্বদেশলৈ ওভতাই অনা প্রক্রিয়া অব্যাহত থাকিব৷